প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘সদেৱ অটল’ ত শ্ৰী অটল বিহাৰী বাজপেয়ীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 25 DEC 2025 11:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ জয়ন্তী উপলক্ষে তেওঁৰ স্মৃতিসৌধ 'সদেৱ অটল’ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে অটলজীৰ জীৱন জনসেৱা তথা ৰাষ্ট্ৰীয় সেৱাৰ বাবে উৎসর্গীকৃত আছিল আৰু তেওঁ সদায় দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

‘আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ীজীৰ জয়ন্তী উপলক্ষে মই দিল্লীৰ তেওঁৰ স্মাৰক 'সদেৱ অটল’ লৈ গৈ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিলো। ৰাজহুৱা আৰু ৰাষ্ট্ৰৰ সেৱাৰ বাবে উৎসর্গীকৃত তেওঁৰ জীৱনে সদায় দেশবাসীক অনুপ্ৰাণিত কৰিব।‘

***

MJPS/VJ/MK


(ৰিলিজ আই ডি : 2208511) অতিথি কক্ষ : 36