৫৬সংখ্যক আইএফএফআইত 'বন্দিশ বেণ্ডিটছ ছিজন ০২' লৈ শ্ৰেষ্ঠ ৱেব চিৰিজৰ সন্মান
ছিৰিজটোৰ কাহিনীটোৱে কলা আৰু সংগীতক সকলোৰে বাবে সহজলভ্য কৰি তুলিছে বুলি প্ৰশংসা বিচাৰকৰ
ভাৰতৰ উদীয়মান ডিজিটেল কাহিনীকাৰ পৰিবেশৰ এক উজ্জ্বল উদযাপন হিচাপে 'বন্দিশ বেণ্ডিটছ ছিজন ০২'ক ভাৰতৰ ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ত শ্ৰেষ্ঠ ৱেব ছিৰিজ (অ'টিটি) হিচাপে ঘোষণা কৰা হৈছে। আনন্দ তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখন অমৃতপাল সিং বিন্দ্ৰা আৰু আনন্দ তিৱাৰীয়ে নিৰ্মাণ কৰিছে। লিমিটেড আৰু এমাজন প্ৰাইম ভিডিঅ'ত এইখন প্ৰচাৰ কৰা হয়।
জুৰীয়ে সৰ্বসন্মতিক্ৰমে এটা শক্তিশালী বাছনিৰ পৰা ছিৰিজটো নিৰ্বাচন কৰে। "সকলোৰে বাবে কলা আৰু সংগীত সহজলভ্য কৰি তোলাৰ বাবে" ছিৰিজটোৰ প্ৰশংসা কৰে বিচাৰকসকলে। ছিৰিজৰ নিৰ্মাতা অমৃতপাল সিং বিন্দ্ৰা আৰু আনন্দ তিৱাৰীয়ে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী এল মুৰুগানৰ পৰা এই বঁটা গ্ৰহণ কৰে। অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু উপস্থিত থাকে।
ইয়াৰ পূৰ্বে মহোৎসৱত জুৰীৰ অধ্যক্ষ ভাৰতবালা, জুৰীৰ বিশিষ্ট সদস্য শ্বেখৰ দাস, মঞ্জল শ্ৰফ আৰু ৰাজেশ্বৰী সচদেৱে সংবাদমেল সম্বোধন কৰে। তেওঁলোকে ডিজিটেল আখ্যানৰ সম্প্ৰসাৰিত মহাবিশ্ব আৰু অ'টিটি প্লেটফৰ্মে ভাৰতৰ সৃষ্টিশীল সংস্কৃতিৰ ৰূপান্তৰ সাধন কৰা সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকৰ দৃষ্টিভংগীয়ে সমসাময়িক কাহিনীৰ পৰিৱৰ্তনশীল দিশ আৰু দেশজুৰি প্ৰামাণিক, বৈচিত্ৰ্যপূৰ্ণ আৰু সীমা অতিক্ৰমী বিষয়বস্তুৰ বাবে দৰ্শকৰ ক্ৰমবৰ্ধমান আকাংক্ষাক স্পৰ্শ কৰে।


For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *
PIB IFFI CAST AND CREW | Ritu Shukla/Sreeshma K/Darshana Rane | IFFI 56 – 110DB
रिलीज़ आईडी:
2196732
| Visitor Counter:
5