গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত চিআৰইডিএআই-ৰ ৰাষ্ট্ৰীয় সন্মিলন “বিকশিত ভাৰত @ ২০৪৭”-ত ভাষণ প্ৰদান কৰে
মোদী চৰকাৰৰ পৰৱৰ্তী-প্ৰজন্মৰ আন্তঃগাঁথনি পদক্ষেপে নগৰ উন্নয়ন আৰু আন্তঃগাঁথনিক সুদৃঢ় কৰি তুলিছে, ভাৰতত বিশ্ব-মানৰ আন্তঃগাঁথনি স্থাপনৰ বাবে ৰূপৰেখা অংকিত কৰিছে
চিআৰইডিএআই-এ ডেভেলপাৰ সমাজৰ ব্যৱসায়ক নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা প্ৰদান কৰিছে
ৰিয়েল এষ্টেট খণ্ডই গ্ৰীণ বিল্ডিং নৰ্মছ, বৰষুণৰ পানী সংগ্ৰহ আৰু বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনাক নিউ নৰ্মেল কৰি তুলিব লাগে
গৃহ নিৰ্মাণ সামগ্ৰীৰ জিএছটি হ্ৰাসেৰে মোদী চৰকাৰে সাশ্ৰয়ী গৃহ নিৰ্মাণক নতুন গতি প্ৰদান কৰিছে
চিআৰইডিএআই-এ প্ৰতিটো নগৰীয়া খণ্ডৰ প্ৰয়োজন অনুসৰি সাশ্ৰয়ী আৰু পৰিবেশ-অনুকূল গৃহ নিৰ্মাণৰ বাবে গৃহ নিৰ্মাণ আঁচনি যুগুত কৰিব লাগে
জিএছটি-ৰ পৰা ‘ৰেৰা’লৈকে মোদী চৰকাৰে সাধন কৰা সংস্কাৰৰাজিক বিশ্বই স্বীকাৰ কৰিছে
ডাঙৰ ডেভেলপাৰসকলো কম-খৰচী গৃহ নিৰ্মাণৰ দিশত আগবাঢ়িব লাগিব আৰু নেট-জিৰ’ লক্ষ্যত উপনীত হোৱাৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰিব লাগিব
মোদী চৰকাৰে ছিংগল-উইণ্ড’ ক্লিয়াৰেন্স, স্বচ্ছতা আৰু প্ৰযুক্তিৰ জৰিয়তে নিৰ্ভৰযোগ্য গৃহ নিৰ্মাণ কাঠামো গঢ়ি তুলিছে
সকলো ডেভেলপাৰে ইউনিট ডিজাইনৰ সময়ত সেউজীয়া অঞ্চল বৃদ্ধি কৰিব লাগিব, ইয়াৰ ফলশ্ৰুতিত আৱাসীসকলে এটি উন্নত পৰিবেশ লাভ কৰিব আৰু বনানীকৰণৰ প্ৰসাৰ ঘটিব
प्रविष्टि तिथि:
19 DEC 2025 8:49PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত চিআৰইডিএআই-ৰ ৰাষ্ট্ৰীয় সন্মিলন “বিকশিত ভাৰত @ ২০৪৭”-ত ভাষণ প্ৰদান কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭-ৰ ভিতৰত ভাৰতক প্ৰতিটো খণ্ডতে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে বিগত ১১ বছৰত মোদী চৰকাৰে পৰৱৰ্তী-প্ৰজন্মৰ আন্তঃগাঁথনি সন্দৰ্ভত ব্যাপকভাৱে কাম কৰি আহিছে আৰু এই প্ৰচেষ্টাসমূহে অতিশয় ইতিবাচক ফলাফল প্ৰদৰ্শন কৰিছে। তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল। মোদী চৰকাৰৰ পৰৱৰ্তী-প্ৰজন্মৰ আন্তঃগাঁথনি পদক্ষেপে নগৰ উন্নয়ন আৰু আন্তঃগাঁথনিক সুদৃঢ় কৰি তুলিছে, ভাৰতত বিশ্ব-মানৰ আন্তঃগাঁথনি স্থাপনৰ বাবে ৰূপৰেখা অংকিত কৰিছে। শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰৰ ১১ বছৰত আন্তঃগাঁথনি উন্নয়ন আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত অসংখ্য পদক্ষেপ গ্ৰহণৰ লগতে সকলো খণ্ডৰ বাধা আঁতৰোৱাৰ প্ৰচেষ্টাও গ্ৰহণ কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে চিআৰইডিএআই-এ ২০ লাখ পুলি ৰোপণ কৰি ২৫ খন গাঁৱৰ ৯ হাজাৰ একৰ অনুৰ্বৰ ভূমিক সজীৱ কৰি তোলাৰ কাম কৰিছে। তেওঁ কয় যে প্ৰতিজন ডেভেলপাৰে প্ৰকল্প ডিজাইন কৰাৰ সময়ত কিছু সেউজীয়া অঞ্চল গঢ়ি তুলিব লাগে। তেওঁ লগতে কয় যে দেশৰ প্ৰতিজন ডেভেলপাৰে যদি তেওঁলোকৰ প্ৰতিটো অট্টালিকা নিৰ্মাণৰ সময়ত ১০ টা গছপুলি ৰোপণৰ প্ৰচেষ্টা গ্ৰহণ কৰে তেন্তে এয়া এক অতিশয় প্ৰশংসনীয় পদক্ষেপ হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ১৯৯৯-ৰ পৰা আজিলৈকে চিআৰইডিএআই-এ ধাৰাবাহিকভাৱে গৃহ নিৰ্মাণ আৰু বাসস্থানৰ উন্নয়নৰ প্ৰসাৰৰ লক্ষ্যত উপনীত হৈছে। তেওঁ কয় যে চিআৰইডিএআই-এ সদায় আচৰণ বিধি আৰু নৈতিক পদ্ধতিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। ইয়াৰ ফলশ্ৰুতিত আজি ডেভেলপাৰসকলৰ কামে উপযুক্ত স্বীকৃতি লাভ কৰে। তেওঁ লগতে কয় যে আমাৰ বেলেন্স শ্বীট শক্তিশালী হোৱাটোৱেই যথেষ্ট নহয়; আমাৰ কামে সমাজত ভাল নাম লাভ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। শ্ৰী শ্বাহে কয় যে ভাৰতৰ ব্যক্তিগত ৰিয়েল এষ্টেট ডেভেলপাৰৰ শীৰ্ষ সংস্থা হিচাপে চিআৰইডিএআই-এ খণ্ডটোৰ গঠন আৰু ইয়াক স্বীকৃতিপ্ৰাপ্ত তথা গ্ৰহণযোগ্য উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা পালন কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে আজি চিআৰইডিএআই ২১ খন ৰাজ্যৰ ২৩০ খন চহৰত উপনীত হৈছে। প্ৰায় ১৩,০০০ ডেভেলপাৰক প্ৰতিনিধিত্ব কৰা বিশাল বটবৃক্ষ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে-লগে চিআৰইডিএআই-এ এই খণ্ডত নিজৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কয় যে বহু ক্ষেত্ৰত চিআৰইডিএআই-এ নিজৰ মানৱীয় দিশটোৰ প্ৰদৰ্শন কৰি ৩ লাখৰো অধিক শ্ৰমিকক প্ৰশিক্ষণ প্ৰদান কৰিছে। শ্ৰী শ্বাহে কয় যে আমি শ্ৰমিকসকলৰ দক্ষতা বিকাশৰ প্ৰয়োজন হোৱা নিৰ্দিষ্ট ক্ষেত্ৰসমূহ চিনাক্ত কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে ২০৩৫-ৰ ভিতৰত ভাৰতৰ নগৰীকৰণ প্ৰায় ৪০ শতাংশলৈ বৃদ্ধি পাব আৰু ২০৪৭-ৰ ভিতৰত দেশৰ ৫০ শতাংশ লোকে চহৰত বসবাস কৰিব। তেওঁ কয় যে প্ৰায় আধা সংখ্যক লোকে চহৰত বসবাস কৰিবলগীয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক গৃহ প্ৰদানৰ দায়িত্ব বহুলাংশে ডেভেলপাৰৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয় যে এই দায়িত্বৰ বাবে নিজকে প্ৰস্তুত কৰাটো অতিশয় প্ৰয়োজনীয়। শ্ৰী শ্বাহে কয় যে বৰ্ধিত নগৰীকৰণৰ সৈতে মোকাবিলা কৰিবলৈ নগৰীয়া আন্তঃগাঁথনি আৰু নগৰীয়া গৃহ উভয়ৰে সম্প্ৰসাৰণ হ’ব। তেওঁ কয় যে নগৰীয়া গৃহ নিৰ্মাণত চেচুৰেচন অনুপাতত উপনীত হ’বলৈ চিআৰইডিএআই-এ এটা টীম গঠন কৰি উন্নত জীৱন ধাৰণৰ মানদণ্ডৰ লগতে সাশ্ৰয়ী, পৰিবেশ-অনুকূল গৃহ নিৰ্মাণৰ প্ৰচাৰ সন্দৰ্ভত আলোচনা কৰিব লাগে। তেওঁ কয় যে ছিংগল-উইণ্ড’ ক্লিয়াৰেন্স, সময়োচিত অনুমোদন, অনলাইন ট্ৰেকিং আৰু ডিজিটাইজড ৰেকৰ্ডে খণ্ডটো ওপৰত আস্থা গঢ়ি তুলিছে। এনে সংস্কাৰ সাধন কাৰ্য্যক অধিক দ্ৰুতগতিত আগুৱাই নিয়া হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ৰেৰা (RERA) এই খণ্ডৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত এক গাঁথনিগত অগ্ৰগতি আছিল, যিয়ে এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে ‘ৰেৰা’ই ভাৰতত গৃহ ক্ৰেতাৰ স্বাৰ্থক সুৰক্ষিত কৰা, ন্যায্য লেনদেন নিশ্চিত কৰা আৰু মানসম্পন্ন নিৰ্মাণৰ নিশ্চয়তা প্ৰদানৰ দিশত প্ৰশংসনীয় কাম কৰিছে। ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ইয়াৰ অভিযোজনা কৰিছে। তেওঁ লগতে কয় যে ২৯ খন ৰাজ্যত আপীল কৰ্তৃপক্ষ গঠন কৰা হৈছে আৰু ২৯ টা ‘ৰেৰা’ কৰ্তৃপক্ষই নিজৰ ৱেবছাইট মুকলি কৰিছে। তেওঁ কয় যে ‘ৰেৰা’ৰ অধীনত ১.৫৫ লাখ ৰিয়েল এষ্টেট প্ৰকল্প পঞ্জীয়নভুক্ত হৈছে আৰু ইয়াৰ কাঠামোৰ অধীনত প্ৰায় ১.১০ লাখ ডেভেলপাৰে পঞ্জীয়ন কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে ৰিয়েল এষ্টেট খণ্ড হৈছে জিএছটি সংস্কাৰ সাধনৰ ফলশ্ৰুতিত সৰ্বাধিক লাভান্বিত হোৱা খণ্ড। তেওঁ কয় যে সাশ্ৰয়ী গৃহ নিৰ্মাণৰ জিএছটি ৮ শতাংশৰ পৰা ১ শতাংশলৈ, গৃহ নিৰ্মাণ প্ৰকল্পৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ, চিমেন্টৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ, মাৰ্বল, গ্ৰেনাইট, বালি, লাইম, ইটাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। বেম্ব’ ফ্লৰিঙৰ জিএছটিও ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। তেওঁ কয় যে সামগ্ৰিকভাৱে এনে সংস্কাৰ সাধনৰ ফলশ্ৰুতিত এটা অট্টালিকা নিৰ্মাণৰ ব্যয় ৫-ৰ পৰা ৭ শতাংশ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে এই খণ্ডৰ উন্নয়নক প্ৰসাৰিত কৰিবলৈ চৰকাৰে স্বয়ংক্ৰিয় পথৰ জৰিয়তে নিৰ্মাণ প্ৰকল্পত ১০০ শতাংশ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ (FDI) অনুমতি দিছে। একেদৰে ৬০ হাজাৰ কোটি টকা মূল্যৰ ৰাষ্ট্ৰীয় নগৰীয়া গৃহ নিৰ্মাণ পুঁজিও মুকলি কৰিছে। শ্ৰী শ্বাহে কয় যে চৰকাৰে এই খণ্ডৰ গুৰুত্ব অনুধাৱন কৰিছে আৰু চিআৰইডিএআই-ৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিজন ব্যক্তিক ঘৰ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা যাব। তেওঁ ডাঙৰ ডেভেলপাৰসকলো কম-খৰচী গৃহ নিৰ্মাণৰ দিশত আগবাঢ়িব লাগিব আৰু নেট-জিৰ’ লক্ষ্যত উপনীত হোৱাৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে মোদী চৰকাৰে এই খণ্ডত ৰাষ্ট্ৰীয় বিল্ডিং ক’ড, ২০১৬-কে প্ৰমুখ্য কৰি একাধিক সংস্কাৰ সাধন কৰিছে। তেওঁ লগতে কয় যে ৰিয়েল এষ্টেট খণ্ডই গ্ৰীণ বিল্ডিং নৰ্মছ, বৰষুণৰ পানী সংগ্ৰহ আৰু বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনাক নিউ নৰ্মেল কৰি তুলিব লাগে। তেওঁ কয় যে ডিজাইন কেৱল গঠনতে সীমাবদ্ধ নহয়; বৰঞ্চ এই সকলোবোৰ উপাদানক ডিজাইনত অন্তৰ্ভুক্ত কৰি বাসিন্দাসকলৰ জীৱন ধাৰণৰ উন্নত মানদণ্ড নিশ্চিত কৰিব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে অনাগত দিনত ভূমিৰ বজাৰখনক অধিক স্বচ্ছ কৰি তুলিব লাগিব। শ্ৰী শ্বাহে কয় যে চৰকাৰে নগৰ উন্নয়নৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। মেট্ৰ’ নেটৱৰ্ক আৰু ফ্লাই অ’ভাৰ সম্প্ৰসাৰণৰ পৰা আৰম্ভ কৰি পথ নিৰ্মাণ আৰু পৰিবেশ-অনুকূল বিদ্যুৎ উৎপাদনক প্ৰসাৰিত কৰালৈকে—এই সকলোবোৰ প্ৰয়াস চহৰসমূহক অধিক বসবাসযোগ্য কৰি তোলাৰ বাবে অতি প্ৰয়োজনীয়। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে নগৰ উন্নয়নৰ বাবে অতিশয় অভিলাষী দৃষ্টিভংগীৰে আগবাঢ়িছে আৰু এক দায়বদ্ধ ডেভলপাৰ হৈছে এই দৃষ্টিভংগীৰ এক উল্লেখযোগ্য অংশীদাৰ।
*****
RR/PR/PS/SB
(रिलीज़ आईडी: 2207309)
आगंतुक पटल : 14