আইএফএফআই ২০২৫ত সত্য আৰু সুক্ষ্মতাৰ মিশ্ৰণ । পাইক ৰিভাৰ আৰু ডে টাল পলোৱে জিনিলে হৃদয়
চিনেমাত বাস্তৱ কাহিনী আৰু বাস্তৱ যন্ত্ৰণাক চিত্ৰিত কৰাটো এক বিশেষ সুবিধা আৰু দায়িত্ব দুয়োটা: পৰিচালক ইভান ডেৰিয়েল অৰ্টিজ
পাইক ৰিভাৰত খননৰ এক ভয়াৱহ ট্ৰেজেডী সহ্য কৰা মহিলাসকলৰ দুখ আৰু সংগ্ৰামৰ চিত্ৰণ কৰা হৈছে: পৰিচালক ৰবাৰ্ট চাৰ্কিছ।
ছবিসমূহৰ অভিনেতা-অভিনেত্ৰী, পাইক ৰিভাৰ আৰু ডে টাল পলোৱে আজি ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই) ২০২৫ত একত্ৰিত হৈ তেওঁলোকৰ ছবিক গঢ় দিয়া প্ৰেৰণা, আৱেগিক যাত্ৰা আৰু বাস্তৱ জীৱনৰ কাহিনী—মানৱতা, সুস্থিৰতা আৰু সত্যৰ মাজত শিপাই থকা দুখন শক্তিশালী ৰচনা।
“হৃদয়ৰ এটা প্ৰকাশ”: ডে টাল পলোৱে ককা-আইতাৰ নিৰৱ শক্তিক প্ৰতিফলিত কৰে
পৰিচালক ইভান ডেৰিয়েল অৰ্টিজে ডে টাল পলোক এক অন্তৰংগ কলাত্মক জাগৰণ বুলি বৰ্ণনা কৰিছে—যিটোৱে আধুনিক পৰিয়ালৰ ভিতৰত থকা নিস্তব্ধ অথচ গভীৰ আৱেগিক শ্ৰমৰ কান্ধটো উন্মোচন কৰে। "বহু ঘৰত তেওঁলোকে কেতিয়াও সঁচা অৰ্থত অৱসৰ গ্ৰহণ নকৰে। তেওঁলোক নিৰৱ স্তম্ভ হৈয়েই থাকে—কাম কৰা, যত্ন লোৱা আদিৰ বাবে। আনহাতে তেওঁলোকৰ নিজৰ প্ৰয়োজনীয়তাক লাহে লাহে আঁতৰাই ৰখা হয়। বিস্তৃত গৱেষণাৰ জৰিয়তে উলিওৱা এই বাস্তৱ সত্যই ছবিখনৰ আৱেগিক হৃদস্পন্দন গঠন কৰে," তেওঁ কয়।
ইভানে এনে সুক্ষ্ম, আৱেগিকভাৱে স্তৰিত আখ্যানৰ জৰিয়তে এগৰাকী যুৱতী অভিনেত্ৰীক পৰিচালনা কৰাৰ সূক্ষ্ম প্ৰক্ৰিয়াৰ কথা কয়। "শিশুৰ প্ৰবৃত্তি বিশুদ্ধ। চেটত তাইৰ আৱেগিক ছন্দৰ প্ৰতি নিখুঁততা, ধৈৰ্য্য আৰু গভীৰ সংবেদনশীলতা বজাই ৰখাৰ প্ৰয়োজন আছিল। সেই নিৰ্দোষতাক স্তৰযুক্ত, অৰ্থপূৰ্ণ অভিনয়লৈ ৰূপান্তৰ কৰাটো নিজৰ বাবেই এক কলা।"
ককাক হিচাপে নিজৰ অভিজ্ঞতাৰ আধাৰত অভিনেতা জোচে ফেলিক্স গোমেজে তেওঁৰ তৰুণ নায়িকাৰ সৈতে এক প্ৰকৃত আৰু সুক্ষ্ম বান্ধোন গঢ়ি তুলিছিল। প্ৰথম দিনাৰ পৰাই তেওঁ তাইক তেওঁক “ককা” বুলি ক’বলৈ আৰু প্ৰতিদিনে পুৱা-ৰাতি তেওঁৰ আশীৰ্বাদ বিচাৰিবলৈ আমন্ত্ৰণ জনাইছিল। এয়া এক অনুষ্ঠান যিয়ে বিশ্বাস আৰু মৰমক লালন-পালন কৰিছিল, শেষত তেওঁলোকৰ পৰ্দাৰ সম্পৰ্কত প্ৰামাণ্যতা সোমাই দিছিল। তেওঁ কয় যে বিশ্ব প্ৰিমিয়াৰত প্ৰথমবাৰৰ বাবে তেওঁৰ অভিনয় চাই তেওঁক গভীৰভাৱে আৱেগিক কৰি তুলিছিল। তেওঁ লগতে কয়, ‘তাইৰ সত্যই মোক চুই গ’ল।ই মোক সোঁৱৰাই দিলে যে বাস্তৱ জীৱন আৰু প্ৰকৃত যন্ত্ৰণাৰ পৰা জন্ম লোৱা কাহিনীবোৰ পৰ্দালৈ অনাটো এক দায়িত্ব আৰু সৌভাগ্য দুয়োটা।
