ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবাদ মাধ্যমৰ মত বিনিময়ৰ সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল জাপানৰ দেশভিত্তিক ছবি "টাইগাৰ" আৰু "ছিছাইড ছেৰেণ্ডিপিটি"
দেশভিত্তিক ছবি জাপানৰঃ "টাইগাৰ" আৰু "ছাইড ছেৰেণ্ডিপিটি"ৰ দলে আইএফএফআইত সংবাদ মাধ্যমৰে মত বিনিময়
ভাৰতীয় ৫৬সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ত এইবাৰ দেশভিত্তিক ছবিৰ শিতানত জাপানৰ বিশেষ আকৰ্ষণ আছিল। জাপানৰ দুখন প্ৰধান চিনেমা ছবিৰ দল—"টাইগাৰ" আৰু "ছিছাইড ছেৰেণ্ডিপিটি"—দলে বিশেষভাৱে আয়োজিত সংবাদমেলত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে। অভিনেতা-অভিনেত্ৰী আৰু কলা-কৌশলীসকলে তেওঁলোকৰ সৃষ্টিশীল যাত্ৰাৰ অভিজ্ঞতা, বিষয়ভিত্তিক প্ৰেৰণা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত জাপানক প্ৰতিনিধিত্ব কৰাৰ গুৰুত্বৰ বিষয়ে শ্বেয়াৰ কৰে। তেওঁলোকৰ মত বিনিময়ে দেশভিত্তিক ছবি শিতানত জাপানে উপস্থাপন কৰা ছবিক সমৃদ্ধ কৰিলে।
সংবাদমেলৰ আৰম্ভণিতে দুয়োখন ছবিৰ ট্ৰেইলাৰ প্ৰদৰ্শনৰ জৰিয়তে "টাইগাৰ"ৰ দলটোৱে মঞ্চত উঠি নিজৰ ছবিখন সংবাদ মাধ্যমৰ আগত পৰিচয় কৰাই দিয়ে।
"টাইগাৰ" ছবিখনত ৩৫ বছৰীয়া এজন মালিচ কৰোতাৰ কাহিনী কোৱা হৈছে, যাৰ সম্পত্তিৰ মালিকীস্বত্বক লৈ ভনীয়েকৰ সৈতে ক্ৰমাৎ বৃদ্ধি পোৱা কাজিয়াই তেওঁক এনে এটা পৰ্যায়লৈ লৈ যায় য'ত উচিত আৰু অনুচিতৰ সীমা ম্লান হ'বলৈ আৰম্ভ কৰে। ছবিখনে কেৱল পাৰিবাৰিক সংঘাতৰ ওপৰত আলোকপাত কৰাই নহয়, এলজিবিটিকিউ সম্প্ৰদায়ে সন্মুখীন হোৱা সামাজিক প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰিছে। কাহিনীটোৱে পৰিচয়, অধিকাৰ, সামাজিক গ্ৰহণযোগ্যতাৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহক গভীৰভাৱে প্ৰতিফলিত কৰিছে।
সংবাদ মাধ্যমক সম্বোধন কৰি ছবিখনৰ পৰিচালক অংশুল চৌহানে নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত সন্মুখীন হোৱা সৃষ্টিশীল আৰু আৱেগিক জটিলতাৰ বিষয়ে বিৱৰি কয়। তেওঁ উল্লেখ কৰে যে ইমান স্পৰ্শকাতৰ বিষয় এটাৰ ওপৰত কাম কৰাৰ সময়ত দৰ্শকৰ সঁহাৰিৰ প্ৰতি তেওঁ প্ৰথম অৱস্থাত সন্দেহ প্ৰকাশ কৰিছিল। অংশুল চৌহানে উল্লেখ কৰে যে এজন অ-এলজিবিটিকিউ চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ পিছতো এলজিবিটিকিউ সম্প্ৰদায়ৰ সমস্যাসমূহ পৰ্দাত চিত্ৰিত কৰিবলৈ অপৰিসীম দায়িত্ব আৰু সংবেদনশীলতাৰ প্ৰয়োজন। তেওঁ লগতে কয় যে এনে বিষয়ক চিত্ৰিত কৰাৰ সময়ত সমাজৰ প্ৰতি সন্মান বজাই ৰখাটোৱেই সৰ্বোচ্চ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত "ছিছাইড ছেৰেণ্ডিপিটি"ৰ কাৰ্যবাহী প্ৰযোজক টমোমি যোছিমুৰাই তেওঁৰ অভিজ্ঞতা আৰু ছবিখনৰ সৃষ্টিশীল যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰে। ভাৰতীয় দৰ্শকৰ পৰা পোৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁলোকৰ মৰম আৰু উৎসাহে আইএফএফ আইত ছবিখনৰ উপস্থাপনক সঁচাকৈয়ে বিশেষ আৰু স্মৰণীয় কৰি তুলিছে।
মত বিনিময়ৰ সময়ত টমোমীয়ে ছবিখনৰ অন্তৰ্নিহিত বিষয়বস্তুৰ বিষয়ে বুজাই দি কয় যে তেওঁৰ লক্ষ্য আছিল শিশু আৰু প্ৰাপ্তবয়স্কৰ মাজত থকা প্ৰজন্মৰ ব্যৱধান দূৰ কৰা। তেওঁ লগতে কয় যে ছবিখনে বিভিন্ন বয়সৰ লোকৰ মাজত পাৰস্পৰিক বুজাবুজিৰ পোষকতা কৰা কাহিনী উপস্থাপন কৰে আৰু ডেকা-বুঢ়াৰ বাবে সমানে প্ৰাসংগিক আৰু অৰ্থপূৰ্ণ দৃষ্টিভংগী উপস্থাপন কৰে।
সাগৰৰ পাৰৰ এখন নিস্তব্ধ চহৰত পৰিৱেশিত "ছিছাইড ছেৰেণ্ডিপিটি"ত এনে এটা সম্প্ৰদায়ৰ কাহিনী কোৱা হৈছে যাৰ বাসিন্দাসকলে বছৰ বছৰ ধৰি বাস কৰি আহিছে, শিল্পীৰ আগমনৰ পিছত হঠাৎ পৰিৱৰ্তন আৰু ধাৰাবাহিকভাৱে অপ্ৰত্যাশিত পৰিঘটনাৰ সন্মুখীন হৈছে। মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছ’ছুকে আৰু অহৰহ পৰিৱৰ্তিত চহৰখনৰ আশে-পাশে ঘূৰি থকা কাহিনীটোৱে শিশুৰ দৃঢ়তা আৰু প্ৰাপ্তবয়স্কসকলৰ অৰ্থৰ সন্ধানক শক্তিশালীভাৱে ফুটাই তোলা মাৰ্মান্তিক দৃশ্যৰ মাজেৰে উন্মোচিত হৈছে। অসম্পূৰ্ণ অথচ গভীৰভাৱে সংবেদনশীল চৰিত্ৰক চিত্ৰিত কৰা ছবিখন প্ৰেম, সংযোগ আৰু মানৱীয় আৱেগৰ এক সমৃদ্ধ উদযাপন। দলটোৱে আশা কৰিছে যে ছবিখনে সমগ্ৰ মহোৎসৱত দৰ্শকৰ মনত গভীৰভাৱে অনুৰণন ঘটাব।
For more information, Click on:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2191742
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2190381
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Sangeeta Godbole/Robin Singh/Darshana Rane | IFFI 56 – 046/DB
रिलीज़ आईडी:
2193906
| Visitor Counter:
10