পাৰমাণৱিক শক্তি বিভাগ
azadi ka amrit mahotsav

পাৰমাণৱিক শক্তি বিভাগ বছৰৰ শেষৰ পৰ্যালোচনা ২০২৫

২০২৪-২৫ বিত্তীয় বৰ্ষত এনপিচিআইএলে ৫৬,৬৮১ এম ইউ অতিক্ৰম কৰাৰ লগে লগে ভাৰতৰ পাৰমাণৱিক শক্তি উৎপাদনে সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত ৪ ইউনিটযুক্ত মাহী বাঁসৱাড়া পাৰমাণৱিক শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰীয়ে মুজাফৰপুৰত ১৫০খন বিছনাযুক্ত হোমী ভাভা কেন্সাৰ হাস্পতাল উদ্বোধন কৰে

ভাৰতে বিৰল পৃথিৱী মৌলৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰমাণিত ৰেফাৰেন্স মেটেৰিয়েল মুকলি কৰে

ডিএইয়ে ৰাজভাষা কীৰ্তি পুৰস্কাৰ জয় কৰে; ইচিআইএলে প্ৰতিষ্ঠানিক উৎকৃষ্টতাৰ বাবে স্কপ এমিনেঞ্চ পুৰস্কাৰ লাভ কৰে

प्रविष्टि तिथि: 10 DEC 2025 11:45AM by PIB Guwahati

পাৰমাণৱিক শক্তি বিভাগে (ডিএই) পাৰমাণৱিক শক্তি উৎপাদন, পাৰমাণৱিক শক্তিৰ বাবে সামৰ্থ্য বিকাশ, ৰেডিঅ’-আইছ’ট’প আৰু ৰেডিঅ’-ফাৰ্মাচিউটিকেল উৎপাদনৰ বাবে গৱেষণা ৰিয়েক্টৰ আৰু কণা ত্বৰক সৃষ্টি আৰু পৰিচালনা, স্বাস্থ্যসেৱা, খাদ্য সুৰক্ষা, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সামাজিক সমস্যাসমূহৰ সমাধানৰ বাবে বিকিৰণ প্ৰযুক্তি সমাধানৰ প্ৰয়োগ আদিৰ নিজৰ অধিদেশ সম্পূৰ্ণ কৰাৰ কাম অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশতো বিভাগটোৱে অৰিহণা যোগায়।

মাননীয় প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ ২৫ ছেপ্টেম্বৰত ৰাজস্থানত ৪ ইউনিটযুক্ত মাহী বাঁসৱাড়া এনপিপিৰ আধাৰশিলা স্থাপন কৰে; ইয়াক NPCIL-NTPC সংযুক্ত উদ্যম অশ্বিনীৰ দ্বাৰা স্থাপন কৰা হ’ব।

  • ৰাজস্থানস্থিত ৭ নং ইউনিট (আৰএপিপি-৭)ক নৰ্দাৰ্ণ গ্ৰীডৰ সৈতে সংযুক্ত কৰা হৈছে তথা বাণিজ্যিক কাৰ্য্যকলাপ আৰম্ভ কৰা হয়।
  • এনপিচিআইএলে ইয়াৰ সমগ্ৰ পৰিচালনাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটা বিত্তীয় বৰ্ষত ৫০ বিলিয়ন ইউনিট (বিইউ) উৎপাদনৰ মাইলৰ খুঁটি অতিক্ৰম কৰিলে।
  • পাৰমাণৱিক শক্তি আয়োগে (এইচি) ২০৩২ চনৰ ভিতৰত পৰিকল্পিত ২২.৫ গিগাৱাট ক্ষমতাৰ অতিৰিক্ত ৭০০ মেগাৱাট ক্ষমতাযুক্ত ১০টা অতিৰিক্ত পিএইচডব্লিউ ইউনিটৰ বাবে পূৰ্ব-প্ৰকল্পৰ কাৰ্য্যকলাপৰ বাবে অনুমোদন দিছে।
  • মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে বিহাৰৰ মুজাফৰপুৰস্থিত ১৫০খন বিছনাযুক্ত হোমি ভাভা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ শুভাৰম্ভণি কৰে।
  • আইএইএয়ে টাটা মেম’ৰিয়েল হাস্পতালক “ৰেইজ অৱ হোপ” এংকৰ চেণ্টাৰ হিচাপে স্বীকৃতি দিছে।
  • কৃষি বিকিৰণ প্ৰক্ৰিয়াকৰণ সুবিধাই (এআৰপিএফ)য়ে থলুৱাভাৱে বিকশিত ১০টা ১০ মেগাভল্ট, ৬ কিলোৱাট লিনাক ব্যৱহাৰ কৰি ইলেক্ট্ৰন ৰশ্মিৰ বীজাণুমুক্তকৰণৰ জৰিয়তে এক কোটি (১০ মিলিয়ন) চিকিৎসা সঁজুলিক সংক্ৰমণৰহিত কৰাৰ কৃতিত্ব অৰ্জন কৰে।
  • ‘ফেৰ’কাৰ্বনাটাইট (এফচি) – (BARC B1401) নামৰ থলুৱাভাৱে নিৰ্মিত প্ৰমাণিত ৰেফাৰেন্স মেটেৰিয়েল (চিআৰএম) আনুষ্ঠানিকভাৱে মুকলি কৰে, ই হৈছে ভাৰতত এনেকুৱা প্ৰথম আৰু বিশ্বৰ চতুৰ্থ চিআৰএম; ই REEs অয়স্ক খননৰ বাবে গুৰুত্বপূৰ্ণ।
  • ডিএইয়ে টালচেৰত প্ৰথম ইলেক্ট্ৰনিক্স-গ্ৰেড (৯৯.৮% বিশুদ্ধতা) ব’ৰন-১১ সংবৰ্ধন সুবিধা স্থাপন কৰে, যিটো অৰ্ধপৰিবাহী প্ৰয়োগৰ বাবে উপযোগী।
  • ২০২৫ চনৰ আগষ্ট মাহত ডিএইয়ে ১৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড অন এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স (আইঅ’এএ ২০২৫) আয়োজন কৰে, য’ত ৬৪খন দেশৰ ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু ১৪০জন সদস্যই অংশগ্ৰহণ কৰে।

এই বছৰত ডিএইৰ কৃতিত্ব অসংখ্য আৰু বৈচিত্ৰ্যময় কিছুমান উল্লেখযোগ্য কৃতিত্ব এনেধৰণৰ -

ভাৰতীয় পাৰমাণৱিক শক্তি কাৰ্যসূচীত কৃতিত্বসমূহ:

  • মাননীয় প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ ২৫ ছেপ্টেম্বৰত ৰাজস্থানত ৪ ইউনিটযুক্ত মাহী বাঁসৱাড়া এনপিপিৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটোত ৭০০ মেগাৱাটৰ পিএইচডব্লিউআৰৰ চাৰিটা ইউনিট থাকিব - আৰু ইয়াক NPCIL-NTPC সংযুক্ত উদ্যম অশ্বিনীৰ দ্বাৰা স্থাপন কৰা হ’ব।
  • গুজৰাটৰ কাকৰাপাৰস্থিত থলুৱা ৭০০ মেগাৱাট পিএইচডব্লিউৰ প্ৰথম দুটা ইউনিট (KAPS – 3 & 4)য়ে নিয়মীয়া পৰিচালনাৰ বাবে AERB অনুজ্ঞাপত্ৰ লাভ কৰিছে। ৰাৱতভাটা পাৰমাণৱিক শক্তি প্ৰকল্প (আৰএপিপি)ৰ ইউনিট ৭ – অনুমোদিত ১৬টা ৰিয়েক্টৰৰ শৃংখলাত ৩য় থলুৱা ৭০০ মেগাৱাট পিএইচডব্লিউৱে ২০২৫ চনৰ ১৫ এপ্ৰিলৰ পৰা বাণিজ্যিক কাৰ্য্যকলাপ আৰম্ভ কৰিছে।
  • এনপিচিআইএলে ইয়াৰ সমগ্ৰ পৰিচালনা ইতিহাসত সৰ্বাধিক উৎপাদন লাভ কৰিছে – ২০২৪-২৫ বিত্তীয় বৰ্ষত ৫৬,৬৮১ মিলিয়ন ইউনিট বিদ্যুৎ, যাৰ ফলত প্ৰায় ৪৯ মিলিয়ন টন চিঅ’২ নিৰ্গমন এৰাই চলিছে। এতিয়ালৈকে ৫৩বাৰ এবছৰতকৈ অধিক সময় ধৰি অবিৰত কাৰ্য্যকলাপ ৰেকৰ্ড কৰা হৈছে, য’ত টেপছ-৩য়ে পূৰ্বৰ ৫২১ দিনৰ অভিলেখ অতিক্ৰম কৰিছে আৰু কেকেএনপিপি-২ এ এবছৰতকৈ অধিক সময় ধৰি চলিছে।

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত লাভ কৰা সাফল্য:

  • ডিএইয়ে চিকিৎসামূলক/ নিদানমূলক ৰেডিঅ'ফাৰ্মাচিউটিকেল আৰু কেন্সাৰ কেয়াৰৰ থলুৱা উন্নয়ন, বাণিজ্যিকীকৰণ আৰু যোগানত অৰিহণা যোগাই আহিছে।
  • ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ২২ আগষ্ট ২০২৫ তাৰিখে বিহাৰৰ মুজাফৰপুৰস্থিত ১৫০খন বিছনাযুক্ত হোমি ভাভা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰে।
  • ২০২৪-২৫ বিত্তীয় বৰ্ষত টিএমচিত মুঠ ১.৩ লাখ ৰোগীৰ পঞ্জীয়ন হৈছে। বাৰাণসী, সংগ্ৰুৰ, মুলনপুৰ আৰু গুৱাহাটীৰ প্ৰায় ৫ লাখ মহিলাৰ মৌখিক, স্তন, আৰু জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে।
  • কলকাতাৰ ৩০ এমইভি মেডিকেল চাইক্ল’ট্ৰন ফেচিলিটিয়ে এফডিজি আৰু অন্যান্য ৰেডিঅ’ফাৰ্মাচিউটিকেলৰ বাণিজ্যিক উৎপাদন অব্যাহত ৰাখিছে আৰু ৩৭১ চি সমতুল্য মাত্ৰাৰ ৰেডিঅ’ফাৰ্মাচিউটিকেলছ কৰ্কট ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
  • 177Lu-DOTA-FAPI-2286 Therapy, আৰু বৰ্ধিত নিখুঁততাৰে পাঁচটা নতুন নিদানমূলক হস্তক্ষেপ প্ৰৱৰ্তন কৰা হৈছে, যিবোৰ নিয়মীয়া ক্লিনিকেল প্ৰেকটিছত আগবঢ়োৱা হৈছে, যাৰ ফলত ৰোগীৰ যত্নৰ পৰিসৰ বৃদ্ধি পাইছে। থলুৱা ইলেক্ট্ৰ’মেগনেটিক আইছ’ট’প পৃথকীকৰণ সুবিধাত ১৭৬এলইউৰ সমস্থানিক পৃথকীকৰণ আৰু সমৃদ্ধিৰ প্ৰযুক্তি সফলতাৰে প্ৰদৰ্শন কৰা হয়।
  • মধ্যপ্ৰদেশৰ ইন্দোৰত থকা ইলেক্ট্ৰন বিম ভিত্তিক বন্ধ্যাকৰণৰ সুবিধাই চিকিৎসা সঁজুলি নিৰ্মাতাসকলক আইএছঅ’ মানদণ্ড মানি ই-বিম বন্ধ্যাকৰণ সেৱা অহৰহ প্ৰদান কৰি আছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত এই সুবিধাটোৱে ১.৫৩ কোটি চিকিৎসা সঁজুলিৰ ক্ৰমবৰ্ধমান বন্ধ্যাকৰণ সফলতাৰে সম্পূৰ্ণ কৰে। ইয়াত বীজাণুমুক্ত কৰা চিকিৎসা সঁজুলিসমূহ জাৰ্মানী, ব্ৰিটেইন, স্পেইন, ফ্ৰান্স, বেলজিয়াম, ইটালী, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড, অষ্ট্ৰিয়া, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, পৰ্তুগাল, চেক, আৰু ৰাছিয়ান ফেডাৰেচনকে ধৰি ৩৫খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰা হৈছে।
  • স্বাস্থ্যসেৱা সামগ্ৰীৰ টাৰ্মিনেল বীজাণুমুক্তকৰণৰ বাবে স্বাস্থ্যসেৱা উদ্যোগক সেৱা আগবঢ়াবলৈ ২০২৫ চনৰ মে' মাহত দ্বিতীয় শ্ৰেণীৰ ধৰণৰ ডিজাইনৰ সৈতে এটা হাই-ইণ্টেন্সিটি গামা ইৰেডিয়েটৰ, আইছ'মেড ২ সম্পূৰ্ণ কৰা হয়। ISOMED 2.0 আজি বিশ্বৰ একমাত্ৰ High Intensity Land Based Stationary Gamma Irradiator।

উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত কৃতিত্ব (কণা ত্বৰক, লেজাৰ, প্লাজমা, ক্ৰায়জেনিক, কোৱাণ্টাম, মহাকাশ প্ৰয়োগ, সংযোজন, আভ্যন্তৰীণ লগতে চাইবাৰ সুৰক্ষা)

  • ‘ফেৰ’কাৰ্বনেটাইট (FC) – (BARC B1401) নামৰ এটা থলুৱাভাৱে বিকশিত প্ৰমাণিত ৰেফাৰেন্স মেটেৰিয়েল (CRM) আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই চিআৰএমে দুৰ্লভ পৃথিৱী তত্ত্ব (আৰইই)ৰ অয়স্ক খনন আৰু সংবদ্ধ উৎপাদন উদ্যোগসমূহত অন্বেষণ, নিষ্কৰ্ষণ আৰু প্ৰক্ৰিয়া নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিকশিত এফচি-চিআৰএম-এ ছটা (০৬) প্ৰধান মৌল (Al, Ca, Fe, Mg, Mn আৰু P)ৰ সৈতে তেৰটা (১৩) আৰইই (Ce, Dy, Er, Eu, Gd, La, Nd, Pr, Sc, Sm, Tb, Y আৰু Yb)ক প্ৰমাণিত কৰে। এই ল্যাণ্ডমাৰ্ক কৃতিত্বই ভাৰতৰ প্ৰথম এনে চিআৰএম আৰু বিশ্বৰ চতুৰ্থ চিআৰএমক প্ৰতিনিধিত্ব কৰে।
  • এনএফচিয়ে উচ্চ অৱশিষ্ট প্ৰতিৰোধ ক্ষমতা অনুপাতৰ নাইবিয়াম পিণ্ড আৰু শ্বীট উৎপাদনৰ বাবে প্ৰযুক্তি সফলতাৰে বিকশিত কৰিছে। এই সামগ্ৰীটো হৈছে বহু পৰিসৰৰ উন্নত ত্বৰক কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় এক জটিল সামগ্ৰী আৰু ইয়াৰ লক্ষ্য হৈছে জটিল প্ৰয়োগৰ বাবে সামগ্ৰী গৱেষণাত ভাৰতৰ সামৰ্থ্য শক্তিশালী কৰা।
  • আভ্যন্তৰীণ সুৰক্ষাৰ দিশত ইচিআইএলে গুৰুত্বপূৰ্ণ স্থাপনৰ সময়ত ভাবুকিৰ পৰা সুৰক্ষাৰ বাবে ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু পাৰমাণৱিক (চিবিআৰএন) ব্যৱস্থা সফলতাৰে বিকশিত, সংহত আৰু স্থাপন কৰিছে। লগতে, শত্ৰুৰ বিমান / ড্ৰোনৰ পৰা বহু দিশগত আক্ৰমণৰ ৩৬০° পৰ্যন্ত নিয়োজিত কৰিব পৰা আকাশ-প্ৰাইম ব্যৱস্থাৰ বাবে প্ৰথম উৎপাদন মডিউলো সংহত কৰা হৈছে।
  • ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত ইচিআইএলে অগ্নি মিছাইল লঞ্চাৰ ছিষ্টেমৰ বাবে ইন্টিগ্ৰেটেড পাৱাৰ এণ্ড পাইৰ’ ৰিলে ইউনিট (আইপিপিআৰইউ) আৰু লঞ্চাৰ ইন্টাৰফেচ ইউনিট (এলআইইউ) সফলতাৰে বিকশিত আৰু নিৰ্মাণ কৰিছে। লগতে, এষ্ট্ৰা মিছাইল(VL- SRSAM)ৰ বাবে অস্ত্ৰ নিয়ন্ত্ৰণ ব্যৱস্থা (WCS) সফলতাৰে পৰীক্ষা কৰা হয় আৰু ভাৰতীয় নৌসেনাৰ জাহাজত অন্যান্য অন-বৰ্ড ব্যৱস্থাৰ সৈতে সংযোগ কৰা হয়।
  • শ্ব’ৰ বেছড এণ্টি-শ্বিপ মিছাইল ছিষ্টেম (এছবিএএছএমএছ)ৰ বাবে চি৪আই (কমাণ্ড, কণ্ট্ৰল, কমিউনিকেচন, কম্পিউটাৰ এণ্ড ইনটেলিজেন্স) ছিষ্টেমসমূহ সংহত কৰি বন্ধুত্বপূৰ্ণ বিদেশী দেশলৈ ৰপ্তানিৰ বাবে মেছাৰ্ছ ব্ৰাহমছ এৰ’স্পেচ প্ৰাইভেট লিমিটেডক যোগান ধৰা হৈছে। প্ৰথমবাৰৰ বাবে ভেহিকেল মাউণ্টেড ৰাডাৰৰ সংহতিৰ কাম হাতত লোৱা হয়।
  • মহাকাশ কাৰ্যসূচীৰ বাবে নাইবিয়ামৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰ (ভিএছএছচি), মহাকাশ বিভাগৰ (ডিঅ’এছ)ৰ সৈতে বুজাবুজিৰ চুক্তিৰ অধীনত এনএফচিয়ে স্থাপন কৰা উদ্যোগ নাইবিয়াম থাৰ্মিট প্ৰডাকচন ফেচিলিটি (এনটিপিএফ) আৰম্ভ কৰা হৈছে। উদ্যোগটোৰ পৰা প্ৰথমটো বেছ নাইবিয়াম অক্সাইড সফলতাৰে উৎপাদন কৰি মহাকাশ বিভাগৰ সচিব আৰু মহাকাশ আয়োগৰ অধ্যক্ষক গতাই দিয়া হৈছে।

মৌলিক আৰু নিৰ্দেশিত গৱেষণাৰ কৃতিত্ব:

