গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, বিগত ১১ বছৰে মোদী চৰকাৰ ক্ষমতা নহয়, সেৱাৰ সমাৰ্থক হৈ আহিছে। ইয়াৰ শীৰ্ষ নেতাজনে নিজকে প্ৰধান সেৱক বুলি গণ্য কৰে আৰু সপ্তাহৰ সাতো দিন, দিনটোৰ ২৪ ঘন্টাই ৰাইজৰ বাবে কাম কৰে
এই দিশত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ক ‘সেৱা তীৰ্থ’ নামেৰে নামকৰণ কৰি সেৱাৰ সংকল্পক দোহাৰিছে
তদুপৰি ৰাজ ভৱন আৰু ৰাজ নিৱাসৰ নাম সলনি কৰি লোক ভৱন আৰু লোক নিৱাস কৰা হৈছে
সেৱা আৰু সুশাসনক সৰ্বোচ্চ কৰি ৰাখি প্ৰতিটো ক্ষেত্ৰতে এখনি উন্নত আৰু শ্ৰেষ্ঠ ভাৰত গঢ়াৰ সোণালী যাত্ৰাৰ এয়া এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি
प्रविष्टि तिथि:
02 DEC 2025 9:35PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বিগত ১১ বছৰে মোদী চৰকাৰ ক্ষমতা নহয়, সেৱাৰ সমাৰ্থক হৈ আহিছে। ইয়াৰ শীৰ্ষ নেতাজনে নিজকে প্ৰধান সেৱক বুলি গণ্য কৰে আৰু সপ্তাহৰ সাতো দিন, দিনটোৰ ২৪ ঘন্টাই ৰাইজৰ বাবে কাম কৰে।
‘এক্স’-ৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয় যে এই দিশত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ক ‘সেৱা তীৰ্থ’ নামেৰে নামকৰণ কৰি সেৱাৰ সংকল্পক দোহাৰিছে। তদুপৰি ৰাজ ভৱন আৰু ৰাজ নিৱাসৰ নাম সলনি কৰি লোক ভৱন আৰু লোক নিৱাস কৰা হৈছে। তেওঁ কয় যে সেৱা আৰু সুশাসনক সৰ্বোচ্চ কৰি ৰাখি প্ৰতিটো ক্ষেত্ৰতে এখনি উন্নত আৰু শ্ৰেষ্ঠ ভাৰত গঢ়াৰ সোণালী যাত্ৰাৰ এয়া এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।
****
RK/RR/PR/PS/SB
(रिलीज़ आईडी: 2198013)
आगंतुक पटल : 7