প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মান চেঞ্চেলৰ মাৰ্জক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে
দুয়োগৰাকী নেতাই ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিব
প্ৰধানমন্ত্ৰী মোদী আৰু চেঞ্চেলৰ মাৰ্জে সবৰমতী আশ্ৰম ভ্ৰমণ কৰিব আৰু আহমেদাবাদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱতো অংশগ্ৰহণ কৰিব
प्रविष्टि तिथि:
09 JAN 2026 12:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মানীৰ ফেডাৰেল চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জক সাক্ষাৎ কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১২-১৩ জানুৱাৰীত জাৰ্মানীৰ ফেডাৰেল চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জে ভাৰত ভ্ৰমণ কৰিব। এয়া হ’ব চেঞ্চেলৰ মাৰ্জৰ চৰকাৰী কাৰ্যসূচীৰে প্ৰথম ভাৰত ভ্ৰমণ।
১২ জানুৱাৰীৰ পুৱা প্ৰায় ৯.৩০ বজাত দুয়োগৰাকী নেতাই সবৰমতী আশ্ৰম ভ্ৰমণ কৰিব আৰু পুৱা প্ৰায় ১০ বজাত তেওঁলোকে সবৰমতী নদীৰ পাৰত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে গান্ধীনগৰৰ মহাত্মা মন্দিৰত দিনৰ ১১.১৫ বজাৰ পৰা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব।
দুয়োগৰাকী নেতাই শেহতীয়াকৈ ২৫ বছৰ সম্পূৰ্ণ কৰা ভাৰত-জাৰ্মানী কৌশলগত অংশীদাৰিত্বত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকৰ আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি, শিক্ষা, দক্ষতা আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতা অধিক তীব্ৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব, লগতে প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বিজ্ঞান, উদ্ভাৱন আৰু গৱেষণা, সেউজ আৰু বহনক্ষম উন্নয়ন আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিয়াৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।
প্ৰধানমন্ত্ৰী মোদী আৰু চেঞ্চেলৰ মাৰ্জে আঞ্চলিক আৰু বিশ্বজনীন গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিব আৰু দুয়োখন দেশৰ ব্যৱসায় আৰু উদ্যোগৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ’ব।
***
MJPS/SR/HS
(रिलीज़ आईडी: 2212763)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam