প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ অতুলনীয় শক্তি আৰু দায়বদ্ধতাত আলোকপাত কৰে

প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত ‘বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ’ত যুৱ নেতাসকলক সম্বোধন কৰিব

प्रविष्टि तिथि: 10 JAN 2026 8:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ প্ৰজন্মৰ মনোভাৱ আৰু দৃঢ়তাত আলোকপাত কৰি আগন্তুক বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ সৈতে মিলিত হ’বলৈ উৎসাহ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ যুৱক-যুৱতীসকল হৈছে তেওঁলোকৰ অতুলনীয় শক্তি আৰু দায়বদ্ধতাৰে এখনি শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়াৰ চালিকা শক্তি। এই আলোচনাই দেশৰ ভিন্ন প্ৰান্তৰ যুৱ নেতাসকলৰ বাবে ধাৰণা, আকাংক্ষাৰাজিৰ আদান-প্ৰদান আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগোৱাৰ এখনি মঞ্চ প্ৰশস্ত কৰিব।

এক্স-ত শ্ৰী মনসুখ মাণ্ডৱিয়াই কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ

“অবিশ্বাস্য উৎসাহ আৰু অতুলনীয় মনোভাৱেৰে ভৰা আমাৰ যুৱক-যুৱতীসকল এখনি শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধ। মই বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগত দেশৰ ভিন্ন প্ৰান্তৰ মোৰ যুৱ বন্ধুসকলৰ সৈতে মত-বিনিময় কৰিবলৈ আগ্ৰহী হৈ উঠিছো। ১২ জানুৱাৰীত অনুষ্ঠিতব্য এই কাৰ্য্যসূচীত আপোনালোক সকলোকে লগ পাম।”

***

MJPS/SR/SB


(रिलीज़ आईडी: 2213319) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam