পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

বৰ্ষান্তিক পৰ্যালোচনা ২০২৫: পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

‘উজ্জ্বলা যোজনা’ই দেশজুৰি স্বচ্ছ ৰন্ধন ব্যৱস্থাৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিছে

দেশজোৰা ‘বুনিয়াদী সুৰক্ষা পৰীক্ষণ অভিযান’ৰ জৰিয়তে গ্ৰাহক-সুৰক্ষাৰ শক্তিশালীকৰণ

ডিজিটেল পেমেণ্ট, ইভি চাৰ্জিং আৰু মাল্টি-ফুৱেল এনাৰ্জী ষ্টেশ্যন-ৰ সৈতে ইন্ধনৰ খুচুৰা আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে

‘আপনা ঘৰ’-ৰ পদক্ষেপে ট্ৰাক চালক আৰু পথ সুৰক্ষাৰ বাবে পথৰ দাঁতিৰ সা-সুবিধাসমূহ শক্তিশালী কৰিছে

২৫,৪০০ কিলোমিটাৰতকৈয়ো অধিক গেছ পাইপলাইন নেটৱৰ্ক-য়ে সঞ্চালিত কৰিছে ‘ওৱান নেশ্যন–ওৱান গেছ গ্ৰীড’

তৈলক্ষেত্ৰ সংশোধনী আইন আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ অধিনিয়মৰ জৰিয়তে তৈল উত্তোলন খণ্ডত ৰূপান্তৰণশীল সংস্কাৰ

प्रविष्टि तिथि: 26 DEC 2025 11:07AM by PIB Guwahati

 

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন, পেট্ৰলিয়াম সামগ্ৰীৰ শোধন, বিতৰণ আৰু বিপণনৰ লগতে ইয়াৰ আমদানি, ৰপ্তানি আৰু সংৰক্ষণৰ দায়িত্ব লয়। ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ বাবে তেল আৰু গেছ গুৰুত্বপূৰ্ণ নিৱেশ হৈয়েই আছে। ২০২৫ চনৰ ভিতৰত মন্ত্ৰালয়ে সুলভ শক্তিৰ সুবিধা নিশ্চিতকৰণ, ঘৰুৱা উৎপাদন বৃদ্ধি, আন্তঃগাঁথনি শক্তিশালীকৰণ, স্বচ্ছ ইন্ধনৰ প্ৰসাৰ আৰু ৰাষ্ট্ৰীয় শক্তি সুৰক্ষা শক্তিশালী কৰাৰ বাবে এক ব্যাপক আৰু বহুমাত্ৰিক পন্থা অৱলম্বন কৰিছিল। এই পদক্ষেপসমূহ শক্তি প্ৰৱেশানুকূলতা, শক্তি দক্ষতা, শক্তি বহনক্ষমতা আৰু শক্তি সুৰক্ষাৰ সামগ্ৰিক ৰাষ্ট্ৰীয় প্ৰাথমিকতাসমূহৰ সৈতে সংগতিপূৰ্ণ কৰা হৈছে।

স্বচ্ছ ৰন্ধন ইন্ধনৰ সাৰ্বজনীন সুবিধা নিশ্চিত কৰাটো এটা ধ্বজাবাহী প্ৰাথমিকতা হৈয়েই আহিছে। ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’-ৰ অধীনত ২০২৫ চনৰ ১ ডিচেম্বৰ পৰ্যন্ত হিতাধিকাৰীৰ সংখ্যা প্ৰায় ১০.৩৫ কোটি হৈছে। বাকী থকা আবেদনসমূহ অনুমোদন কৰিবলৈ আৰু এল পি জিৰ প্ৰৱেশৰ পৰিপূৰ্ণতা লাভ কৰিবলৈ চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ২৫ লাখ অতিৰিক্ত এল পি জি সংযোগ মুকলি কৰাৰ প্ৰস্তাৱলৈ অনুমোদন জনায়। পূৰ্বৰ ‘বহুবিন্দু স্বঘোষণা ব্যৱস্থা’ৰ ঠাইত ‘একক বঞ্চনা ঘোষণা’ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে যোগ্যতা প্ৰক্ৰিয়া সৰল কৰা হৈছে, যাৰ ফলত প্ৰৱেশানুকূলতা দ্ৰুত আৰু অধিক সমাৱেশী হৈ উঠিছে।

‘পিএমইউওৱাই’ হিতাধিকাৰীসকলৰ বাবে প্ৰতি বছৰে নটা ৰিফিল পৰ্যন্ত প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত ৩০০ টকাৰ লক্ষ্যনিৱদ্ধ ৰাজসাহায্যৰ জৰিয়তে এলপিজি-ৰ ব্যয়সাধ্যতাক সমৰ্থন কৰা হৈছিল। এই হস্তক্ষেপৰ ফলত এল পি জিৰ ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ লৈছে। ২০১৯-২০ চনৰ প্ৰায় তিনিটা, ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ৪.৪৭ ৰিফিলৰ পৰা আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত বছৰি প্ৰায় ৪.৮৫ ৰিফিলৰ প্ৰ’-ৰেটেড স্তৰলৈ বৃদ্ধি পাইছে, যিয়ে স্বচ্ছ ৰন্ধন ইন্ধনৰ স্থায়ী অভিগ্ৰহণৰ ইংগিত প্ৰদান কৰিছে।

ৰাজসাহায্যৰ লক্ষ্য নিৰ্ধাৰণ আৰু স্বচ্ছতা উন্নত কৰাৰ বাবে বায়’মেট্ৰিক আধাৰ প্ৰমাণীকৰণ ত্বৰান্বিত কৰা হৈছিল। ২০২৫ চনৰ ১ ডিচেম্বৰ পৰ্যন্ত বায়’মেট্ৰিক প্ৰমাণীকৰণে পিএমইউওৱাই গ্ৰাহকৰ ৭১ শতাংশ আৰু অনা-পিএমইউওৱাই গ্ৰাহকৰ ৬২ শতাংশক সামৰি লৈছিল। গ্ৰাহকসকলক সৰলীকৃত মোবাইল ভিত্তিক প্ৰক্ৰিয়াৰ জৰিয়তে বিনামূলীয়াকৈ প্ৰমাণীকৰণ সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিবলৈ ২০২৫ চনৰ নৱেম্বৰ মাহত এক বিশেষ দেশজোৰা অভিযান আৰম্ভ কৰা হৈছিল।

দেশজোৰা বুনিয়াদী সুৰক্ষা পৰীক্ষণ অভিযানৰ জৰিয়তে গ্ৰাহকসকলৰ সুৰক্ষা শক্তিশালী কৰা হৈছিল। গ্ৰাহকৰ চৌহদত ১২.১২ কোটিতকৈয়ো অধিক বিনামূলীয়া সুৰক্ষা পৰিদৰ্শন কৰা হৈছিল, আৰু ৪.৬৫ কোটিতকৈয়ো অধিক এল পি জি নলী ৰেহাই মূল্যত সলনি কৰা হৈছিল, যাৰ ফলত ঘৰুৱা এল পি জি ব্যৱহাৰৰ সজাগতা আৰু সুৰক্ষাৰ মান যথেষ্ট বৃদ্ধি পাইছিল।

 

 

মন্ত্ৰালয়ে পেট্ৰলিয়াম বিপণন আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। ২.৭১ লাখতকৈয়ো অধিক পি অ’ এছ টাৰ্মিনেলৰ দ্বাৰা সমৰ্থিত ৯০,০০০ৰো অধিক খুচুৰা বিপণী ডিজিটেল পেমেণ্টৰ সুবিধাৰে সক্ষম কৰি তোলা হৈছিল। ৩,২০০ৰো অধিক বাউজাৰ সংস্থাপন জৰিয়তে ঘৰে-ঘৰে ডেলিভাৰী সেৱা সম্প্ৰসাৰণ কৰা হৈছিল, যাৰ ফলত দুৰ্গম অঞ্চলসমূহতো সুলভতা উন্নত হৈছিল। ‘স্বচ্ছ ভাৰত অভিযান’-ৰ অধীনত প্ৰায় সকলো খুচুৰা বিপণীতে শৌচাগাৰৰ সুবিধা নিশ্চিত কৰা হৈছিল, বৃহৎ সংখ্যকে পুৰুষ আৰু মহিলাৰ বাবে পৃথক সুবিধা প্ৰদান কৰিছিল।

বছৰটোৰ ভিতৰত বৈদ্যুতিক গতিশীলতাৰ আন্তঃগাঁথনি দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিল। ফেম-২(FAME-II) আঁচনিৰ অধীনত খুচুৰা বিপণীসমূহত ৮,৯৩২টা ইভি চাৰ্জিং ষ্টেশ্যন স্থাপন কৰা হৈছিল, আনহাতে অইল মাৰ্কেটিং কোম্পানীসমূহে অতিৰিক্তভাৱে নিজৰ সম্পদৰ পৰা ১৮,৫০০ৰো অধিক চাৰ্জিং ষ্টেশ্যন স্থাপন কৰিছিল। ট্ৰাক চালকৰ ৫০০ৰো অধিক পথৰ দাঁতিৰ সা-সুবিধাসমূহ স্থাপন কৰি পথ সুৰক্ষা উন্নত কৰা আৰু গ্ৰাম্য নিয়োগক সমৰ্থন কৰি আপনা ঘৰ-ৰ পদক্ষেপে অগ্ৰগতি লাভ কৰে।

ৰাজহুৱা খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠানসমূহে ২০২৪-২৫ চনৰ পৰা ২০২৮-২৯ চনৰ ভিতৰত প্ৰধান কৰিডৰ আৰু অন্যান্য সম্ভৱপৰ স্থানসমূহৰ কাষেৰে ৪,০০০ ইন্ধন কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰসমূহক জৈৱ ইন্ধন, চিএনজি, এলএনজি (য’ত সম্ভৱপৰ) আৰু বৈদ্যুতিক বাহন চাৰ্জিং সুবিধাকে ধৰি বিকল্প ইন্ধনৰ লগতে পেট্ৰ’ল আৰু ডিজেলৰ দৰে গতানুগতিক ইন্ধন প্ৰদান কৰা সংহত গতিশীলতা হাব হিচাপে বিকশিত কৰা হৈছে। ২০২৫ চনৰ ১ নৱেম্বৰ পৰ্যন্ত সমগ্ৰ দেশতে ১,০৬৪ টা ইন্ধন কেন্দ্ৰ স্থাপন কৰা হৈছে।

 

গেছ ভিত্তিক অৰ্থনীতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। দেশত কাৰ্যক্ষম প্ৰাকৃতিক গেছৰ পাইপলাইনৰ দৈৰ্ঘ্য ২০১৪ চনৰ ১৫,৩৪০ কিলোমিটাৰৰ পৰা ২০২৫ চনৰ জুন মাহ পৰ্যন্ত ২৫,৪২৯ কিলোমিটাৰলৈ বৃদ্ধি পাইছে, আৰু ১০,৪৫৯ কিলোমিটাৰৰ নিৰ্মাণকাৰ্য চলি আছে। ‘পিএনজিআৰবি’ আৰু ভাৰত চৰকাৰে অনুমোদিত কৰা এই পাইপলাইনসমূহ সম্পূৰ্ণ কৰাৰ ফলত সম্পূৰ্ণ ‘সংযুক্ত ৰাষ্ট্ৰীয় গেছ গ্ৰীড’-ৰ সৃষ্টি হ’ব, যাৰ ফলত সমগ্ৰ অঞ্চলসমূহত প্ৰাকৃতিক গেছৰ ব্যাপক উপলব্ধতা নিশ্চিত হ’ব আৰু সুষম অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহায়ক হ’ব।

গেছ পৰিবহণৰ খৰচৰ আঞ্চলিক বৈষম্য দূৰ কৰিবলৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ ব’ৰ্ড-য়ে “এক ৰাষ্ট্ৰ, এক গ্ৰীড, এক শুল্ক” মিছনৰ অধীনত এক ঐক্যবদ্ধ পাইপলাইন শুল্ক ব্যৱস্থা ৰূপায়ণ কৰিছে। ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰৱৰ্তন কৰা এই ব্যৱস্থাই ‘ৰাষ্ট্ৰীয় গেছ গ্ৰীড’-ত পূৰ্বৰ দূৰত্বভিত্তিক শুল্ক গাঁথনিৰ ঠাইত পৰিবহণ শুল্কৰ মানকীকৰণৰ দিহা কৰে। বৰ্তমান প্ৰায় ৯০ শতাংশ কাৰ্যক্ষম পাইপলাইন ঐক্যবদ্ধ শুল্ক ব্যৱস্থাৰ অধীনত সামৰি লোৱা হৈছে, যাৰ ফলত প্ৰাকৃতিক গেছৰ ব্যয়সাধ্যতা আৰু প্ৰতিযোগিতামূলক সামৰ্থ্য উন্নত হৈছে।

 

চিটী গেছ বিতৰণৰ আওতা ৩০৭টা ভৌগোলিক অঞ্চললৈ সম্প্ৰসাৰিত হয়। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত পিএনজি-ৰ ঘৰুৱা সংযোগ প্ৰায় ১.৫৭ কোটি আৰু চিএনজি ষ্টেশ্যন ৮,৪০০ৰো অধিকলৈ বৃদ্ধি পাইছে। ঘৰুৱা গেছ আবণ্টনৰ সংশোধিত নিৰ্দেশনাই প্ৰকৃত খৰচৰ আৰ্হিৰ সৈতে সংহতি উন্নত কৰিছে আৰু গ্ৰাহকৰ মূল্যৰ অস্থিৰতাৰ সংস্পৰ্শ হ্ৰাস কৰিছে।

ষ্টাট(SATAT) পদক্ষেপৰ অধীনত ২০২৫ চনৰ ১ নৱেম্বৰ পৰ্যন্ত ১৩০ টাতকৈয়ো অধিক কম্প্ৰেছড বায়’ গেছ প্ৰকল্প আৰম্ভ কৰা হৈছে, আৰু বহু সংখ্যকৰ নিৰ্মাণকাৰ্ষ চলি আছে। চিএনজি আৰু পিএনজি খণ্ডত চিবিজি-ৰ বাবে পাইপলাইন সংযোগ আৰু জৈৱবস্তু সংগ্ৰহৰ বাবে আৰ্থিক সাহায্যৰ দ্বাৰা সমৰ্থিত বাধ্যতামূলক মিশ্ৰণৰ বাধ্যবাধকতা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হৈছিল।

বছৰটোৰ ভিতৰত জৈৱ ইন্ধনে বৃহত্ লাভৰ সাক্ষী হৈছিল। পেট্ৰ’লত ইথানল মিশ্ৰণ ই এছ ওৱাই ২০২৪-২৫ত গড়ে ১৯.২৪ শতাংশত উপনীত হয়, য’ত সসামগ্ৰিক বৈদেশিক মুদ্ৰাৰ সঞ্চয় ১.৫৫ লাখ কোটি টকাতকৈয়ো অধিক আৰু কাৰ্বন নিৰ্গমনৰ হাৰ যথেষ্ট হ্ৰাস পায়। প্ৰধানমন্ত্ৰী জী-ৱন(JI-VAN) যোজনাৰ অধীনত উন্নত জৈৱ ইন্ধনৰ প্ৰসাৰ কৰা হৈছিল, পানীপত আৰু নুমলীগড়ত কাৰ্যক্ষম হৈ উঠা দ্বিতীয় প্ৰজন্মৰ ইথানল উদ্যোগে মূল সাফল্য চিহ্নিত কৰিছিল।

