বিত্ত মন্ত্ৰালয়
সংসদত গৃহীত সবকা বীমা সবকী ৰক্ষা (বীমা আইন সংশোধনী) বিধেয়ক, ২০২৫; বীমা কোম্পানীত ১০০% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান
বীমা কভাৰেজ বিস্তাৰিত কৰা, ব্যৱসায় কৰাত সহজতা প্ৰদান আৰু নিয়ন্ত্ৰণমূলক তদাৰকী তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ বাবে এই বিধেয়কখন
মূলধন বৃদ্ধি, উন্নত প্ৰযুক্তি গ্ৰহণ আৰু বীমা খণ্ডত বিশ্বজুৰি চলি থকা উত্তম পদ্ধতিসমূহ গ্ৰহণৰ পোষকতা
নাগৰিকৰ বাবে সামগ্ৰী আৰু সেৱাৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰতিযোগিতা বৃদ্ধি কৰা
বিদেশী পুনৰ্বীমা শাখাৰ নিকা মালিকানাধীন পুঁজিৰ প্ৰয়োজনীয়তা ৫,০০০ কোটিৰ পৰা ১০০০ কোটিলৈ হ্ৰাস
পলিচিধাৰীসকলৰ শিক্ষা আৰু সুৰক্ষা পুঁজি, পলিচিধাৰীসকলৰ মাজত বীমাৰ বিষয়ে সজাগতা বিয়পোৱাৰ অৰ্থে এক নিৰ্দিষ্ট পুঁজিৰ ব্যৱস্থা
प्रविष्टि तिथि:
18 DEC 2025 5:15PM by PIB Guwahati
সবকা বীমা সবকী ৰক্ষা (বীমা আইন সংশোধনী) বিধেয়ক, ২০২৫ ১৭ ডিচেম্বৰত সংসদত গৃহীত কৰা হয় । এই বিধেয়কখনে বীমা খণ্ডৰ সৈতে জড়িত তিনিখন আইন সংশোধন কৰিছে, সেইসমূহ হৈছে- দ্য ইনশ্বুৰেন্স এক্ট,১৯৩৮, দ্য লাইফ ইনশ্বুৰেন্স কৰ্পৰেশ্যন এক্ট, ১৯৫৬ আৰু দ্য ইনশ্বুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি এক্ট, ১৯৯৯।
বিধেয়কখনৰ অন্যতম বৈশিষ্ট্য হ’ল বীমা কোম্পানীসমূহত ১০০% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে, যাৰ ফলত ভাৰতত অধিক বিদেশী বিনিয়োগকাৰীৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।
ইয়াৰ দ্বাৰা মূলধন বৃদ্ধি, উন্নত প্ৰযুক্তি গ্ৰহণ আৰু বিশ্বৰ উত্তম পদ্ধতিসমূহ প্ৰয়োগৰ লগতে নিয়োগৰ সুযোগ বৃদ্ধিত সহায়ক হ’ব। বৰ্ধিত প্ৰতিযোগিতাই নাগৰিকৰ বাবে উপযোগী বুলি প্ৰমাণিত হোৱা সামগ্ৰী আৰু সেৱাৰ দক্ষতা বৃদ্ধি কৰিব।
মধ্যস্থতাকাৰীসকলৰ বাবে ইজ অৱ ডুইং ব্যৱসায়ত এককালীন অনুজ্ঞাপত্ৰৰ ব্যৱস্থা আৰু সেয়া পোনপটীয়াকৈ বাতিল কৰাৰ পৰিৱৰ্তে অনুজ্ঞাপত্ৰ স্থগিত ৰখাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কৰা হৈছে। বীমা কোম্পানীসমূহৰ বাবে শ্বেয়াৰ কেপিটেল হস্তান্তৰৰ বাবে পূৰ্বৰ নিয়ন্ত্ৰণ অনুমোদন বিচৰা সীমা ১%ৰ পৰা ৫%লৈ বৃদ্ধি কৰা হৈছে, বিদেশী পুনৰ্বীমা শাখাসমূহৰ নেট মালিকানাধীন পুঁজিৰ প্ৰয়োজনীয়তা ৫,০০০ কোটি টকাৰ পৰা ১,০০০ কোটি টকালৈ হ্ৰাস কৰা হৈছে।
এল আই চিক দেশত মণ্ডল কাৰ্যালয় খুলিবলৈ আৰু নিজৰ বিদেশী কাৰ্যালয়ক নিজ নিজ অধিকাৰক্ষেত্ৰৰ আইন-কানুনৰ সৈতে মিলাই চলিবলৈ স্বায়ত্তশাসন প্ৰদান কৰা হৈছে।
পলিচিধাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বীমাৰ বিষয়ে সজাগতা বিয়পাবলৈ এক নিৰ্দিষ্ট পুঁজি অৰ্থাৎ পলিচিধাৰীসকলৰ শিক্ষা আৰু সুৰক্ষা পুঁজি গঠন কৰা হ’ব।
পলিচিধাৰীসকলৰ তথ্য ডিপিডিপি আইন ২০২৩ৰ সৈতে সংগতি ৰাখি সংগ্ৰহ আৰু সুৰক্ষিত কৰিব লাগিব।
নিয়ন্ত্ৰণৰ বাবে মানক পৰিচালনা পদ্ধতি প্ৰৱৰ্তন কৰি আৰু প্ৰক্ৰিয়াটোত আলোচনাৰ প্ৰক্ৰিয়া বাধ্যতামূলক কৰি নিয়ন্ত্ৰণমূলক শাসন শক্তিশালী কৰা হৈছে।
আআৰডিএআইক বীমা কোম্পানী আৰু মধ্যস্থতাকাৰীয়ে অন্যায় লাভ অৰ্জন কৰাৰ বিষয়টো নিয়ন্ত্ৰণৰ ক্ষমতা দিয়া হৈছে। শাস্তি যুক্তিসংগত কৰি সেইমতে শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
এই সংস্কাৰৰ লক্ষ্য হৈছে মানুহ, পৰিয়াল আৰু উদ্যোগসমূহলৈ বীমা কভাৰেজ সম্প্ৰসাৰণ কৰা, বীমা কভাৰেজ বিস্তাৰিত কৰা, ব্যৱসায় কৰাত সহজতা প্ৰদান কৰা, নিয়ন্ত্ৰণমূলক তদাৰকী আৰু প্ৰশাসন ব্যৱস্থাৰ উন্নতি সাধন কৰা।
এনে ব্যৱস্থাসমূহৰ ফলত ভাৰতীয় অৰ্থনীতিক আৰ্থিক স্থিতিস্থাপকতা প্ৰদান কৰিব পৰাকৈ ভাৰতীয় বীমা খণ্ডক শক্তিশালী কৰিব পৰা যাব।
*****
NB/PK/DM
(रिलीज़ आईडी: 2206358)
आगंतुक पटल : 3