গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত জ্যোতি–বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা কেন্দ্ৰ উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

শ্ৰী অমিত শ্বাহে ১১১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, ১৭৮ কোটি টকা ব্যয়েৰে নিৰ্মিত কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ আৰু তিনিখন নতুন অপৰাধমূলক আইনৰ ভিত্তিত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী উদ্বোধন কৰে

দুগৰাকী মহান সাহিত্যিক আৰু শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা তথা বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত নিৰ্মিত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহটো অসমৰ বিকাশৰ প্ৰতীক

শ্ৰীযুত জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চিনেমাৰ ভেটি স্থাপন কৰিছিল আৰু সংগীত, নাটক, সাহিত্যক দেশপ্ৰেমৰ সৈতে সংযুক্ত কৰি অসমবাসীৰ মাজত স্বাধীনতাৰ আকাংক্ষাক জগাই তুলিছিল

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই শিল্পৰ মাধ্যমেৰে সাধাৰণ মানুহ, শ্ৰমিক, কৃষক, আদিবাসীলোকসকলক স্বাধীনতা আন্দোলনৰ সৈতে সংযুক্ত কৰিছিল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ ১১ বছৰত অসমে উন্নয়নৰ পথত আগবাঢ়িছে, দেশৰ সৈতে সমানে খোজ মিলাই আগবাঢ়ি গৈছে

বৰ্তমান অসমৰ শুভাকাংক্ষী বুলি দাবী কৰা বিৰোধীয়েই ১৯৮৩ চনত ৰাজ্যখনত অনুপ্ৰৱেশকাৰীক সংস্থাপন দিবলৈ আইন প্ৰণয়ন কৰিছিল

অনুপ্ৰৱেশকাৰীয়ে অসমৰ শিল্প, সংস্কৃতি, সংগীত, ভাষাৰ প্ৰতি এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে

ভোট-বেংক ৰাজনীতিৰ স্বাৰ্থত বিৰোধীয়ে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি মানি আনিছিল

পোষ্ট কৰা হৈছে: 29 DEC 2025 7:09PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি গুৱাহাটীত জ্যোতি–বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা কেন্দ্ৰ উদ্বোধন কৰে। তেওঁ নতুনকৈ নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন, কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ আৰু তিনিখন  নতুন অপৰাধমূলক আইনৰ ভিত্তিত আয়োজিত  ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনীও উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত  অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও  বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি একেদিনাই অসমত উন্নয়ন, পৰিচয়, সংস্কৃতি, নিৰাপত্তাৰ সকলো মাত্ৰা সামৰি কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয়। তেওঁ কয় যে আজি ১১১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰা হৈছে আৰু ই কেৱল অত্যাধুনিকেই  নহয়, আধুনিক সা-সুবিধাৰেও সুসজ্জিত। তেওঁ কয় যে  ১৭৮ কোটি টকা ব্যয়েৰে নিৰ্মিত আৰু স্মাৰ্ট পুলিচিঙৰ ধাৰণাক বাস্তৱত পৰিণত কৰাৰ লক্ষ্যৰে সাজু  কৰা ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰো আজি উদ্বোধন কৰা হয়। শ্ৰী শ্বাহে কয় যে অনাগত দিনত তিনি বছৰৰ ভিতৰত ছেছন  আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ অসমত ন্যায় প্ৰদান নিশ্চিত কৰিব পৰাকৈ গ্ৰহণ কৰা  নতুন তিনিখন অপৰাধ আইন পৰিচয় দাঙি ধৰিব পৰা   প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হৈছে। 

শ্ৰী অমিত শ্বাহে কয় যে আজি পুৱাৰ ভাগত নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ এক  স্মাৰকো উদ্বোধন কৰা হয়। তেওঁ কয় যে ১৬২ একৰ মাটিৰ পৰা অনুপ্ৰৱেশকাৰীক  আঁতৰাই শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিসৌধটো নিৰ্মাণ কৰিব পৰাটো  অসমৰ সংস্কৃতিৰ পুনৰুজ্জীৱনৰ এক উল্লেখযোগ্য ঘটনা  হিচাবে পৰিগণিত হৈছে । তেওঁ কয় যে আজি ইয়াত শ্ৰী জ্যোতি–বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰা হৈছে। তেওঁ লগতে কয় যে  প্ৰায় ২৯১ কোটি টকা ব্যয়েৰে দুগৰাকী মহান সাহিত্যিক তথা শিল্পী—জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত নিৰ্মাণ কৰা তথা  ৫,০০০ দৰ্শকে একেলগতে আসনগ্ৰহণ  কৰিব পৰাৰ  ক্ষমতা থকা এই প্ৰেক্ষাগৃহৰ উদ্বোধনে অসমৰ উন্নয়নে  প্ৰতিফলিত কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে  কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু  বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে যিমানেই কোৱা নহওক কিয়, সেয়া কেতিয়াও শেষ নহ’ব। তেওঁ কয় যে আগৰৱালাই অসমৰ প্ৰথমখন ছবি জয়মতী নিৰ্মাণ কৰিছিল। এনেদৰে তেওঁ অসমীয়া চিনেমাৰ ভেটি স্থাপন কৰিছিল। শ্ৰী শ্বাহে কয় যে আগৰৱালাই সংগীত, নাট্য, সাহিত্যক দেশপ্ৰেমৰ সৈতে সংপৃক্ত কৰি অসমৰ জনসাধাৰণৰ মাজত স্বাধীনতাৰ হাবিয়াস জগাই তুলিবলৈও প্ৰয়াস  কৰিছিল। তেওঁ কয় যে ইয়াৰ দ্বাৰা অসমবাসীৰ হৃদয়ত আত্মসন্মান আৰু দেশপ্ৰেম জাগ্ৰত হৈছিল, যি দেশপ্ৰেমক পৰৱৰ্তী সময়ত গোপীনাথ বৰদলৈয়ে এক শক্তিশালী আন্দোলনৰ জৰিয়তে আগুৱাই লৈ যায়, যাৰ ফলত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক অসম ভাৰতৰ অংগ হৈ থকাটো  নিশ্চিত কৰিবলৈ তেওঁ বাধ্য কৰোৱাব পাৰিছিল ।

