প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
06 DEC 2025 10:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।
এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়;
“হিন্দুস্তান টাইমছ ফটো প্ৰতিযোগিতাৰ বিজয়ীসকলে নতুন দিল্লীত প্ৰদৰ্শন কৰা আশ্চৰ্য্যকৰ প্ৰতিভাই সকলোকে প্ৰেৰণা যোগাইছে।
#HTLS2025”
"আজিৰ ভাৰতে নিজকে ৰূপান্তৰিত কৰিছে আৰু আগন্তুক দিনৰ বাবেও ৰূপান্তৰ সাধন কৰিছে। ইয়াৰ ফলশ্ৰুতিত বিশ্বজুৰি অনিশ্চয়তাৰ মাজতো ভাৰত আত্মবিশ্বাসী হৈ পৰিছে।
#HTLS2025”
“ভাৰতে আজি দশক-দশক ধৰি অন্বেষণ নকৰা সম্ভাৱনাক বাস্তৱায়িতকৰণৰ দৃষ্টিভংগীৰে কাম কৰি আছে। এই কাৰ্য্যই দেশখনক ৰূপান্তৰিত কৰাটো নিশ্চিত।
#HTLS2025”
"আজি ৰাজনৈতিক লাভালাভৰ বিপৰীতে ৰাষ্ট্ৰীয় লক্ষ্যৰ বাবে সংস্কাৰ সাধন কৰা হৈছে। সেইবাবেই দেশৰ প্ৰতিটো খণ্ডৰ অগ্ৰগতি হৈছে।
#HTLS2025”
"আজি ভাৰতৰ দ্ৰুত বিকাশ কাৰ্য্যক কোনেও হিন্দুৰ বৃদ্ধিৰ হাৰ বুলি নকয়। এয়া আছিল দাসত্বৰ মানসিকতাৰ প্ৰতিফলন। এসময়ত ভাৰতৰ দুৰ্বল অৰ্থনৈতিক বিকাশক আমাৰ বিশ্বাসৰে সংপৃক্ত কৰা হৈছিল। তথাপিও তথাকথিত বুদ্ধিজীৱীসকলে সাম্প্ৰদায়িকতা দেখাত ব্যৰ্থ হৈছিল।
#HTLS2025”
"আমি আগন্তুক ১০ বছৰত ভাৰতত মানসিক দাসত্বৰ বীজ সিঁচা ম্যাকলেৰ নীতিক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব। মই ১.৪ বিলিয়ন দেশবাসীক এই আহ্বান জনাব খুজিছো...
#HTLS2025”
“মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু পিএম সূৰ্য্য ঘৰ মুফ্ট বিজুলী যোজনাৰ দৰে অভিযান যদি ৪-৫ দশক পূৰ্বেই আৰম্ভ কৰা হ’লহেঁতেন, তেতিয়া আজিৰ ভাৰতৰ ছবিখন বেলেগ হ’লহেঁতেন!
#HTLS2025”
"দেশৰ ভৱিষ্যতৰ ৰূপান্তৰ সাধনৰ বাবে আমাৰ বৰ্তমানৰ পৰিকল্পনাৰ শক্তি মোৰ কাশীৰ উদাহৰণৰ পৰা বুজিব পাৰি। ইয়াত প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফ্ট বিজুলী যোজনাই ৰাইজৰ কেৱল কোটি-কোটি টকা ৰাহি কৰাই নহয়, বৰঞ্চ পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতিশয় উপযোগী বুলি প্ৰমাণিত হৈছে।
#HTLS2025”
***
MJPS/ST/SB
(ৰিলিজ আই ডি : 2201263)
অতিথি কক্ষ : 16
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam