গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গৃহ মন্ত্ৰালয় : বছৰৰ শেষৰ পৰ্যালোচনা ২০২৫

प्रविष्टि तिथि: 31 DEC 2025 9:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপদ, সুৰক্ষিত, আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ দিশত বহু উল্লেখযোগ্য কৃতিত্ব লাভ কৰাৰ বাবে ২০২৫ চনটো গৃহ মন্ত্ৰালয়ৰ বাবে এক উল্লেখযোগ্য বছৰ আছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আভ্যন্তৰীণ নিৰাপত্তা আৰু সন্ত্ৰাসবাদ, উগ্ৰবাদ, সংগঠিত অপৰাধ আৰু চাইবাৰ আক্ৰমণৰ দৰে গুৰুতৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰালয়ৰ মূল উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল বাওঁপন্থী উগ্ৰবাদ (এলডব্লিউই) প্ৰায় নিৰ্মূল কৰা, সন্ত্ৰাসবাদ বিৰোধী ফলপ্ৰসূ কৌশল, নতুন অপৰাধমূলক আইন ৰূপায়ণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি, চাইবাৰ সুৰক্ষা বৃদ্ধি, ক্ষমাহীন পন্থা আৰু ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা আৰু পৰিৱৰ্তনশীল লোকপিয়ল ২০২৭ৰ বাবে প্ৰস্তুতি।

বাওঁপন্থী উগ্ৰবাদ (LWE): নক্সালমুক্ত ভাৰত অভিযানে মাইলৰ খুঁটি অৰ্জন কৰিলে

নক্সালবাদমুক্ত ভাৰত গঢ়ি তোলাৰ মোদী চৰকাৰৰ দৃষ্টিভংগীৰ অধীনত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত বাওঁপন্থী উগ্ৰবাদৰ ভাবুকি সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে।

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নক্সালবাদ সন্দৰ্ভত ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, আৰু ওড়িশাৰ ডিজিপি/এডিজিপি আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আন্তঃৰাজ্যিক নিৰাপত্তা সমন্বয় বৈঠক অনুষ্ঠিত হয়।
  • এক উল্লেখযোগ্য সাফল্যত নিৰাপত্তা বাহিনীয়ে নাৰায়ণপুৰত চিপিআই-মাওবাদী সাধাৰণ সম্পাদক, আন্দোলনৰ মেৰুদণ্ড নম্বালা কেশৱ ৰাও ওৰফে বাসৱৰাজুকে ধৰি ২৭জন ভয়ংকৰ মাওবাদীক নিষ্ক্ৰিয় কৰি পেলায় – তিনিটা দশকৰ ভিতৰত প্ৰথম এনে উচ্চ পদবীৰ নিৰ্মূল। অপাৰেচন ব্লেক ফৰেষ্টৰ পিছত একাধিক ৰাজ্যত ৫৪জনক গ্ৰেপ্তাৰ কৰা হয় আৰু ৮৪জনে আত্মসমৰ্পণ কৰে।
  • মহাৰাষ্ট্ৰ-ছত্তীশগড় সীমান্তৰ নাৰায়ণপুৰৰ আবুঝ্মাদ অঞ্চলত নিৰাপত্তা বাহিনীয়ে দুই কেন্দ্ৰীয় সমিতিৰ সদস্য নক্সাল নেতা - কাদাৰী সত্যনাৰায়ণ ৰেড্ডী ওৰফে কোছা আৰু কট্টা ৰামচন্দ্ৰ ৰেড্ডীক নিধন কৰে।
  • এই বছৰ মোদী চৰকাৰে নক্সালমুক্ত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি অৰ্জন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত সৰ্বাধিক আক্ৰান্ত জিলাৰ সংখ্যা ৩লৈ হ্ৰাস কৰি ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা ১৮খনৰ পৰা ১১লৈ হ্ৰাস কৰি পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰি ৩১২জন এলডব্লিউই কেডাৰক নিধন কৰে।
  • ছত্তীশগড় আৰু মহাৰাষ্ট্ৰত আত্মসমৰ্পণ ২৫৮জন নক্সালবাদীৰ। একে-৪৭, ইনছাছ, এছএলআৰ, ৩০৩ ৰাইফল আদিকে ধৰি বিপুল সংখ্যক স্বয়ংক্ৰিয় অস্ত্ৰ তেওঁলোকৰ দ্বাৰা আত্মসমৰ্পণ কৰা হৈছে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ জগদলপুৰত বাস্তাৰ দশেৰা উৎসৱত অংশগ্ৰহণ কৰে। ৭৫ দিনীয়া বাস্তাৰ দশেৰা উৎসৱ কেৱল জনজাতীয় সমাজ, ছত্তীশগড়, বা ভাৰতৰ বাবেই তাৎপৰ্যপূৰ্ণ নহয়, ই হৈছে বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ।