চৰকাৰে ২০২৭, ২০২৮ আৰু ২০৩০ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে বিমান টাৰ্বাইন ইন্ধনত ক্ৰমে ১%, ২% আৰু ৫% এছ এ এফ-ৰ সূচক মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰি বছৰটোৰ ভিতৰত বহনক্ষম বিমান ইন্ধনৰ পদক্ষেপসমূহ আগবাঢ়িছিল। এই ৰোডমেপৰ সৈতে সংগতি ৰাখি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড-য়ে প্ৰতিষ্ঠানটোৰ পানীপত শোধনাগাৰত এছ এ এফ উৎপাদনৰ বাবে আই এছ চি চি ক’ৰ্চিয়া প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমটো ভাৰতীয় কোম্পানী হিচাপে পৰিগণিত হয়, তাৰ পিছত আই অ’ চি এল আৰু এয়াৰ ইণ্ডিয়া-ৰ মাজত এছ এ এফ যোগানৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বছৰটোৰ ভিতৰত বায়’ডিজেল মিশ্ৰণো সম্প্ৰসাৰণ ঘটিছিল, যিটো ক্ৰয়ৰ পৰিমাণ বৃদ্ধি আৰু ফিডষ্টকৰ বৈচিত্ৰ্যৰ দ্বাৰা সমৰ্থিত হৈছিল, যাৰ ফলত স্বচ্ছ পৰিবহণ ইন্ধনৰ দিশত সংক্ৰমণ শক্তিশালী হৈছিল।

‘তৈলক্ষেত্ৰ (নিয়ন্ত্ৰণ আৰু উন্নয়ন) সংশোধনী আইন, ২০২৫’ প্ৰণয়ন আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ অধিনিয়ম, ২০২৫ৰ অধিসূচনাৰ সৈতে উত্তোলন খণ্ডত উল্লেখযোগ্য সংস্কাৰ সাধিত হয়। হাইড্ৰ'কাৰ্বন অন্বেষণ অনুজ্ঞাপত্ৰ নীতিৰ অধীনত ৩.৭৮ লাখ বৰ্গ কিলোমিটাৰতকৈয়ো অধিক অঞ্চল সামৰি ১৭২টা খণ্ড প্ৰদান কৰা হয়, যাৰ ফলত প্ৰায় ৪.৩৬ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগ আকৰ্ষিত হয়। ভূমিকম্পীয় জৰীপ, খনন কাৰ্যসূচী আৰু চৰকাৰী পুঁজিৰে মিছন অন্বেষণৰ দৰে পদক্ষেপৰ জৰিয়তে অন্বেষণৰ কাৰ্যকলাপ তীব্ৰতৰ হৈ উঠে।

দ্বিতীয় পৰ্যায়ৰ সুবিধাসমূহৰ অধীনত নৱীকৃত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব আৰু অগ্ৰগতিৰ জৰিয়তে কৌশলগত পেট্ৰলিয়ামৰ মজুত শক্তিশালী কৰা হৈছিল, যাৰ ফলত যোগানৰ ব্যাঘাতৰ বিৰুদ্ধে প্ৰস্তুতি সম্প্ৰসাৰিত কৰা হৈছিল। ভাৰতীয় তেল আৰু গেছ পিএছইউসমূহৰ বহিঃদেশীয় বিনিয়োগে যোগানৰ উৎসৰ বৈচিত্ৰ্যৰ জৰিয়তে শক্তি সুৰক্ষাক সহায় কৰি থাকিল।

ধাৰাবাহিক নীতি সংস্কাৰ, আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু স্বচ্ছ শক্তিৰ পদক্ষেপৰ জৰিয়তে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ২০২৫ চনৰ ভিতৰত ইন্ধনৰ প্ৰৱেশানুকূলতা, ব্যয়সাধ্যতা, বহনক্ষমতা আৰু নিৰাপত্তা শক্তিশালী কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰে, ভাৰতৰ স্থিতিস্থাপক আৰু সমাৱেশী ইন্ধনৰ ভৱিষ্যতৰ যাত্ৰাত সহায় কৰিছে।

 

****

MN/KB


(रिलीज़ आईडी: 2210703) आगंतुक पटल : 26
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Tamil , English , Urdu , हिन्दी , Manipuri , Gujarati , Odia , Kannada