সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ৩ জানুৱাৰীত পৱিত্ৰ পিপ্ৰাহৱা অৱশিষ্টসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

"লোটাছ লাইটঃ ৰেলিকচ অৱ দ্য এৱাকেণ্ড ৱান"ত প্ৰদৰ্শন কৰা হ’ব ঘূৰাই অনা অৱশিষ্ট আৰু প্ৰাসংগিক প্ৰাচীন সামগ্ৰী

प्रविष्टि तिथि: 31 DEC 2025 12:22PM by PIB Guwahati

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে "লোটাছ লাইটঃ ৰেলিকচ অৱ দ্য এৱাকেণ্ড ৱান" শীৰ্ষক এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰদৰ্শনীৰ আয়োজন কৰিছে, য’ত পূজনীয় পৱিত্ৰ পিপ্ৰাহৱা অৱশিষ্টৰ লগতে এই সম্পৰ্কীয় উল্লেখযোগ্য প্ৰাচীন সামগ্ৰীৰ প্ৰদৰ্শন কৰা হ’ব। এই প্ৰদৰ্শনীয়ে বুদ্ধৰ শিক্ষাৰ সৈতে ভাৰতৰ দীৰ্ঘস্থায়ী সভ্যতাৰ সম্পৰ্ক আৰু ইয়াৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্য সংৰক্ষণ আৰু উপস্থাপনৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

২০২৬ চনৰ ৩ জানুৱাৰী শুকুৰবাৰে নতুন দিল্লীৰ ৰাই পিথোৰা সাংস্কৃতিক চৌহদত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই গুৰুত্বপূৰ্ণ প্ৰদৰ্শনী উদ্বোধন কৰিব। এই অনুষ্ঠানটোৱে ভাৰতৰ সাংস্কৃতিক আৰু কূটনৈতিক ইতিহাসত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত চিহ্নিত কৰিছে, কিয়নো ইয়াত প্ৰদৰ্শন কৰা হ’ব ওভতাই অনা ঐতিহাসিক, পুৰাতাত্বিক আৰু আধ্যাত্মিক গুৰুত্বৰ পৱিত্ৰ অৱশেষ যিবোৰৰ প্ৰতি সমগ্ৰ বিশ্বৰ বৌদ্ধ সম্প্ৰদায়ৰ অপৰিসীম শ্ৰদ্ধা আছে।

১৯ শতিকাৰ শেষৰ ফালে আৱিষ্কাৰ হোৱা পিপ্ৰাহৱা অৱশিষ্টসমূহ শাক্য বংশৰ দ্বাৰা স্থাপন কৰা গৌতম বুদ্ধৰ নশ্বৰ দেহৰ অৱশিষ্টৰ সৈতে সম্পৰ্কিত বুলি বহুলভাৱে বিশ্বাস কৰা হয়। সেইবোৰ ওভতাই অনা আৰু ৰাজহুৱা প্ৰদৰ্শনে ইয়াৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰা আৰু বুদ্ধৰ শিক্ষাত সন্নিবিষ্ট শান্তি, সহানুভূতি আৰু জ্ঞানৰ সাৰ্বজনীন মূল্যবোধৰ প্ৰচাৰৰ বাবে ভাৰতৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে।

এই প্ৰদৰ্শনীখনত থাকিবঃ

  • পবিত্ৰ পিপ্ৰাহৱা অৱশিষ্ট আৰু আনুষংগিক প্ৰাচীন সামগ্ৰী
  • সেইবোৰৰ ঐতিহাসিক, আধ্যাত্মিক আৰু পুৰাতাত্ত্বিক প্ৰসংগৰ ওপৰত আলোকপাত কৰা সুনিৰ্দিষ্ট প্ৰদৰ্শন
  • বৌদ্ধ ধৰ্মৰ জন্মস্থান হিচাপে ভাৰতৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ব্যাখ্যামূলক আখ্যানসমূহ
  • পণ্ডিত, ভক্ত আৰু জনসাধাৰণৰ বাবে চিন্তাশীলভাৱে আৰ্হি যুগুত কৰা এক প্ৰদৰ্শনী অভিজ্ঞতা

****

Sunil Kumar Tiwari/HS

pibculture[at]gmail[dot]com


(रिलीज़ आईडी: 2210097) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Kannada , Malayalam