গৃহ মন্ত্ৰালয়ৰ কাম-কাজৰ ওপৰত আলোচনা

ৰাজ্যসভাত গৃহ মন্ত্ৰালয়ৰ কাম-কাজ সম্পৰ্কীয় আলোচনাৰ উত্তৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ।

ৰাষ্ট্ৰীয় নিৰাপত্তা: সন্ত্ৰাসবাদ, উগ্ৰবাদ, সংগঠিত অপৰাধ আৰু চাইবাৰ আক্ৰমণৰ দৰে গুৰুতৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ প্ৰচেষ্টা শক্তিশালী কৰা হয়

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত নতুন বহুমুখী সংস্থা কেন্দ্ৰ (MAC) উদ্বোধন কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে, চিবিআইৰ দ্বাৰা প্ৰস্তুত কৰা ভাৰতপল পৰ্টেল উদ্বোধন কৰে।
  • অৰ্থনৈতিক, চাইবাৰ, সন্ত্ৰাসবাদী কাণ্ড, বা সংগঠিত অপৰাধৰ লগত জড়িত প্ৰতিজন পলাতকক ক্ষমাহীন পন্থাৰে আইনৰ সন্মুখলৈ অনাৰ ব্যৱস্থা কৰিছে মোদী চৰকাৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ ৰায়পুৰত তিনিদিনীয়া ৬০তম DGsP/IGsP সন্মিলনৰ শুভাৰম্ভ কৰে।
  • মডাছ অপাৰেণ্ডি ব্যুৰোত বিপিআৰ এণ্ড ডি, এনচিআৰবি, কাৰাগাৰৰ বিষয়া, আৰু ফৰেনছিক বিশেষজ্ঞসকলে অপৰাধৰ মডাছ অপাৰেণ্ডি বিশ্লেষণ কৰিব লাগে: কেন্দ্ৰীয় গৃহমন্ত্ৰী

সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা শক্তিশালী কৰা হয়

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ শক্তিশালী, সফল, আৰু নিৰ্ণায়ক সঁহাৰিৰ ওপৰত লোকসভাত অনুষ্ঠিত বিশেষ আলোচনাত অংশগ্ৰহণ কৰে।

জম্মু-কাশ্মীৰ আৰু লাডাখঃ স্থায়ী সংহতি, শান্তি আৰু সমৃদ্ধিৰ দিশত

  • আৱেগিক সংহতিৰ পোষকতা কৰা পদক্ষেপসমূহত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে যুৱক-যুৱতীসকলক পৰিচিত কৰাৰ লক্ষ্যৰে ‘ৱটন কো জানো’ কাৰ্যসূচীৰ অধীনত জম্মু আৰু কাশ্মীৰৰ ২৫০টা শিশুৰ সৈতে মত বিনিময় কৰে।
  • মোদী চৰকাৰৰ অধীনত বিচ্ছিন্নতাবাদে শেষ নিশ্বাস লৈছে, আৰু সমগ্ৰ কাশ্মীৰত প্ৰতিধ্বনিত হৈছে ঐক্যৰ জয়। হুৰিয়তৰ সৈতে জড়িত দুটা সংগঠনে বিচ্ছিন্নতাবাদৰ সৈতে সকলো সম্পৰ্ক চ্ছিন্ন কৰাৰ কথা ঘোষণা কৰে।
  • মোদী চৰকাৰৰ অধীনত ঐক্যৰ মনোভাৱে জম্মু আৰু কাশ্মীৰক শাসন কৰে। এতিয়ালৈকে ভাৰতৰ সংবিধানৰ ওপৰত আস্থা ৰাখি বিচ্ছিন্নতাবাদৰ পৰা আঁতৰি গৈছে ১২টা হুৰিয়ত সম্পৰ্কীয় সংগঠন। এয়া এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দৃষ্টিভংগীৰ জয়।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পুঞ্চত সীমান্তৰ সিপাৰৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ বিতৰণ কৰে।

চাইবাৰ নিৰাপত্তা আৰু ফৰেনছিক বিজ্ঞান: চাইবাৰ সুৰক্ষিত ভাৰত গঢ়ি

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত ‘চাইবাৰ সুৰক্ষা আৰু চাইবাৰ অপৰাধ’ সম্পৰ্কীয় গৃহ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।
  • ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই (I4C) নতুন ই-জিৰ’ এফআইআৰ পদক্ষেপ প্ৰৱৰ্তন কৰিলে, যিকোনো অপৰাধীক অভূতপূৰ্ব গতিৰে গ্ৰেপ্তাৰ কৰিবলৈ।
  • নতুন দিল্লীত এনএফএছইউৰ উদ্যোগত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় ফৰেনছিক বিজ্ঞান সন্মিলন ২০২৫ত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰে।
  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে স্পষ্ট দৃষ্টিভংগীৰে এক সুৰক্ষিত, স্বচ্ছ, আৰু প্ৰমাণভিত্তিক অপৰাধমূলক ন্যায় ব্যৱস্থা গঢ়ি তুলিছে।

নতুন অপৰাধমূলক আইন: ভুক্তভোগীকেন্দ্ৰিক ন্যায়ৰ নতুন যুগৰ আৰম্ভণি

  • কেন্দ্রীয় গৃহমন্ত্রী তথা সমবায় মন্ত্রী শ্রী অমিত শ্বাহে নতুন ফৌজদাৰী আইনৰ এবছৰ সফল সমাপ্তি হোৱাৰ উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত হোৱা “ন্যায় ব্যৱস্থাত আস্থাৰ এক সোণালী বছৰ” অনুষ্ঠানত ভাষণ দিয়ে৷
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালৰ সৈতে বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি নতুন অপৰাধ আইনসমূহৰ ফলপ্ৰসূ স্থল পৰ্যায়ৰ ৰূপায়ণ নিশ্চিত কৰে।

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়া: নিচাযুক্ত সন্ত্ৰাসবাদী পৰিৱেশ তন্ত্ৰ ভাঙি পেলোৱাৰ বাবে ক্ষমাহীন আৰু চৰকাৰৰ সমগ্ৰ পদ্ধতি

  • নতুন দিল্লীত ‘ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা’ বিষয়ক আঞ্চলিক সন্মিলনৰ অধ্যক্ষতা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে।
  • নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ দিয়ে।
  • ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণৰ অবিৰত চেষ্টাত আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমান্তৰ ওচৰত ১৮০০ কোটি টকাৰ ৩০০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰি এক কীৰ্তিচিহ্নস্বৰূপ কৃতিত্ব অৰ্জন কৰা হ’ল।
  • এনচিবিৰ অমৃতসৰ মণ্ডল ইউনিটে ৪খন ৰাজ্যত ৪ মাহজোৰা অভিযানৰ জৰিয়তে ড্ৰাগছ ডাইভাৰচন কাৰ্টেলক কুঠাৰাঘাত কৰি ৫৪৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰি ১৫জনক গ্ৰেপ্তাৰ কৰে।
  • এনচিবি মুম্বাইয়ে জব্দ কৰিছে ১১.৫৪ কেজি উচ্চমানৰ কোকেইন আৰু ৪.৯ কেজি হাইড্ৰ’পনিক গাঞ্জা।
  • ড্ৰাগছৰ তদন্তৰ ক্ষেত্ৰত ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ তীব্ৰভাৱে অনুসৰণ কৰি নতুন দিল্লীত ২৬২ কোটি টকাৰ ৩২৮ কিলোগ্ৰাম মেথামফেটামাইন জব্দ কৰি দুজনক গ্ৰেপ্তাৰ কৰি এক অগ্ৰগতি লাভ কৰা হয়।

