ডি পি ডি আৰু এফ টি আই আই পুনেৰ সহযোগিতাত প্ৰকাশিত ‘ৰংগোলীঃ ৰূপ, সুৰ, লয় কি-ভাৰতীয় চিনেমা কে বিহংগম শিখৰ ব্যক্তিত্ব’ উন্মোচন
‘ৰংগোলী’ গ্ৰন্থখনে ভাৰতীয় চলচ্চিত্ৰৰ ঐতিহ্য দৰ্শকৰ ওচৰলৈ কঢ়িয়াই আনিছেঃ শ্ৰী ভূপেন্দ্র কাইথোলা, পিআৰডিজি ডিপিডি
এফ টি আই আই হৈছে আমাৰ বাবে সভ্যতাৰ সাফল্য, ‘ৰংগোলী’ৰ দৰে গ্ৰন্থসমূহ হৈছে ‘চিনেমাৰ প্ৰতি আমাৰ সেৱা’: এফ টি আই আইৰ সঞ্চালক শ্ৰী ধীৰাজ সিং
৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আই এফ এফ আই) আজি ‘ৰংগোলীঃ ৰূপ, সুৰ, লয় কি-ভাৰতীয় চিনেমা কে বিহংগম শিখৰ ব্যক্তিত্ব’ উন্মোচন কৰা হয়, ই প্ৰকাশন বিভাগ সঞ্চালকালয় (ডি পি ডি) আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফ টি আই আই), পুনেৰ সহযোগিতাত প্ৰকাশ পাইছে।
এই গ্ৰন্থখনত ভাৰতীয় চলচ্চিত্ৰৰ আঠগৰাকী সুউচ্চ ব্যক্তিত্ব-পেডি এছ জয়ৰাজ, কেদাৰ শৰ্মা, মান্না দে’, হৃষিকেশ মুখাৰ্জী, নীলু ফুলে, বাসু চেটাৰ্জী, বালু মহেন্দ্ৰ আৰু সুমিত্ৰা ভাৱেৰ বিষয়ে তথ্যগধূৰ প্ৰবন্ধ আছে।
উন্মোচন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডি পি ডিৰ প্ৰধান সঞ্চালকপ্ৰধান শ্ৰী ভূপেন্দ্র কাইথোলাই কয় যে এই গ্ৰন্থখনে এফ টি আই আইৰ প্ৰশংসিত আলোচনী লেন্স ছাইটৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে। ‘লেন্স চাইট মূলতঃ ইংৰাজীত প্ৰকাশ হৈছিল আৰু এফ টি আই আয়ে পিছত এটা হিন্দী সংস্কৰণ মুকলি কৰিছিল যদিও ইয়াৰ প্ৰসাৰ সীমিত হৈ আছিল। ডি পি ডিয়ে আমাৰ দেশজোৰা বিতৰণ নেটৱৰ্কৰ জৰিয়তে ইয়াক এখন বৃহৎ মঞ্চ আৰু সকলোৱে পাব পৰা সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আমি ভাৰতীয় চলচ্চিত্ৰৰ এই সমৃদ্ধ ঐতিহ্য সমগ্ৰ দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ ওচৰলৈ আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ’, তেওঁ কয়। শ্ৰী কাইথোলাই লগতে কয় যে হিন্দী ভাষাত গ্ৰন্থখন প্ৰকাশ কৰাটো ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে সংগতিপূৰ্ণ, ই ভাৰতীয় ভাষাত শিক্ষা আৰু সাংস্কৃতিক সম্পদৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এফ টি আই আইৰ সঞ্চালক শ্ৰী ধীৰাজ সিঙে এই গ্ৰন্থখন ভাৰতৰ চলচ্চিত্ৰ ঐতিহ্যৰ সাক্ষ্য বুলি বৰ্ণনা কৰে। ‘বিশ্বত বহুতো চিনেমাৰ তত্ত্ব আছে, কিন্তু যেতিয়া আমি সেইবোৰক আমাৰ অভিজ্ঞতাৰ সৈতে প্ৰয়োগ কৰো, লেন্স ছাইট আৰু ৰংগোলীৰ দৰে সৃষ্টি উদ্ভৱ হয়। সেইবোৰ হৈছে চিনেমাৰ প্ৰতি আমাৰ সেৱা’, সিঙে কয়। তেওঁ এফ টি আই আইৰ দৰে প্ৰতিষ্ঠানসমূহৰ সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰেঃ
‘এফ টি আই আই, নেচনেল স্কুল অব ড্ৰামা, আৰু সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ দৰে প্ৰতিষ্ঠানবোৰ হৈছে সভ্যতাৰ সাফল্য। এইবোৰ আমাৰ দেশৰ গভীৰ আৰু প্ৰাণৱন্ত চলচ্চিত্ৰ পৰম্পৰাৰ প্ৰমাণ’
আই এফ এফ আইত ৰংগোলীৰ উন্মোচন চলচ্চিত্ৰৰ উৎকৃষ্টতা উদযাপন আৰু ভাৰতৰ চলচ্চিত্ৰ ঐতিহ্য সংৰক্ষণৰ বাবে উৎসৱৰ নিৰন্তৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।
পি চি লিংকঃ
গ্ৰন্থখনৰ বিষয়েঃ ‘ৰংগোলীঃ ৰূপ, সুৰ, লয় কি-ভাৰতীয় চিনেমা কে বিহংগম শিখৰ ব্যক্তিত্ব’ ভাৰতীয় চিনেমাৰ সৃষ্টিশীল উত্তৰাধিকাৰৰ ওপৰত আধাৰিত। এই গ্ৰন্থখন প্ৰকাশন বিভাগ আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফ টি আই আই), পুনেৰ যুটীয়া প্ৰকাশ।
এই গ্ৰন্থখনত ভাৰতীয় চলচ্চিত্ৰৰ আঠজন সুউচ্চ ব্যক্তিত্ব- পেডি এছ জয়ৰাজ, কেদাৰ শৰ্মা, মান্না দে’, হৃষিকেশ মুখাৰ্জী, নীলু ফুলে, বাসু চেটাৰ্জী, বালু মহেন্দ্ৰ আৰু সুমিত্ৰা ভাৱেৰ সৃষ্টিশীল অৱদান, সংগ্ৰাম, পৰীক্ষামূলক দৃষ্টিভংগী আৰু শৈল্পিক যাত্ৰাৰ এক বিস্তৃত চিত্ৰায়ন কৰা হৈছে।
চলচ্চিত্ৰৰ প্ৰাৰম্ভিক নীৰৱ যুগৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি, অভিনয়, সংগীত, পৰিচালনা আৰু সম্পাদনাৰ বিকাশলৈকে, এই গ্ৰন্থখনে পাঠকসকলক ভাৰতীয় চলচ্চিত্ৰৰ মূল আৰু ইয়াৰ নান্দনিক দৃষ্টিভংগীৰ সৈতে পৰিচয় কৰায়। চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অভিজ্ঞতা, শৈল্পিক দৃষ্টিভংগী আৰু সৃষ্টিশীল প্ৰক্ৰিয়া উপস্থাপন কৰি এই গ্ৰন্থখনে কেৱল চিনেমাৰ শিক্ষাৰ্থীসকলৰ বাবেই নহয়, কলাপ্ৰেমীসকলৰ বাবেও অমূল্য গৱেষণা সামগ্ৰী হিচাপে পৰিগণিত হৈছে।
আইএফএফআইৰ বিষয়ে
১৯৫২ চনত সূচনা হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন (এন এফ ডি চি) আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছচাইটি অৱ গোৱা (ই এছ জি)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা এই উৎসৱ এক আন্তৰ্জাতিক চিনেমাৰ শক্তি কেন্দ্ৰলৈ বিকশিত হৈছে-য'ত পূৰ্বৰ উৎকৃষ্ট চলচ্চিত্ৰসমূহৰ সৈতে পৰীক্ষামূলক পদক্ষেপৰ সংমিশ্ৰণ হয়, য'ত কিংবদন্তি শিল্পীসকলৰ লগতে প্ৰথমবাৰৰ অংশগ্ৰহণকাৰীসকলেও নিসংকোচে স্থান লাভ কৰে। আই এফ এফ আইক সঁচাকৈয়ে উজ্জ্বল কৰি তোলা কথাটো হ’ল ইয়াৰ মণিকাঞ্চন সংযোগ-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, বিশেষজ্ঞসকলৰ অভিজ্ঞতা বিনিময়, শ্ৰদ্ধাঞ্জলি আৰু অত্যুৎসাহী ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই পাখি মেলে। নৱেম্বৰৰ পৰা গোৱাৰ অতুলনীয় উপকূলত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চমকপ্ৰদ বৰ্ণিল ক’লাজৰ প্ৰতিশ্ৰুতি দিয়ে- ই হৈছে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল প্ৰতিভাৰ এক গভীৰ উদযাপন।
Ritu Shukla/ Sangeeta Godbole/ Saurabh Khekde/Darshana Rane/HS
रिलीज़ आईडी:
2195370
| Visitor Counter:
18