ৰেচম মন্ত্ৰালয়
গুৱাহাটীত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন আৰম্ভ
এই সন্মিলনৰ লক্ষ্য হৈছে বস্ত্ৰ খণ্ডক সুদৃঢ় কৰাৰ বাবে এক শক্তিশালী ৰোডমেপ প্ৰস্তুত কৰা আৰু ভাৰতক বিশ্ব বস্ত্ৰশিল্প কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা: শ্ৰী গিৰিৰাজ সিং
प्रविष्टि तिथि:
08 JAN 2026 5:17PM by PIB Guwahati
অসমৰ গুৱাহাটীত আজিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন আৰম্ভ হৈছে। এই সন্মিলনত ভাৰতৰ বস্ত্ৰ খণ্ডৰ ভৱিষ্যতৰ ৰোডমেপ সম্পৰ্কে আলোচনা কৰিবলৈ সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বস্ত্ৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত হৈছে।
ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে আয়োজন কৰা এই সন্মিলনৰ বিষয়বস্তু হৈছে 'ভাৰতৰ বস্ত্ৰঃ বয়ন ক্ষেত্ৰৰ বিকাশ, ঐতিহ্য আৰু উদ্ভাৱন' (India's Textiles: Weaving Growth, Heritage & Innovation) । এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদক শক্তিশালী কৰা আৰু ভাৰতক বস্ত্ৰ, পোচাক আৰু কাৰিকৰী বস্ত্ৰৰ এক বিশ্ব কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বিত প্ৰচেষ্টাৱলী বৃদ্ধি কৰা। উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ, বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে কয় যে বস্ত্ৰ খণ্ডত উৎপাদন, ৰপ্তানি আৰু বহনক্ষমতাৰ সমন্বয়ৰে কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ আৰু ভাৰসাম্যতা ৰক্ষাৰে কাম কৰি আছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীৰ সন্মিলনৰ উদ্দেশ্য হৈছে ভাৰতৰ বস্ত্ৰ উদ্যোগক সুদৃঢ় কৰাৰ বাবে এক শক্তিশালী ৰোডমেপ প্ৰস্তুত কৰাত সহায়ক হোৱাকৈ বুদ্ধিশীলতা, উদ্ভাৱন আৰু ধাৰণা বিনিময়ক উৎসাহিত কৰা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বস্ত্ৰ মন্ত্ৰীসকলক বিনিয়োগকাৰীৰ অনুকূল নীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যিক পৰ্যায়ত বস্ত্ৰ খণ্ডত অধিক বিনিয়োগ আকৰ্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে সন্মিলনত দুদিনীয়া আলোচনাই ভৱিষ্যতৰ দিশে আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ কথা উল্লেখ কৰি শ্ৰী গিৰিৰাজ সিঙে কয় যে প্ৰধানমন্ত্ৰীয়ে অঞ্চলসমূহৰ বিকাশ আৰু উন্নয়নক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে মৌলিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত নিৰন্তৰ কাম কৰি আহিছে।
সভাত ভাষণ প্ৰদান কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কয় যে ভাৰতত বস্ত্ৰশিল্পৰ দ্ৰুত বিকাশ হৈছে আৰু দেশৰ কাৰিকৰী দক্ষতাই বিশ্ব বজাৰত অধিক প্ৰৱেশৰ যোগ্যতা অৰ্জন কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰীৰ সন্মিলনে বস্ত্ৰ উদ্যোগৰ বিকাশক ত্বৰান্বিত কৰাৰ বাবে ভৱিষ্যতৰ পদক্ষেপৰ পৰিকল্পনা কৰাৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰদান কৰিব।
সন্মিলনত ভাষণ প্ৰদান কৰি বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে বস্ত্ৰ খণ্ডৰ অৰ্থে এক ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহক একত্ৰিত কৰি গুৱাহাটীত ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন আয়োজন কৰাটো গৌৰৱৰ কথা। তেওঁ লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা আৰু সমন্বয়ৰ জৰিয়তে এই সন্মিলনে ভাৰতীয় বস্ত্ৰ উদ্যোগক বিশ্ব বজাৰত নিজৰ উপস্থিতি সম্প্ৰসাৰিত কৰিবলৈ সক্ষম কৰি তুলিব। শ্ৰী মাৰ্ঘেৰিটাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ বস্ত্ৰ অৰ্থনীতি গঢ়ি তোলাৰ বাবে এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০১৯-২০ৰ হস্ততাঁতৰ লোকপিয়লৰ কথা উল্লেখ কৰি শ্ৰী মাৰ্ঘেৰিটাই কয় যে উত্তৰ-পূৰ্বাঞ্চলত হস্ততাঁতৰ উৎপাদন দেশৰ ভিতৰতে সৰ্বাধিক আৰু মুঠ হস্ততাঁতৰ উৎপাদনৰ ৫২ শতাংশই উত্তৰ-পূৰ্বাঞ্চলৰ।
বস্ত্ৰ সচিব শ্ৰীমতী নীলম শামি ৰাৱে কয় যে বস্ত্ৰ উদ্যোগে দেশৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে আৰু সমগ্ৰ দেশৰ প্ৰায় ৫০০খন জিলাই এক বা ততোধিক বস্ত্ৰ সামগ্ৰী বিশ্ব বজাৰত ৰপ্তানি কৰে। উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি বস্ত্ৰ বিভাগৰ অতিৰিক্ত সচিব শ্ৰী ৰোহিত কন্সলে কয় যে ভাৰত হৈছে বিশ্বৰ অন্যতম বৃহৎ বস্ত্ৰ উৎপাদক দেশ আৰু এই খণ্ড দ্ৰুতগতিত বৃদ্ধি পাইছে। বস্ত্ৰ খণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে।
উদ্বোধনী অধিৱেশনত ভাৰতৰ বস্ত্ৰশিল্পৰ শক্তি, উদ্ভাৱন আৰু সমৃদ্ধ ঐতিহ্য প্ৰদৰ্শন কৰা প্ৰদৰ্শনী আৰু পেভিলিয়ন মুকলি কৰা হয়। আজি 'ভাৰতৰ বস্ত্ৰ মানচিত্ৰঃ ৰাজ্যিক সংকলন ২০২৫' শীৰ্ষক এক প্ৰতিবেদনো প্ৰকাশ কৰা হয়।
সন্মিলনত আজি আন্তঃগাঁথনি, বিনিয়োগ, কেঁচামাল আৰু ফাইবাৰ, যেনে-কঁপাহ, ৰেচম, মৰাপাট, উল, কাৰিকৰী বস্ত্ৰ আৰু নতুন যুগৰ ফাইবাৰ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি একাধিক অধিৱেশন অনুষ্ঠিত কৰা হয়।
বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মন্ত্ৰী আৰু বিষয়াসকলে এই খণ্ডক আৰু অধিক শক্তিশালী কৰাৰ অৰ্থে উত্তম পন্থা, বিনিয়োগৰ সুযোগ, প্ৰত্যাহ্বান আৰু নীতিৰ পৰামৰ্শ বিনিময় কৰে।
সন্মিলনত কাইলৈ ৰপ্তানি, ব্ৰেণ্ডিং, হস্ততাঁত আৰু হস্তশিল্পকে ধৰি বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব।



******
MAM/VN/DB
(रिलीज़ आईडी: 2212580)
आगंतुक पटल : 26