সীমান্ত ব্যৱস্থাপনা আৰু বিদেশী: নিৰাপত্তা আৰু উন্নয়ন শক্তিশালী কৰা

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত অনুপ্ৰৱেশ আৰু বিদেশী বিধেয়ক, ২০২৫ সন্দৰ্ভত আলোচনাৰ উত্তৰ দিয়ে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ভাৰতৰ নতুন বহিঃৰাজ্য নাগৰিক পৰ্টেল মুকলি কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লক্ষ্ণৌ, তিৰুৱনন্তপুৰম, ত্ৰিচি, কোজিকোড, আৰু অমৃতসৰ বিমানবন্দৰত ফাষ্ট ট্ৰেক ইমিগ্ৰেচন - ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম (এফটিআই-টিটিপি) ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত পাকিস্তান আৰু নেপালৰ সংলগ্ন সীমান্ত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ (ভিভিপি)ৰ অধীনত গাঁৱৰ বিশিষ্ট অতিথিসকলৰ সৈতে মত বিনিময় কৰে, ৰাজধানী ভ্ৰমণ কৰি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত দুদিনীয়া ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম (ভিভিপি) কৰ্মশালাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে।
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেন্দ্ৰীয় কেবিনেটৰ ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম-২ অনুমোদনৰ সিদ্ধান্তক প্ৰশংসা কৰে।

দুৰ্যোগ ব্যৱস্থাপনা: সক্ৰিয় স্থিতিস্থাপকতা গঢ়ি তোলা

  • মোদী চৰকাৰে প্ৰতিক্ৰিয়াশীল পদ্ধতিৰ পৰিৱৰ্তে সক্ৰিয় পন্থা গ্ৰহণ কৰি আৰু হতাহতৰ সংখ্যা কম কৰাৰ পৰিৱৰ্তে শূন্য হতাহতৰ লক্ষ্যৰে দুৰ্যোগ পৰিচালনা কৰিছে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত ‘দুৰ্যোগ ব্যৱস্থাপনা আৰু সামৰ্থ্য বিকাশ’ সম্পৰ্কীয় গৃহ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।
  • নতুন দিল্লীত মুখ্য অতিথি হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাহায্য আয়ুক্ত আৰু দুৰ্যোগ সঁহাৰি বাহিনীৰ বাৰ্ষিক সন্মিলনত ভাষণ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে জম্মু সংমণ্ডলৰ বৰষুণ, বানপানী, আৰু ভূমিস্খলন প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ বুজ লয়।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াত মুখ্য অতিথি হিচাপে এনডিআৰএফৰ ২০ সংখ্যক উত্থান দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ কমিটীয়ে (এইচএলচি) ৯খন ৰাজ্যৰ বাবে কেইবাটাও প্ৰশমন, পুনৰুদ্ধাৰ আৰু পুনৰ্গঠন প্ৰকল্পত অনুমোদন জনায় যাৰ মুঠ ব্যয় ৪৬৪৫.৬০ কোটি টকা।
  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈ আছে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় সমিতিয়ে ২০২৩ চনৰ বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণৰ কাণ্ডৰ পিছত পুনৰুদ্ধাৰ আৰু পুনৰ্গঠন পৰিকল্পনাৰ বাবে হিমাচল প্ৰদেশলৈ ২০০৬.৪০ কোটি টকা কেন্দ্ৰীয় সাহায্য প্ৰদানত অনুমোদন জনায়।