“এ ফাইট ফৰ জাষ্টিচ”: পাইক ৰিভাৰে এটা ৰাষ্ট্ৰীয় খনি ট্ৰেজেডী উপস্থাপন কৰে
পৰিচালক ৰবাৰ্ট চাৰ্কিছে নিউজিলেণ্ডৰ অন্যতম বিধ্বংসী ঔদ্যোগিক দুৰ্যোগৰ মাজত শিপাই থকা পাইক ৰিভাৰৰ আঁৰৰ সুক্ষ্ম দিশটো ৰ বিষয়ে আলোচনা কৰে। তেওঁ কয়, ‘নিউজিলেণ্ডত ‘পাইক ৰিভাৰ’ৰ কথা, সকলোৱে জানে।এইটো এটা শব্দ যিয়ে দুখ, খং আৰু অমীমাংসিত অন্যায় কঢ়িয়াই লৈ ফুৰে।
তেওঁক এই প্ৰকল্পৰ বাবে বাধ্য কৰাইছিল স্বামী আৰু এজন পুত্ৰ হেৰুৱাই দুগৰাকী সাধাৰণ মহিলাৰ নেতৃত্বত জবাবদিহিতাৰ অসাধাৰণ যুঁজখনে। “তেওঁলোকৰ বন্ধুত্ব, তেওঁলোকৰ সাহস—সেইটোৱেই হৈ পৰিল ছবিখনৰ আত্মা,” ৰবাৰ্টে ক’লে।
এই সত্যক চিত্ৰিত কৰিবলৈ ব্যতিক্ৰমী আৱেগিক আন্তৰিকতাৰ প্ৰয়োজন আছিল। প্ৰকৃত মহিলাসকল প্ৰায়ে চেটত উপস্থিত আছিল, যাৰ ফলত অভিনেতাসকলে অনুভৱ কৰা দায়িত্ব অধিক তীব্ৰতৰ হৈ পৰিছিল। ৰবাৰ্টে সেই দৃশ্যটোৰ চিত্ৰগ্ৰহণৰ কথা মনত পেলাইছিল, য’ত পৰিয়ালসমূহক কোৱা হয় যে তেওঁলোকৰ আপোনজনৰ মৃত্যু হৈছে। তেওঁ মন্তব্য কৰে যে শ্বুটিঙৰ পূৰ্বে পৰিয়ালৰ প্ৰকৃত সদস্যসকলে নিজৰ স্মৃতি শ্বেয়াৰ কৰিছিল।সকলোৰে চকুলো বৈ আহিছিল।
ছবিখনৰ বিষয়ে
১.দে টাল পলো
ডে টাল পলো হৈছে ডন মেনুৱেলৰ হৃদয়স্পৰ্শী কাহিনী, যিজন অৱসৰপ্ৰাপ্ত দাদাই নিজৰ ৯ বছৰীয়া নাতিনী আইৰিনৰ আইনী তত্ত্বাৱধান লাভ কৰে, কাৰণ তেওঁৰ মাতৃক স্বামীৰ দ্বাৰা নিৰ্মমভাৱে আক্ৰমণ কৰা হয়। ডন মেনুৱেলৰ বাবে ই তেওঁৰ দৈনন্দিন জীৱনত এক নাটকীয় পৰিৱৰ্তন ঘটায়। বহু প্ৰত্যাহ্বানৰ মাজতো তেওঁ আৰু আইৰিনে গভীৰ আৰু মৰমিয়াল পাৰিবাৰিক বন্ধন গঢ়ি তুলিবলৈ সক্ষম হয়, এই সকলোবোৰৰ সময়তে মেনুৱেলে স্বাস্থ্যজনিত অৱস্থাৰ প্ৰথম লক্ষণ দেখুৱাবলৈ আৰম্ভ কৰে।
২. পাইক ৰিভাৰ
২০১০ চনত নিউজিলেণ্ডত ২৯জন লোকৰ মৃত্যু হোৱা পাইক ৰিভাৰ খনি বিস্ফোৰণৰ পটভূমিত নিৰ্মিত পাইক ৰিভাৰ ছবিখন বন্ধুত্ব আৰু ন্যায়ৰ এক শক্তিশালী সত্য কাহিনী। আন্না অছবৰ্ণ আৰু ছ’নিয়া ৰকহাউছ ক্ষতিৰ দ্বাৰা একত্ৰিত হৈছে, খনিৰ মুৰব্বী, চৰকাৰী গাফিলতি আৰু আইনী বাধাৰ বিৰুদ্ধে যুঁজিছে। তেওঁলোকৰ অটল দৃঢ়তাই ব্যৱস্থাগত বিফলতা আৰু বিশ্বাসঘাতকতাক উদঙাই দিয়ে, শোকক সক্ৰিয়তালৈ ৰূপান্তৰিত কৰে। তেওঁলোকে জবাবদিহিতা আৰু আপোনজনৰ পুনৰুদ্ধাৰৰ পোষকতা কৰাৰ লগে লগে তেওঁলোকৰ সাহসে এটা জাতিক অনুপ্ৰাণিত কৰে।
****
For more information, Click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Nikita Joshi/Swadhin Shaktiprasad/Darshana Rane | IFFI 56 - 045| DB
ৰিলিজ আই ডি :
2194441
| Visitor Counter:
16