  • এইচডব্লিউবিয়ে ব’ৰন এক্সচেঞ্জ ডিষ্টিলেচন ফেচিলিটি, এইচডব্লিউবিএফ-টালচাৰত ৯৯.৮%তকৈ অধিক বিশুদ্ধতা (অৰ্ধপৰিবাহী গ্ৰেড) ব’ৰন-১১ সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। সমৃদ্ধ সামগ্ৰীটোক সফলতাৰে বিশুদ্ধ সমৃদ্ধ বৰিক এচিডলৈ ৰূপান্তৰিত কৰি পৰৱৰ্তী সময়ত সমৃদ্ধ বিএফ৩ গেছলৈ ৰূপান্তৰিত কৰা হ'ব।
  • আইএমএছচিৰ গৱেষকসকলে নৱজাতকৰ ওজন অনুমান কৰিবলৈ গম্পাৰ্টজ সূত্ৰ ব্যৱহাৰ কৰি এটা সহজ, স্বজ্ঞাত আৰু অতি সঠিক বৃদ্ধিৰ আৰ্হি প্ৰস্তুত কৰিছে। মডেলটোত অন্ততঃ তিনিটা ৰুটিন আল্ট্ৰাছাউণ্ড স্কেনৰ পৰা মাত্ৰ চাৰিটা মানক ভ্ৰুণৰ জোখৰ প্ৰয়োজন হয়। এই অগ্ৰগতিৰ ফলত নৱজাতকৰ জটিলতা আৰু মৃত জন্মৰ আশংকাৰ সৈতে জড়িত ভ্ৰুণৰ ওজনৰ বিচ্যুতি আগতীয়াকৈ ধৰা পেলাব পৰা যায়, যাৰ ফলত সময়মতে ক্লিনিকেল হস্তক্ষেপ সম্ভৱ হয়।
  • ডাৰ্ক মেটাৰ প্ৰত্যক্ষ অনুসন্ধান পৰীক্ষাৰ বাবে প্ৰথমটো ৰান ভাৰতীয় ডাৰ্ক মেটাৰ অনুসন্ধান পৰীক্ষা (InDEx) জাডুগুডা আণ্ডাৰগ্ৰাউণ্ড ছায়েন্স লেবৰেটৰীত এছআইএনপিয়ে ডাৰ্ক মেটাৰৰ কম ভৰৰ অঞ্চলটো অন্বেষণ কৰিবলৈ আৰম্ভ কৰিছে।

কৃষি আৰু খাদ্য সংৰক্ষণৰ বাবে বিকিৰণ ভিত্তিক প্ৰযুক্তিৰ প্ৰয়োগ আৰু সমাজৰ সুবিধাৰ বাবে পাৰমাণৱিক শক্তিৰ বিদ্যুৎ বিহীন প্ৰয়োগৰ পৰা স্পিন-অফ আৰু প্ৰযুক্তি হস্তান্তৰত কৃতিত্ব-

  • কলৰ এক সোনকালে পকা মিউটেণ্ট-জাত – টিবিএম-৯ক নেশ্যনেল ৰিছাৰ্চ চেণ্টাৰ ফৰ বানানা (এনআৰচিবি), ট্ৰিচিৰ সহযোগত বিকশিত আৰু অধিসূচিত কৰা হৈছে। ১৫-২০% অধিক শস্যৰ উৎপাদন থকা এটা সোনকালে পকা জোৱাৰ মিউটেণ্ট-জাত, আৰটিএছ-৪৩ক ৰাজপত্ৰিত কৰা হৈছে। এইবোৰে বাৰ্কে মুকলি কৰা জাতৰ সংখ্যা ৭২লৈ বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও পূৰ্বতে মুকলি কৰা ৬টা বাৰ্ক তৈলবীজৰ জাত এতিয়া অতিৰিক্ত ৰাজ্যলৈও খেতিৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।
  • ব্যক্তিগত আৰু ৰাজ্য চৰকাৰী খণ্ডত গামা বিকিৰণ প্ৰক্ৰিয়াকৰণৰ সুবিধা স্থাপনৰ বাবে ১৭টা বুজাবুজি চুক্তি স্বাক্ষৰিত হয় আৰু এই সময়ছোৱাত ৬টা এনে সুবিধা আৰম্ভ কৰা হয়, যাৰ ফলত দেশত চলি থকা এনে সুবিধাৰ মুঠ সংখ্যা ৪০টালৈ বৃদ্ধি পায়। বিআৰআইটিয়ে এই সুবিধাসমূহক চিঅ’-৬০ স্ৰোতৰ যোগান ধৰি আৰু সংযন্ত্ৰৰ পৰিচালনা মাপকাঠী স্থাপন কৰি সহায় কৰি আছে।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি:

  • টিআইএফআৰৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে জীৱবিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ ৫খন আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত চমকপ্ৰদ প্ৰদৰ্শন পঞ্জীয়ন কৰিছে - ইউএইৰ ডুবাইত অনুষ্ঠিত ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰসায়ন অলিম্পিয়াড (আইচিএইচঅ’)ত ২টা সোণ আৰু ২টা ৰূপৰ পদক; ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড (IPhO)ত ৩টা সোণ আৰু ২টা ৰূপৰ পদক; ফিলিপাইনছৰ কিউজনত অনুষ্ঠিত ৩৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াড (আইবিঅ’)ত ২টা সোণ আৰু ২টা ৰূপৰ পদক; অষ্ট্ৰেলিয়াৰ ছানশ্বাইন ক’ষ্টত আয়োজিত ৬৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াড (আইএমঅ’)ত ৩টা সোণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক; ভাৰতত অনুষ্ঠিত ১৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞান অলিম্পিয়াড (আইঅ’এএ)ত ৪টা স্বৰ্ণ আৰু ১টা ৰূপৰ পদক অৰ্জন কৰে।
  • আইআৰইএল আৰু ইচিআইএলে ক্ৰমে “প্ৰতিষ্ঠানিক উৎকৰ্ষতা” আৰু “অন্য লাভ আহৰণ কৰা / উদ্বৃত্ত সৃষ্টিকাৰী পিএছইউ” শাখাৰ অধীনত ‘স্কোপ ইমিনেন্স বঁটা ২০২২-২৩’ লাভ কৰিছে। এই বঁটা প্ৰদান কৰে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে, ২৯ আগষ্ট ২০২৫ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত।
  • ১৪ ছেপ্টেম্বৰৰ হিন্দী দিৱসৰ দিনা ডিএইয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে ৰাজভাষা কীৰ্তিপুৰস্কাৰ বঁটা লাভ কৰিছে।
  • এইচিএছ-২ মুম্বাইৰ প্ৰধান অধ্যাপিকা শ্ৰীমতী ছোনিয়া কাপুৰক ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে ২০২৫ চনৰ ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা প্ৰদান কৰে, এয়া আমাৰ অনুষদৰ উৎকৃষ্টতাৰ এটা প্ৰমাণ।
  • এনআইআৰএফ ৰেংকিং ২০২৫ত এইচ বিএনআইক ভাৰতত গৱেষণা প্ৰতিষ্ঠান শাখাত ৭ম স্থান, বিশ্ববিদ্যালয় শাখাত দ্বাদশ স্থান, আৰু সামগ্ৰিক শাখাত ২০ নম্বৰ স্থান লাভ কৰিছে। প্ৰকৃতি সূচকাংক ২০২৪-২৫ত এইচবিএনআইয়ে ভৌতিক বিজ্ঞানৰ প্ৰকাশনৰ ক্ষেত্ৰত প্ৰথম স্থান আৰু ভাৰতৰ সকলো প্ৰতিষ্ঠানৰ ভিতৰত সামগ্ৰিক প্ৰকাশনৰ ক্ষেত্ৰত তৃতীয় স্থান লাভ কৰিছে।

 

NKR/AK/GS

 


(रिलीज़ आईडी: 2210061) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Kannada