গৃহ মন্ত্ৰালয়
ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এন এছ জি ৰাষ্ট্ৰীয় আই ই ডি তথ্য ব্যৱস্থাপনা ব্যৱস্থা উদ্বোধন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ৬ বছৰত বিভিন্নধৰণৰ তথ্য সৃষ্টি আৰু প্ৰণালীবদ্ধভাৱে সংগ্ৰহ কৰাৰ বাবে গুৰুত্বপূৰ্ণ কাম কৰা হৈছে
এন আই ডি এম এছ সন্ত্ৰাসবাদৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰজন্মৰ সুৰক্ষা কৱচ হৈ পৰিব
সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তদন্ত কৰা, বিস্ফোৰণৰ ধৰণ বুজি পোৱা আৰু সেইবোৰৰ বিৰুদ্ধে ফলপ্ৰসূ ৰণনীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এন আই ডি এম এছ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব
দেশত এতিয়ালৈকে সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ধৰণ, সেইবোৰৰ ৰেহ-ৰূপ আৰু ব্যৱহৃত বিস্ফোৰকসমূহ সঠিকভাৱে বিশ্লেষণ কৰাৰ বাবে এন আই ডি এম এছ শক্তিশালী মঞ্চ হৈ পৰিব
এন আই ডি এম এছে অনুসন্ধানকাৰী সংস্থা আৰু সন্ত্ৰাসবাদবিৰোধী সংগঠনসমূহৰ বাবে বিভিন্ন গোচৰৰ ফাইলত বিক্ষিপ্ত হৈ থকা তথ্যৰ বাবে একক-ক্লিক প্ৰৱেশাধিকাৰ উইণ্ড’ হিচাপে কাম কৰিব
এ আইৰ সহায়ত এন আই ডি এম এছে দেশত এক শক্তিশালী সুৰক্ষা গ্ৰীড সৃষ্টি কৰিবলৈ অন্যান্য তথ্য উৎসৰ সৈতে সংযোগ স্থাপন কৰিব
‘এক ৰাষ্ট্ৰ, এক তথ্য ভাণ্ডাৰ’ৰ জৰিয়তে বিভিন্ন বিভাগত বিক্ষিপ্ত হৈ থকা তথ্য এতিয়া প্ৰতিখন আৰক্ষীৰ প্ৰতিটো গোটৰ বাবে ৰাষ্ট্ৰীয় সম্পদ হিচাপে উপলব্ধ হ’ব
ভাৰতৰ বিশ্বমানৰ শূন্য-ত্ৰুটিযুক্ত বাহিনী এন এছ জিয়ে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে আৰু সন্ত্ৰাসবাদবিৰোধী, বিমান অপহৰণ বিৰোধী আৰু বোমা নিষ্ক্ৰিয় কৰাৰ ক্ষেত্ৰত সুনিশ্চিত ফলাফল লাভ কৰিছে
আইচিজেএছ-২ ‘ৱান ডাটা-ৱান এণ্ট্ৰি’ৰ ধাৰণাৰ ওপৰত আধাৰিত এক পৰৱৰ্তী প্ৰজন্মৰ ডাটা-শ্বেয়াৰিং প্ৰণালী হিচাপে আত্মপ্ৰকাশ কৰিছে
प्रविष्टि तिथि:
09 JAN 2026 3:24PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুন দিল্লীত নেচনেল ছিকিউৰিটি গাৰ্ড (এন এছ জি)ৰ নেচনেল আই ই ডি ডাটা মেনেজমেণ্ট চিষ্টেম (এন আই ডি এম এছ) উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব, আই বিৰ সঞ্চালক, এন এছ জিৰ সঞ্চালকপ্ৰধান, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানসকল উপস্থিত আছিল।
