iffi banner

জীৱন আৰু ভিএফএক্সঃ একেটা চিনেমেটিক মুদ্ৰাৰ ইপিঠি-সিপিঠি – পিট ড্ৰেপাৰে আইএফএফআই, ২০২৫-ত যাদু দেখুৱালে

শ্ৰেষ্ঠ ভিএফএক্সে বাস্তৱৰ ঠাই লোৱা নাই— বিপৰীতে ইয়াক সম্প্ৰসাৰিতহে কৰিছেঃ পিট ড্ৰেপাৰ

 

জীৱন আৰু ভিএফএক্স কেৱল অংশীদাৰেই নহয়— বৰঞ্চ এয়া লৌকিক সহ-ষড়যন্ত্ৰকাৰী (co-conspirators)। এটাই বাস্তৱক ফ্ৰেম কৰে, আনটোৱে বেঁকা কৰে। একেলগে ই কল্পনাক বিশুদ্ধ ৱাইডস্ক্ৰীন আশ্চৰ্য্যলৈ ৰূপান্তৰিত কৰে। আৰু আজি আইএফএফআই, ২০২৫-ত এই দুখন জগতৰ মাজত অনায়াসে নাচি থকা মানুহজন— ভিএফএক্স ৰসজ্ঞ পিট ড্ৰেপাৰে— “দ্য কম্প্লিট ভিএফএক্স প্ৰডাকচন মেগনেনিমিটি” সন্দৰ্ভত তেওঁৰ আকৰ্ষণীয় মাষ্টাৰক্লাছেৰে মহোৎসৱক পোহৰাই তুলিলে।

২৫ বছৰৰো অধিক সময় জোৰা কেৰিয়াৰ আৰু বাহুবলী, আৰআৰআৰ তথা ইগাৰ দৰে ছবিত ড্ৰেপাৰে ব্লকবাষ্টাৰ ভিজুৱেল ইফেক্টৰ দক্ষতা প্ৰদৰ্শিত কৰে— প্ৰি-প্ৰডাকচন স্কিমিংৰ পৰা প’ষ্ট-প্ৰডাকচন পলিচলৈকে তেওঁ এইসমূহত দক্ষতা সহকাৰে কাম কৰিছে। কল্পনাক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ ৰহস্যৰ কথা শুনিবলৈ চলচ্চিত্ৰ নিৰ্মাতা, ভিএফএক্স শিল্পী, চিনেমাৰ অনুৰাগীসকলে ইয়াত ভিৰ কৰে।

"শ্ৰেষ্ঠ ভিএফএক্সে বাস্তৱৰ ঠাই লোৱা নাই— বিপৰীতে ইয়াক সম্প্ৰসাৰিতহে কৰিছে। প্ৰতিজোৰ কাষ্টম, কেমেৰাৰ কোণ, প্ৰপ আৰু ফ্ৰেমেই গুৰুত্বপূৰ্ণ। প’ষ্ট-প্ৰডাকচনলৈ সিদ্ধান্ত বিলম্ব কৰিলে বিশৃংখলতা, ব্যয় বৃদ্ধি আৰু অন্তহীন পুনৰাবৃত্তিয়ে দেখা দিয়া", ড্ৰেপাৰে কয়।

তেওঁ চিনেমাৰ যাদুক ইন্ধন যোগোৱা নিখুঁত পৰিকল্পনাৰাজি সম্পৰ্কে কয়ঃ দৃশ্য গ্ৰহণৰ পিছত সলনি কৰা চিত্ৰনাট্য, লেন্সিং আৰু কেমেৰাৰ প্ৰি-ভিজুৱেলাইজ কৰা, প্ৰপছ আৰু ডিজিটেল ডাবলছ মিলিমিটাৰ নিখুঁতভাৱে স্কেন কৰা তথা সৰ্বোচ্চ প্ৰভাৱৰ বাবে কৰিঅ’গ্ৰাফী কৰা স্তৰযুক্ত শ্বট সম্পৰ্কে কয়।

সহযোগিতা হৈছে প্ৰকৃত মহাশক্তি। পৰিচালক, চিনেমাটোগ্ৰাফাৰ আৰু ভিএফএক্স টীমৰ মাজত গভীৰ সমন্বয়ে প্ৰতিটো শ্বট কলাত্মক দৃষ্টিভংগীৰ সৈতে মিল থকাটো নিশ্চিত কৰে। ড্ৰেপাৰে কয় যে লেন্সৰ মেটাডাটা লগিং বা বিপথগামী কেবল ক্লিয়াৰ কৰাৰ দৰে সৰু-সৰু বিৱৰণেও বহুদিনৰ পিছত প’ষ্ট-প্ৰডাকচনক সুচল কৰি তোলে।

ষ্ট'ৰীবৰ্ডৰ পৰা পুনৰাবৃত্তিমূলক ধাৰণা কাম, ভিৰ চিমুলেচনৰ পৰা নিৰৱচ্ছিন্ন ডিজিটেল সম্প্ৰসাৰণলৈকে, ড্ৰেপাৰে কয় যে ভিএফএক্স কৌশল, পৰিকল্পনা আৰু দলীয় কামৰ সমান্তৰালকৈ পিক্সেলৰ ওপৰতো নিৰ্ভৰশীল।

ড্ৰেপাৰে সামৰণিত কয়, "স্মাৰ্ট পৰিকল্পনাৰে ছবি এখনত ভিএফএক্স যাদু দেখুৱাব পাৰি।"

 

আইএফএফআই সম্পৰ্কে

১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।

 

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ

আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/

পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/

পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sayyid Rabeehashmi/Swadhin Shaktiprasad/Darshana Rane | IFFI 56 - 090 | SB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2195425   |   Visitor Counter: 3