উত্তৰ-পূব: সমাৱেশী বিকাশৰ বাবে এক্ট ইষ্ট মমেণ্টাম

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত অসম ৰাইফলছৰ উদ্যোগত আয়োজিত 'ইউনিটি উৎসৱ - এক কণ্ঠ, এক ৰাষ্ট্ৰ' উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
  • অসমৰ কোকৰাঝাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে সদৌ বড়ো ছাত্ৰ সন্থা (আবছু)ৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম ৰাইফলছ বেটেলিয়নৰ মাটি মিজোৰাম চৰকাৰলৈ হস্তান্তৰ আৰু আনুষ্ঠানিক মানচিত্ৰৰ আদান-প্ৰদান মিজোৰামৰ আইজলত অনুষ্ঠিত হয়।
  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰ মণিপুৰত স্থায়ী শান্তি পুনৰুদ্ধাৰ কৰাৰ লগতে এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সাহায্য প্ৰদানৰ বাবে সম্পূৰ্ণ দায়বদ্ধ হৈ আছে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ অনুমোদন বিচাৰি লোকসভাত বিধিগত প্ৰস্তাৱ দাখিল কৰে।
  • মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখাৰ বাবে গৃহমন্ত্ৰীয়ে সকলো সদস্যক বিষয়টোক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPFs): আধুনিকীকৰণ আৰু শৌৰ্য্যক সন্মান জনোৱা

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে অৱসৰৰ দিনা চিএপিএফ আৰু অসম ৰাইফলছৰ বিষয়া পদবীৰ তলৰ কৰ্মীক সন্মানীয় পদবী—এটা ৰেংক ওপৰৰ— প্ৰদান কৰাৰ এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • যোৱা ৫ বছৰত চিআৰপিএফে নক্সালবাদ প্ৰভাৱিত অঞ্চলত ৪০০ৰো অধিক ফৰৱাৰ্ড অপাৰেটিং বেছ স্থাপন কৰিছে, যাৰ বাবে ১০ বছৰত নক্সালৰ হিংসা ৭০%তকৈ অধিক হ্ৰাস পাইছে।
  • চিআইএছএফে কেৱল দেশৰ উন্নয়ন, অগ্ৰগতি, আৰু গতিবিধি সুৰক্ষিত কৰাই নহয়, ইয়াৰ মসৃণ কাৰ্য্যকলাপতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
  • ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত বিএছএফে ১১৮টাতকৈও অধিক পাকিস্তানী চকী ধ্বংস কৰি তেওঁলোকৰ সমগ্ৰ চোৰাংচোৱা ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পেলায়।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ ভূজত সীমান্ত সুৰক্ষা বাহিনীৰ হীৰক জয়ন্তী উদযাপনত ভাষণ দিয়ে।
  • বৰ্তমান ২৬টাতকৈও অধিক প্ৰযুক্তি সম্পৰ্কীয় পদক্ষেপৰ পৰীক্ষা চলি আছে, য’ত এণ্টি ড্ৰ’ন প্ৰযুক্তি, সুৰংগ চিনাক্তকৰণ প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক চোৱাচিতা আদি অন্তৰ্ভুক্ত।

২০২৭ চনৰ লোকপিয়ল আৰু জাতি লোকপিয়ল: সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধতা

  • জনসংখ্যা লোকপিয়ল-২০২৭ দুটা পৰ্যায়ত জাতি গণনাৰ লগতে অনুষ্ঠিত হ’ব।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চিচিপিএয়ে সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধতাৰ অধীনত মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত হিচাপে আগন্তুক লোকপিয়লত জাতি জনগণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰে।

চৰকাৰী ভাষা: ভাষিক বৈচিত্ৰ্য আৰু ঐক্যৰ প্ৰসাৰ

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে নতুন দিল্লীত চৰকাৰী ভাষা বিভাগৰ ‘সোণালী জয়ন্তী উদযাপন’ত ভাষণ দিয়ে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ভাৰতীয় ভাষা অনুভাগ (ভাৰতীয় ভাষা শাখা) উন্মোচন কৰে।
  • ২০২৫ চনৰ হিন্দী দিৱস উপলক্ষে গান্ধীনগৰ (গুজৰাট)ত অনুষ্ঠিত পঞ্চম অখিল ভাৰতীয় ৰাজভাষা সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ।

মাণ্ডলিক পৰিষদ: সমবায় ফেডাৰেলিজম শক্তিশালী কৰাৰ বাবে সমবায়ৰ ইঞ্জিন

  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত মহাৰাষ্ট্ৰৰ পুনেত পশ্চিম খণ্ড পৰিষদৰ ২৭ সংখ্যক বৈঠক।
  • কেন্দ্ৰীয় খণ্ড পৰিষদ হৈছে একমাত্ৰ আঞ্চলিক পৰিষদ য’ত সদস্য ৰাষ্ট্ৰৰ মাজত কোনো বিষয় বা বিবাদ নাই, যিটো এক উল্লেখযোগ্য কৃতিত্ব। ২০০৪-১৪ চনৰ তুলনাত ২০১৪-২৫ চনৰ ভিতৰত আঞ্চলিক পৰিষদৰ বৈঠকত আলোচনা কৰা প্ৰায় ৮৩% বিষয় সমাধান হৈছে, যিটো উৎসাহজনক।
  • সমগ্ৰ পূৱ ভাৰত ভক্তি, জ্ঞান, সংগীত, বৈজ্ঞানিক গৱেষণা আৰু বিপ্লৱৰ ভূমি হৈ আহিছে, পূব ভাৰতে শিক্ষাৰ মৌলিক নীতিসমূহ প্ৰতিষ্ঠা কৰাত যথেষ্ট অৰিহণা যোগাইছে।
  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ ‘শক্তিশালী ৰাজ্যইহে শক্তিশালী ৰাষ্ট্ৰ সৃষ্টি কৰে’ৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাত মণ্ডল পৰিষদে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

অন্যান্য গুৰুত্বপূৰ্ণ সভা/পদক্ষেপ

  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত সংবিধান (এশ ত্ৰিশতম সংশোধনী) বিধেয়ক, ২০২৫, কেন্দ্ৰীয় শাসিত অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৫, আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৫ উত্থাপন কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত দ্বীপ উন্নয়ন সংস্থা (আইডিএ)ৰ সপ্তম বৈঠক।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা, গৃহমন্ত্ৰী শ্ৰী আশীষ সুদ, দিল্লীৰ আৰক্ষী আয়ুক্তৰ লগতে আইন-শৃংখলা আৰু সমন্বয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীত যমুনা, খোৱাপানী, আৰু নলা-নৰ্দমা ব্যৱস্থা চাফাই সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত কৰি সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উদ্যোগত ৰাজ্যসভাত জাতীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিশেষ আলোচনা।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰে।
  • মৃত্যুৰ ক্ষেত্ৰত বা কোনোবাই দুটা ঠাইত ভোটাৰ হিচাপে পঞ্জীয়ন কৰিলে নাম আঁতৰোৱা, কোনোবাই ১৮ বছৰ বয়স হ’লে নাম যোগ কৰা, আৰু অনুপ্ৰৱেশকাৰীক বাছি উলিয়াই মচি পেলোৱা — সেয়াই হৈছে SIR।
  • অনুপ্ৰৱেশকাৰীয়ে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰাৰ ফলত দেশত সৃষ্টি হোৱা অসুৰক্ষা ৰোধ কৰিবলৈ, ভোটাৰ তালিকাৰ বিশুদ্ধকৰণ অতি প্ৰয়োজনীয়—আৰু সেই প্ৰক্ৰিয়াটোক SIR বুলি কোৱা হয়।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতক ২০২৯ চনৰ সন্মানীয় বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ খেলৰ আয়োজক দেশ হিচাপে নিযুক্তি পোৱাত সুখ প্ৰকাশ কৰি ইয়াক প্ৰতিজন নাগৰিকৰ বাবে এক অতি গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিহাৰৰ পাটনাত এক সংবাদমেল সম্বোধন কৰে।

**********

 

 

RK/RR/PR/PS/SS/KM/GS


(रिलीज़ आईडी: 2211758) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Kannada