কাৰ্যসূচী সম্বোধন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ছয় বছৰত বিভিন্ন ধৰণৰ তথ্য সৃষ্টি আৰু প্ৰণালীবদ্ধভাৱে সংগ্ৰহ কৰাৰ বাবে গুৰুত্বপূৰ্ণ কাম কৰা হৈছে। তেওঁ কয় যে দেশত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ সকলোধৰণৰ কাম-কাজৰ তদন্ত আৰু সেইবোৰৰ বিভিন্ন দিশৰ বিশ্লেষণৰ বাবে আগন্তুক দিনবোৰত এন আই ডি এম এছ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। তদুপৰি এন আই ডি এম এছ সন্ত্ৰাসবাদৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰজন্মৰ সুৰক্ষা ঢাল হৈ পৰিব। শ্ৰী শ্বাহে কয় যে গৃহ মন্ত্ৰালয়ে বিগত বছৰবোৰত বিভিন্নধৰণৰ তথ্য সৃষ্টি কৰিছে, কিন্তু এতিয়ালৈকে সেইবোৰ আছিল পৰস্পৰৰ পৰা পৃথক। এতিয়া আমি এই সকলো তথ্যৰ উৎসক পৰস্পৰৰ সৈতে সংযোগ কৰিবলৈ আৰু সেইবোৰৰ বিশ্লেষণৰ বাবে এক উন্নত কৃত্ৰিম বুদ্ধিমত্তা-আধাৰিত ছফ্টৱেৰ বিকশিত কৰাৰ প্ৰয়াস কৰি আছো। তেওঁ কয় যে আজিৰ এন আই ডি এম এছৰ শুভাৰম্ভণিয়ে এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব আৰু দেশক সন্ত্ৰাসবাদৰ পৰা সুৰক্ষিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে আজি এন আই ডি এম এছৰ শুভাৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ দেশতে এন আই এ, সন্ত্ৰাসবাদবিৰোধী দল (এ টি এছ), ৰাজ্যিক আৰক্ষী বাহিনী আৰু সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ৰ বাবে এক দ্বিমুখী ব্যাপক, সংহত আৰু অনলাইন তথ্য মঞ্চ উপলব্ধ হ’ব। তেওঁ কয় যে যিকোনো স্থানত সংঘটিত হোৱা যিকোনো বিস্ফোৰণ বা আই ই ডি ঘটনাৰ সৈতে সম্পৰ্কিত তথ্য এই ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব পাৰি। এই তথ্যসমূহ ব্যৱহাৰ কৰি প্ৰতিখন ৰাজ্যৰ তদন্তৰ সময়ত প্ৰয়োজনীয় নিৰ্দেশনা লাভ কৰিব পাৰি। তেওঁ কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তদন্ত কৰা, বিস্ফোৰণৰ প্ৰৱণতা বুজি পোৱা আৰু সেইবোৰৰ বিৰুদ্ধে ফলপ্ৰসূ ৰণনীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এন আই ডি এম এছ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এন এছ জিৰ হাতত উপলব্ধ তথ্যভাণ্ডাৰত ১৯৯৯ চনৰ পৰা এতিয়ালৈকে হোৱা সকলো বোমা বিস্ফোৰণৰ তথ্য আছে। তেওঁ কয় যে এন আই ডি এম এছৰ জৰিয়তে এই তথ্য এতিয়া সমগ্ৰ দেশৰ আৰক্ষী বাহিনী আৰু সংশ্লিষ্ট সংস্থাসমূহৰ বাবে উপলব্ধ কৰা হ’ব। এন আই ডি এম এছ দেশত এতিয়ালৈকে সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ধৰণ, কাৰ্য্যকৰী পদ্ধতি (এম অ’) আৰু ব্যৱহৃত বিস্ফোৰকসমূহ সঠিকভাৱে বিশ্লেষণ কৰাৰ বাবে এক শক্তিশালী মঞ্চ হৈ পৰিব। শ্ৰী শ্বাহে কয় যে ই এম অ’ আৰু চাৰ্কিট পদ্ধতিৰ ওপৰত আধাৰিত ঘটনাসমূহৰ মাজত আন্তঃসংযোগ স্থাপনৰ লগতে সামগ্ৰিক প্ৰৱণতা আৰু অন্তৰ্দৃষ্টি বুজি পোৱাত গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব।
শ্ৰী অমিত শ্বাহে কয় যে এন আই ডি এম এছ হৈছে এক সুৰক্ষিত ৰাষ্ট্ৰীয় ডিজিটেল মঞ্চ যাৰ জৰিয়তে সমগ্ৰ দেশতে বোমা বিস্ফোৰণ সম্পৰ্কীয় ঘটনাসমূহৰ সঠিক আৰু সংগঠিত বিশ্লেষণ কৰিব পাৰি। এই মঞ্চই আই ই ডি সম্পৰ্কীয় তথ্য সংগ্ৰহ, মান নিৰ্ধাৰণ, একত্ৰীকৰণ আৰু সুৰক্ষিতভাৱে ভাগ-বাটোৱাৰা কৰাৰ প্ৰক্ৰিয়াটো শক্তিশালী কৰিব। তেওঁ কয় যে এন আই ডি এম এছে অনুসন্ধানকাৰী সংস্থা আৰু সন্ত্ৰাসবাদবিৰোধী সংগঠনসমূহৰ বাবে বিভিন্ন গোচৰৰ ফাইলত বিক্ষিপ্ত হৈ থকা তথ্যৰ বাবে একক-ক্লিক প্ৰৱেশাধিকাৰ উইণ্ডো হিচাপে কাম কৰিব। ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্যিক অনুসন্ধান সংস্থা, সন্ত্ৰাসবাদবিৰোধী সংগঠন আৰু সকলো চি এ পি এফৰ বাবে তথ্যসমূহৰ তাৎক্ষণিক প্ৰৱেশাধিকাৰ সম্ভৱ হ’ব। শ্ৰী শ্বাহে কয় যে এই মঞ্চই দেশৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাক তিনিটা প্ৰধান উপায়েৰে উপকৃত কৰিব।
গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ‘এক ৰাষ্ট্ৰ, এক তথ্যভাণ্ডাৰ’ৰ জৰিয়তে বিভিন্ন বিভাগত বিক্ষিপ্ত তথ্য এতিয়া প্ৰতিখন আৰক্ষী গোটৰ বাবে ৰাষ্ট্ৰীয় সম্পদ হিচাপে উপলব্ধ হ’ব। ই গোচৰৰ গতি আৰু মান দুয়োটাতে এক অতি ইতিবাচক পৰিবৰ্তন আনিব আৰু আমি ধৰণবোৰ সহজে চিনাক্ত কৰিবলৈ সক্ষম হ’ম। তেওঁ কয় যে বুজাৰ ধৰণে বৈজ্ঞানিক প্ৰমাণ-আধাৰিত বিচাৰ প্ৰক্ৰিয়া সক্ষম কৰিব। তদুপৰি সংস্থাসমূহৰ মাজত সমন্বয় অধিক উন্নত ধৰণে স্থাপন কৰা হ’ব। শ্ৰী শ্বাহে কয় যে সঠিক সময়ত সঠিক স্থানত সঠিক তথ্য প্ৰদান কৰাৰ বাবে এয়া এক অতি গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে এন এছ জি হৈছে আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ এক শক্তিশালী স্তম্ভ। এন এছ জিৰ কৰ্মচাৰীসকলৰ বীৰত্ব, অনন্য দক্ষতা আৰু অটল নিষ্ঠাৰ বাবে আমাৰ নাগৰিকসকলে শান্তিপূৰ্ণভাৱে শুব পাৰিছে। তেওঁ কয় যে ই যিকোনো ঠাইতে হোৱা আক্ৰমণৰ সঠিক আৰু দ্ৰুত প্ৰতিক্ৰিয়া দেখুওৱাৰ সময়তে অপহৰণবিৰোধী অভিযানৰ বাবে নিৰন্তৰ প্ৰস্তুতি বৰ্তাই ৰাখে, বোমা নিষ্ক্ৰিয় কৰা অভিযান চলাব পাৰে বা আন যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে-প্ৰতিটো ক্ষেত্ৰতে এন এছ জিয়ে কেৱল উৎকৃষ্ট প্ৰদৰ্শন কৰাই নহয়, প্ৰতিবাৰেই সফলতা লাভ কৰিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এন এছ জি হৈছে ভাৰতৰ এক বিশ্বমানৰ আৰু শূন্য-ত্ৰুটিযুক্ত শক্তি। ১৯৮৪ চনত এন এছ জি প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়াৰ পৰা যিকোনো ঘটনাৰ প্ৰকৃতি নিৰ্বিশেষে ই সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী ঘটনাবোৰ নিৰন্তৰ বিশ্লেষণ কৰি আহিছে আৰু সকলোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে সম্পূৰ্ণৰূপে সাজু কৰি ৰাখিছে। তেওঁ কয় যে সন্ত্ৰাসবাদবিৰোধী অভিযান, বিমান অপহৰণবিৰোধী অভিযান, বোমা নিষ্ক্ৰিয় কৰাৰ বাবে উন্নত ব্যৱস্থাৰ পিছত এতিয়া এন এছ জিয়ে সকলো সংস্থাৰ সৈতে ইয়াৰ তথ্য ভাগ-বাটোৱাৰা কৰাৰ বাবে এখন মঞ্চ সৃষ্টি কৰিছে। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে সাহসিকতাৰ বাবে এন এছ জিৰ বিষয়া আৰু কমাণ্ডোসকলক বিভিন্ন পৰ্যায়ত বহুবাৰ সন্মানিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে তিনিটা অশোক চক্ৰ, দুটা কীৰ্তি চক্ৰ, তিনিটা শৌৰ্য চক্ৰ, ১০ টা আৰক্ষী পদক আৰু ৪৪ টা সেনা পদক।
শ্ৰী অমিত শ্বাহে কয় যে এই চাৰি দশক ধৰি এন এছ জিয়ে নিৰন্তৰ পৰিবৰ্তিত নিৰাপত্তা পৰিবেশৰ সৈতে সংগতি ৰাখি নিজকে পৰিবৰ্তন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এন এছ জিৰ আঞ্চলিক কেন্দ্ৰসমূহ এতিয়া দেশৰ বিভিন্ন প্ৰান্ত-মুম্বাই, চেন্নাই, কলকাতা, হায়দৰাবাদ আৰু আহমেদাবাদৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ উপৰি অযোধ্যাত এটা নতুন ঘাটী স্থাপন কৰা হৈছে। ইয়ে এন এছ জিৰ যিকোনো স্থানত উপনীত হ’বলৈ লোৱা সময় যথেষ্ট হ্ৰাস কৰিব। তেওঁ কয় যে এবাৰ এই সকলোবোৰ ঘাটী কাৰ্যকৰী হ’লে-বিশেষকৈ অযোধ্যা ঘাটী সক্ৰিয় হোৱাৰ পিছত জৰুৰীকালীন অৱস্থাত এন এছ জিয়ে দেশৰ যিকোনো কোণত একৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰত উপস্থিত হ’ব পাৰিব। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীত বিশেষ একচন গ্ৰুপ আছে, যিবোৰ সন্ত্ৰাসবাদবিৰোধী আৰু অপহৰণবিৰোধী গোট হিচাপে গঠন কৰা হৈছে। একপ্ৰকাৰে এন এছ জি দিনটোত ২৪ ঘণ্টা, বছৰত ৩৬৫ দিন নিজৰ ভৰিৰ আঙুলিৰ ওপৰত থিয় হৈ থাকে আৰু দেশখনে নিশ্চিতভাৱে ইয়াৰ পৰা উপকৃত হৈছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ প্ৰায় ১০০ শতাংশ আৰক্ষী থানা-প্ৰায় ১৭,৭৪১-চিচিটিএনএছৰ সৈতে সংযুক্ত হৈ আছে, যাৰ ফলত তেওঁলোকৰ অনলাইন তথ্য উপলব্ধ হৈছে। আইচিজেএছ-২ ‘ৱান ডাটা-ৱান এণ্ট্ৰি’ৰ ধাৰণাৰ ওপৰত আধাৰিত এক পৰবৰ্তী প্ৰজন্মৰ ডাটা-শ্বেয়াৰিং প্ৰণালী হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰায় ২২ হাজাৰ আদালতৰ তথ্যৰ উপৰি ই-প্ৰিজনৰ জৰিয়তে প্ৰায় ২ কোটি ২০ লাখ কাৰাবন্দীৰ তথ্য, ই-প্ৰচিকিউচনৰ জৰিয়তে ২ কোটি গোচৰৰ তথ্য, ই-ফৰেনছিকছৰ জৰিয়তে ৩১ লাখ নমুনাৰ ফলাফল আৰু এন এ এফ আই এছৰ জৰিয়তে ১ কোটি ২১ লাখ আঙুলিৰ ছাপৰ তথ্য এতিয়া এটা বুটামৰ ক্লিকত উপলব্ধ। এই ব্যৱস্থাটোত এন আই ডি এম এছো যোগ দিয়া হ’ব। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এ আইৰ সহায়ত এন আই ডি এম এছে দেশত এক শক্তিশালী সুৰক্ষা গ্ৰীড সৃষ্টি কৰিবলৈ অন্যান্য তথ্য উৎসৰ সৈতে সংযোগ স্থাপন কৰিব।



****
RK/PR/PS/HS
(रिलीज़ आईडी: 2212908)
आगंतुक पटल : 15