প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় হলত সংবিধান দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
ভাৰতীয় সংবিধানৰ অনুবাদিত সংস্কৰণ মালয়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, বড়ো, কাশ্মীৰী, তেলেগু, ওড়িয়া আৰু অসমীয়া- এই ৯ টা ভাষাত মুকলি কৰা হ’ব
प्रविष्टि तिथि:
25 NOV 2025 4:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰত পুৱা প্ৰায় ১১ বজাত সংবিধান সদনৰ কেন্দ্ৰীয় হলত সংবিধান দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই বছৰ সংবিধান গ্ৰহণৰ ৭৬ সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে।
এই উদযাপনত ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, উভয় সদনৰ সাংসদ আৰু অন্যান্যসকলে অংশগ্ৰহণ কৰিব।
কাৰ্যসূচীৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা পাঠৰ নেতৃত্ব দিব। ইয়াৰ উপৰি ভাৰতৰ সংবিধানৰ অনুবাদিত সংস্কৰণ অসমীয়াসহ মালয়ালম, মাৰাঠী, নেপালী, পাঞ্জাৱী, বড়ো, কাশ্মীৰী, তেলেগু আৰু ওড়িয়া এই ৯ টা ভাষাত মুকলি কৰা হ’ব। এই কাৰ্যসূচীৰ সময়ত ‘ভাৰতৰ সংবিধানত কলা আৰু কেলিগ্ৰাফি’ নামৰ স্মাৰক পুস্তিকাও মুকলি কৰা হ’ব।
****
MJPS/SR/MK
(रिलीज़ आईडी: 2194226)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam