গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০০৮ চনৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰাৰ সময়ত দৃঢ়ভাৱে থিয় হৈ জীৱন উৎসৰ্গা কৰা সাহসী সৈনিকসকলক কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

শ্ৰী অমিত শ্বাহে এই কাপুৰুষোচিত আক্ৰমণত প্ৰাণ হেৰুওৱাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

সন্ত্ৰাসবাদ কেৱল এখন দেশৰ বাবে ভাবুকি নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে এক ডাঙৰ অভিশাপ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি স্পষ্ট আৰু সমগ্ৰ বিশ্বই ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী অভিযানসমূহক ব্যাপক সমৰ্থন আগবঢ়োৱাৰ লগতে ইয়াক প্ৰশংসা কৰিছে

Posted On: 26 NOV 2025 2:14PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০০৮ চনৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিৰোধ কৰি নিজৰ জীৱন উৎসৰ্গা কৰা সাহসী সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী অমিত শ্বাহে এই কাপুৰুষোচিত আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

‘এক্স’ৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়- ২০০৮ চনৰ এই দিনটোতে সন্ত্ৰাসবাদীসকলে মুম্বাইত কাপুৰুষোচিত আক্ৰমণ চলাই এক ভয়ংকৰ আৰু অমানৱীয় কাৰ্য্য সংঘটিত কৰিছিল। মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিহত কৰাৰ সময়ত দৃঢ়ভাৱে থিয় হৈ নিজৰ জীৱন উৎসৰ্গা কৰা সাহসী সৈনিকসকলক মই অভিবাদন জনাইছো আৰু এই কাপুৰুষোচিত ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদ কেৱল এখন দেশৰ বাবে ভাবুকি নহয়, বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ বাবে এক ডাঙৰ অভিশাপ। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি স্পষ্ট আৰু সমগ্ৰ বিশ্বই ইয়াক প্ৰশংসা কৰাৰ লগতে ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী অভিযানত ব্যাপক সমৰ্থন আগবঢ়াই আছে।

****

RK / RR / PS / MK


(Release ID: 2194683) Visitor Counter : 3