আইএফএফআইৰ চলচ্চিত্ৰপ্ৰেমীৰ বাবে এক কল্পনা জগতৰ সৃষ্টি কৰিলে ‘পক্ষীৰাজেৰ ডিম’-এ
ভাৰতত ভিএফএক্সৰ সামৰ্থ্য ব্যৱহাৰ কৰাটো বৰ কঠিন নহয়; প্ৰকৃতাৰ্থত যিটো গুৰুত্বপূৰ্ণ সেয়া হ'ল কলা-কীৰ্ত্তিগত দৃষ্টিভংগীৰ প্ৰচাৰঃ সৌকাৰ্য ঘোষাল
এই ধৰণৰ ছবিত এয়াই মোৰ প্ৰথম অভিনয়ঃ অনিৰ্বান ভট্ৰাচাৰ্য
৫৬সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আইএফএফআইত সৌকাৰ্য ঘোষালৰ পৰিচালিত বাংলা ছবি ‘পক্ষীৰাজেৰ ডিম’ ছবিখনে দৰ্শকৰ বাবে এক কল্পনা জগতৰ সৃষ্টি কৰিছে। মহোৎসৱৰ সপ্তম দিনাৰ পুৱা ছবিখন প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে ছবিখনৰ মুখ্য অভিনেতা অনিৰ্বান ভট্টাচাৰ্যৰ সৈতে পৰিচালক ঘোষালে সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁ ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ অন্তৰ্দৃষ্টিসম্পন্ন দৃষ্টিভংগী দৰ্শকৰ সৈতে শ্বেয়াৰ কৰে।
সৌকাৰ্য ঘোষালৰ ছবিখন আইএফএফআইত দ্বিতীয়বাৰৰ বাবে প্ৰদৰ্শিত হৈছে। তেওঁ ছবিখনৰ সংক্ষিপ্ত বিৱৰণ সাংবাদিকসকলৰ আগত দাঙি ধৰে। এখন ফেণ্টাচি গাঁও হৈছে আকাশগঞ্জ। ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সেই গাঁৱৰ ছাত্ৰ ঘোটন। তেওঁ এটা ৰহস্যময় শিল বিচাৰি পায়। শিলটোত আকৌ মানুহৰ অনুভূতি আছে। এই বিষয়টোৱে এজন ব্ৰিটিছ পুৰাতত্ত্ববিদৰ চকু কপালত তুলিছে। ছবিখনৰ সামৰণি পৰে অদ্ভুত শিক্ষক বটবিয়াল আৰু তেওঁৰ বন্ধু পপিনৰ সৈতে। সেই শিলৰ অদ্ভুত শক্তিক তেওঁ সযতনে ৰক্ষা কৰে।
অভিনেতা অনিৰ্বান ভট্টাচাৰ্যই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ ছবিখনত অভিনয় কৰি ভাল পাইছিল। এই ধৰণৰ ছবিত এয়াই তেওঁৰ প্ৰথম অভিনয়। তেওঁ কয় যে সত্যজিৎ ৰায় আৰু বিশ্বৰ অন্যান্য বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ চিনেমা চাই চিনেমাক কেন্দ্ৰ কৰি মানসিকতা গঢ় লৈ উঠিছে।
সৌকাৰ্য ঘোষালে কয় যে ছবিখনত বিভিন্ন দৃশ্যপট সৃষ্টিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ভিএফএক্সৰ সহায় লোৱা হৈছে। ইয়াৰ লগতে মায়া, মেক্সকো ভিএফএক্সৰ সৈতে ব্যৱহাৰ কৰা হৈছে। তেওঁ কয় যে ভাৰতত ভিএফএক্সৰ সামৰ্থ্য ব্যৱহাৰ কৰাটো বৰ কঠিন নহয়। যদি পৰিচালকৰ বাবে কাৰিকৰী যুক্তি স্পষ্ট হয়, তেন্তে অভিনেতাসকলেও আৰামত কাম কৰিব পাৰে।
প্ৰশ্নোত্তৰ কালত অভিনেতা ভট্টাচাৰ্যই আইএফএফআইৰ অভিজ্ঞতাক উজ্জীৱিত আৰু উচাহপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে দিন-ৰাতি একাকাৰ কৰি চিনেমা চাবলৈ আৰু চিনেমা সম্পৰ্কে আলোচনা কৰিবলৈ আগ্ৰহী লোকসকলৰ মাজত থকাটো এক আনন্দৰ কথা। তেওঁৰ বাবে এই সজীৱ মত বিনিময়েই হৈছে উৎসৱৰ প্ৰকৃত আনন্দ। তেওঁ লগতে কয় যে দেশৰ ভিন্ন প্ৰান্তত চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হোৱাটো দেখি আনন্দিত হৈছো, য'ত অধিক সংখ্যক লোকে চলচ্চিত্ৰৰ বিষয়ে চিন্তা কৰিছে আৰু চলচ্চিত্ৰৰ সৈতে জড়িত হৈ আছে। তেওঁ সিদ্ধান্ত লয় যে এনে এক পৰিৱেশৰ অংশ হ’বলৈ পোৱাটো সঁচাকৈয়ে ভাল কথা।



Link to watch the full Press Conference:
Link to watch the trailer:
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Nikita Joshi/Debayan Bhadury/Darshana Rane | IFFI 56 - 092
रिलीज़ आईडी:
2195849
| Visitor Counter:
13