শ্ৰী অমিত শ্বাহে কয় যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই শিল্পৰ জৰিয়তে স্বাধীনতা বিপ্লৱক শক্তিশালী কৰি তুলিছিল। তেওঁ কয় যে ৰাভাই তেওঁৰ স্বভাৱসিদ্ধ, সহজ-সৰল আৰু সাহিত্যিক প্ৰকাশভংগীৰ জৰিয়তে সাধাৰণ মানুহ, শ্ৰমিক, কৃষক, জনজাতীয় সম্প্ৰদায়ক স্বাধীনতা আন্দোলনৰ সৈতে সংযুক্ত  কৰিছিল। তেওঁ লগতে কয় যে ৰাভাই বিদেশী অপশাসন আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা দৰিদ্ৰতা, বৈষম্য, সামাজিক অন্যায়ৰ বিৰুদ্ধেও সজাগতা বিয়পাইছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে  কয় যে অসম এক  দীঘলীয়া দুঃস্বপ্নেৰে ভৰা সময়ৰ পৰা ওলাই আহিছে। তেওঁ কয় যে অসম এদশক পূৰ্বে বোমা বিস্ফোৰণ, পথ অৱৰোধ, গুলীচালনা, হিংসাত্মক ঘটনা , আন্দোলনৰ সাক্ষী হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে উন্নয়নৰ পথত আগবাঢ়িছে আৰু এতিয়া দেশৰ বাকী অংশৰ সৈতে খোজ মিলাই আগুৱাই যাব পাৰিছে। তেওঁ কয় যে সমগ্ৰ অসমতে অনুপ্ৰৱেশকাৰীয়ে ভূমি বেদখল কৰিছিল, কিন্তু বিগত ১০ বছৰত—বিশেষকৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ যোৱা পাঁচ বছৰত—১ লাখ ২৯ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে যিসকলে অসমৰ শিল্প, সাহিত্য, সংস্কৃতিৰ কথা কয় তেওঁলোকেই ১৯৮৩ চনত ইয়াত অনুপ্ৰৱেশকাৰীক সংস্থাপিত কৰিবলৈ  আইন প্ৰণয়ন কৰিছিল। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীৰ আগমনৰ পিছত অসমৰ শিল্প, সংস্কৃতি, সংগীত, ভাষা জীয়াই ৰখাটো টান হৈ পৰিছিল। তেওঁ লগতে কয় যে ভোট-বেংকৰ ৰাজনীতিৰ বাবেই বিৰোধীয়ে আনকি অসমৰ অস্তিত্বৰ প্ৰতিও ভাবুকি মাতি আনিছিল। শ্ৰী শ্বাহে কয় যে বিগত ১০ বছৰ ধৰি তেওঁৰ দলৰ চৰকাৰ অসমত ক্ষমতাত আছে, আৰু অহা পাঁচ বছৰত তেওঁলোকে অসমৰ পৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াব। তেওঁ কয় যে ইয়াৰ দ্বাৰা অসমৰ সংস্কৃতি, ভাষা, সংগীতক সুৰক্ষিত কৰা হ’ব৷কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোদী চৰকাৰে ৰাজ্যখনৰ সকলো উগ্ৰপন্থী  গোটৰ সৈতে চুক্তি কৰি অসমত শান্তি প্ৰতিষ্ঠা কৰিছে। তেওঁ কয় যে এই চুক্তিসমূহৰ ফলত ১০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি  মূলসুঁতিলৈ ঘূৰি আহিছে।  ফলত অসম এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে। তেওঁ কয় যে আজি অসমত লাখ লাখ কোটি টকাৰ উদ্যোগ স্থাপন কৰা হৈছে, আন্তঃগাঁথনি গঢ়ি তোলা হৈছে, কাজিৰঙা দেশৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে  আৰু লাচিত বৰফুকনৰ উচ্চ প্ৰতিমূৰ্তিৰ জৰিয়তে তেওঁৰ উত্তৰাধিকাৰক যুৱ প্ৰজন্মৰ হৃদয়ত স্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ লগতে কয় যে বহুদিনৰ মূৰত অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱাৰ বাবেও এটা উপযুক্ত স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে। এনে পদক্ষেপেৰে তেওঁলোকক একপ্ৰকাৰে ন্যায় প্ৰদান কৰা হৈছে।

*****

 

RK/PR/PS/SS/DM


(ৰিলিজ আই ডি : 2209604) অতিথি কক্ষ : 42
ত এই ৰিলিজটো পঢ়ক: Khasi , English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati