প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত ৰত্ন মহামন্য পণ্ডিত মদন মোহন মালব্যজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

प्रविष्टि तिथि: 25 DEC 2025 8:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ৰত্ন মহামনা পণ্ডিত মদন মোহন মালব্যজীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মালব্যজী জীৱনজুৰি মাতৃভূমিৰ সেৱাৰ প্ৰতি সমৰ্পিত হৈ আছিল। ‘দাসত্বৰ শিকলি ভাঙিবলৈ সামাজিক সংস্কাৰৰ লগতে ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান কেতিয়াও পাহৰিব নোৱাৰি’, শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

 

‘ভাৰত ৰত্ন মহামনা পণ্ডিত মদন মোহন মালব্যজীলৈ তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দাসত্বৰ শিকলি ভাঙিবলৈ সামাজিক সংস্কাৰৰ জৰিয়তে ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ শিক্ষা খণ্ডত তেওঁৰ অতুলনীয় অৱদান কেতিয়াও পাহৰিব নোৱাৰি’।

 

***

MJPS/VJ/MK


(रिलीज़ आईडी: 2208520) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Gujarati , Tamil , Telugu , Kannada , Malayalam