ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

হস্তশিল্প খণ্ডৰ উৎকৃষ্টতাক সন্মান জনাই : হস্তশিল্প বঁটা ২0২৫

ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৫ চনৰ ৯ ডিচেম্বৰত প্ৰদান কৰিব
হস্তশিল্প বঁটা

এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ তথা বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী পবিত্র মাৰ্ঘেৰিটা

বিশিষ্ট শিল্পীসকলক প্ৰদান কৰা হ’ব শিল্প গুৰু আৰু ৰাষ্ট্ৰীয় বঁটা

प्रविष्टि तिथि: 05 DEC 2025 11:02AM by PIB Guwahati

বস্ত্ৰ মন্ত্ৰালয়ে ২০২৩  আৰু ২০২৪  বৰ্ষৰ বাবে বিশিষ্ট কাৰুশিল্পীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে সন্মানীয় হস্তশিল্প বঁটা প্ৰদানৰ কথা গৌৰৱেৰে ঘোষণা কৰিছে। ২০২৫  চনৰ ৯ ডিচেম্বৰ, মঙলবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হ'ব। এই অনুষ্ঠান ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ এক অবিচ্ছেদ্য অংশ। এই সন্মানীয় ৰাষ্ট্ৰীয় সন্মানসমূহে অতুলনীয় শৈল্পিক উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ লগতে দেশৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় হস্তশিল্প ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰৰ অটল দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

এই অনুষ্ঠানত ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত অধ্যক্ষতা কৰিব কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে । গেষ্ট অৱ অনাৰ হিচাপে উপস্থিত থাকিব বস্ত্র আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী পবিত্র মাৰ্ঘেৰিটা ।

১৯৬৫ চনত সূচনা কালৰে পৰা ৰাষ্ট্ৰীয় হস্তশিল্প বঁটাসমূহে দৃষ্টান্তমূলক কাৰুশিল্পৰ জৰিয়তে দেশৰ সাংস্কৃতিক দৃশ্যপট সমৃদ্ধ কৰা ব্যতিক্ৰমী শিল্পীসকলক স্বীকৃতি দি আহিছে ।২০০২  চনত আৰম্ভ কৰা শিল্প গুৰু বঁটা ভাৰতীয় হস্তশিল্প খণ্ডত সৰ্বোচ্চ স্বীকৃতি হিচাপে পৰিগণিত হৈছে। এই পুৰস্কাৰসমূহে  শিল্পৰ জৰিয়তে দৃষ্টান্তমূলক দক্ষতা আৰু উদ্ভাৱন প্ৰদৰ্শন কৰি ভাৰতৰ বৈচিত্ৰ্যময় শিল্প ঐতিহ্যৰ ধাৰাবাহিকতা আৰু বিকাশ নিশ্চিত কৰা শিল্পীসকলক অনুপ্ৰাণিত কৰে।

 

প্ৰতি বছৰে ৮ ৰ পৰা ১৪ ডিচেম্বৰলৈ পালন কৰা ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহত ভাৰতৰ শিল্পীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু হস্তশিল্পৰ স্থায়ী সাংস্কৃতিক গুৰুত্ব উজলাই তোলা  হয়। সজাগতা বৃদ্ধি, শিল্পীসকলকৰ জীৱিকা শক্তিশালী কৰা আৰু সমসাময়িক ভাৰতত এই খণ্ডটোৰ আৰ্থ-সামাজিক প্ৰাসংগিকতাৰ সংবৰ্ধনৰ লক্ষ্যৰে এই বিশেষ সপ্তাহত বিভিন্ন কাৰ্যকলাপ আৰু ৰাজহুৱা অংশগ্ৰহণৰ  এক বিস্তৃত পৰিসৰৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মূল কাৰ্যসূচীত ব্যতিক্ৰমী কাৰুশিল্প, বিষয়গত কৰ্মশালা, ক্ষমতা-নিৰ্মাণ কাৰ্যসূচী, শিল্প প্ৰদৰ্শন, পেনেল আলোচনা, সংবৰ্ধনৰ পদক্ষেপ আৰু সাংস্কৃতিক প্ৰদৰ্শন আদি অন্তৰ্ভুক্ত হৈ আছে।

হস্তশিল্প খণ্ড ভাৰতৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দৃশ্যপটৰ এক আধাৰশিলা স্বৰূপ । ই বহু শতিকা পুৰণি পৰম্পৰা সংৰক্ষণ কৰে, বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধ নগৰীয়া অঞ্চলৰ লাখ লাখ লোকৰ জীৱিকাৰ পথ প্ৰশস্ত কৰে তথা দেশৰ ৰপ্তানি উপাৰ্জনত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। স্বীকৃতি, দক্ষতা বৃদ্ধি, প্ৰযুক্তিগত হস্তক্ষেপ, বিত্তীয় সবলীকৰণ আৰু উন্নত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰৱেশাধিকাৰৰ জৰিয়তে শিল্পীসকলক সমৰ্থন কৰিবলৈ বস্ত্ৰ মন্ত্ৰালয় গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ । এই পদক্ষেপসমূহ তথা ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহৰ বাৰ্ষিক উদযাপনৰ জৰিয়তে চৰকাৰৰ লক্ষ্য হৈছে ভাৰতৰ হস্তশিল্পৰ ঐতিহ্য ত্বৰান্বিত কৰা, কাৰিকৰী সম্প্ৰদায়ক শক্তিশালী কৰা আৰু দেশৰ পৰম্পৰাগত শিল্পকলা আধুনিক বিশ্বত বিকশিত হোৱাটো নিশ্চিত কৰা।

 

Program Schedule for the Handicraft Week 2025 (8th-14th Dec 2025)

******

Mayusha A.M./DD


(रिलीज़ आईडी: 2199349) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil , Kannada