প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২৬ নৱেম্বৰত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া ফেচিলিটি উদ্বোধন কৰিব
এছএইএছআই হৈছে ‘লিপ’ ইঞ্জিনৰ বাবে ছাফ্ৰানৰ এমআৰঅ’ সুবিধা
পোন-প্ৰথমবাৰৰ বাবে ভাৰতত গ্ল’বেল ইঞ্জিন অ’ইএম-এ এমআৰঅ’ অপাৰেচন স্থাপন কৰিছে
এমআৰঅ’ সুবিধা বিমান পৰিবহণ খণ্ডত আত্মনিৰ্ভৰতা লক্ষ্যৰ দিশত এক বৃহৎ পদক্ষেপ হ'ব
Posted On:
25 NOV 2025 4:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ নৱেম্বৰৰ পুৱা ১০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জিএমআৰ এৰ’স্পেচ আৰু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক – এছইজেড-ত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (SAESI) সুবিধা উদ্বোধন কৰিব।
এছএইএছআই হৈছে ছাফ্ৰানৰ ‘লিপ’ (LEAP-লিডিং এজ এভিয়েচন প্ৰপালচন) ইঞ্জিনৰ বাবে সমৰ্পিত মেইন্টেনেন্স, মেৰামতি আৰু অভাৰহ’ল (MRO) সুবিধা। এই সুবিধাই এয়াৰবাছ এ৩২০নিঅ’ আৰু বয়িং ৭৩৭ মেক্স বিমানক শক্তি প্ৰদান কৰে। এই সুবিধা স্থাপন কাৰ্য্য এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। কিয়নো এয়া কেৱল বিশ্বব্যাপী বিমান ইঞ্জিন এমআৰঅ’ সুবিধাসমূহৰ অন্যতমেই নহয়, বৰঞ্চ পোন-প্ৰথমবাৰৰ বাবে ভাৰতত গ্ল’বেল ইঞ্জিন অ’ইএম-এ (মূল সঁজুলি নিৰ্মাতা) এমআৰঅ’ অপাৰেচন স্থাপন কৰিছে।
জিএমআৰ এৰ’স্পেচ আৰু আৰু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক – এছইজেডৰ ভিতৰত ৪৫,০০০ বৰ্গমিটাৰত বিস্তৃত এই অত্যাধুনিক সুবিধাটো প্ৰায় ১,৩০০ কোটি টকাৰ প্ৰাৰম্ভিক বিনিয়োগেৰে বিকশিত কৰা হৈছে। বছৰি ৩০০ ‘লিপ’ ইঞ্জিনলৈকে সেৱা আগবঢ়াবলৈ ডিজাইন কৰা এই এছএইএছআই সুবিধাটোৱে ২০৩৫-ৰ ভিতৰত সম্পূৰ্ণ কাৰ্য্যক্ষমতা লাভ কৰাৰ পিছত ১,০০০-ৰো অধিক উচ্চ দক্ষ ভাৰতীয় টেকনিচিয়ান আৰু অভিযন্তাক নিয়োগ কৰিব।
এমআৰঅ’ সুবিধা বিমান পৰিবহণ খণ্ডত আত্মনিৰ্ভৰতা লক্ষ্যৰ দিশত এক বৃহৎ পদক্ষেপ হ'ব। এমআৰঅ’-ত থলুৱা সামৰ্থ্য বিকাশ কৰিলে বৈদেশিক মুদ্ৰাৰ বহিঃপ্ৰবাহ হ্ৰাস পাব, উচ্চ মূল্যৰ কৰ্মসংস্থাপন সৃষ্টি হ’ব, যোগান-শৃংখলৰ স্থিতিস্থাপকতা শক্তিশালী হ’ব আৰু ভাৰতক বিশ্ব বিমান পৰিবহণ কেন্দ্ৰ হিচাপে স্থাপন কৰিব। ভাৰত চৰকাৰে এই খণ্ডৰ দ্ৰুত বৃদ্ধিত সহায় কৰিবলৈ এক শক্তিশালী এমআৰঅ’ পৰিবেশ তন্ত্ৰ গঢ়ি তোলাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। চৰকাৰৰ মূল নীতিগত পদক্ষেপসমূহ যথা — ২০২৪-ত জিএছটি সংস্কাৰ, এমআৰঅ’ গাইডলাইন-২০২১ আৰু ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ নীতি ২০১৬-কে ধৰি—কৰ গাঁথনিক যুক্তিসংগত কৰি আৰু ৰয়েল্টিৰ বোজা হ্ৰাস কৰি এমআৰঅ’ প্ৰদানকাৰীসকলৰ বাবে কাৰ্য্যকলাপ সৰল কৰি তুলিছে।
****
MJPS/SR/SB
(Release ID: 2194513)
Visitor Counter : 5
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam