iffi banner

অভিঘাতৰ পৰা অভিভূত হোৱালৈ: আই এফ এফ আই-২০২৫ত চলচ্চিত্ৰপ্ৰেমীক মোহিত কৰিছে ১২ বছৰীয়া ‘কাৰ্লা’ৰ হৃদয়স্পৰ্শী কাহিনীয়ে

ফুকিৰ দৃষ্টিৰে: শৈশৱৰ আশ্চৰ্য আৰু দুৰ্বোধ্যতাৰ ছবি আঁকিছে ‘ৰেন’ইৰ’-য়ে

১২ বছৰীয়া কাৰ্লাই আদালতত কৰা সাহসী সংগ্ৰামৰ পৰা আৰম্ভ কৰি ১১ বছৰীয়া ফুকিৰ অদ্ভুত, কল্পনাৰ জগতখনলৈকে আই এফ এফ আই-ৰ পৰ্দাবোৰ হৃদয়স্পৰ্শী কাহিনী আৰু এই চলন্ত কাহিনীবোৰৰ নেপৰ্থ্যৰ গাঁথাৰে উজলি উঠিছিল, য’ত সাহস, কৌতুহল আৰু কল্পনা শৈশৱৰ পৰীক্ষণক চলচ্চিত্ৰীয় সাফল্যলৈ ৰূপান্তৰিত কৰিছে।

৫৬ সংখ্যক আই এফ এফ আই-য়ে আজি এক আমোদজনক সংবাদমেলৰ সাক্ষী হ’ল, কাৰ্লাৰ পৰিচালক ক্ৰীষ্টিনা থেৰেছা টুৰ্নাটজেছ আৰু ৰেন’ইৰ-ৰ সহ-প্ৰযোজক ক্রিষ্টোফ ব্ৰাঞ্চাৰে তেওঁলোকৰ উচ্চ প্ৰশংসিত ছবিসমূহৰ আঁৰৰ কাহিনীসমূহ সহভাগ কৰে।

 

কাৰ্লা: এ চাইল্ডছ ফাইট ফৰ ট্ৰুথ এণ্ড ডিগনিটী

পৰিচালক ক্ৰীষ্টিনা থেৰেছা টুৰ্নাটজেছে কাৰ্লাক পৰ্দাত জীৱন্ত কৰি তোলাৰ সুক্ষ্ম আৰু আৱেগিক যাত্ৰাৰ বিষয়ে কয়। ছবিখনত ১২ বছৰীয়া কাৰ্লাৰ দুখজনক সত্য কাহিনী বৰ্ণনা কৰা হৈছে, যিগৰাকী সাহসী ছোৱালীয়ে আদালতত নিজৰ নিৰ্যাতনকাৰী পিতৃৰ সন্মুখীন হয়। মাত্ৰ দুজন সাক্ষীৰ সৈতে বিচাৰটো “শব্দৰ বিপৰীতে শব্দ”ৰ এক উত্তেজিত যুদ্ধত পৰিণত হয় আৰু কাৰ্লাৰ বাবে তেওঁৰ আঘাতৰ কথা কোৱাটো হৃদয় বিদাৰক আৰু গভীৰ প্ৰত্যাহ্বানমূলক হৈ উঠে।

 

ছবিখনে কাৰ্লাৰ দৃষ্টিভংগীক অন্তৰংগভাৱে অনুসৰণ কৰি আঘাতৰ ফলত জাপি দিয়া মৌনতা, সংকোচ আৰু বাকৰুদ্ধতাক উজ্জ্বল কৰি তুলিছে। বিচাৰকজন হৈ পৰে এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, একমাত্ৰ ব্যক্তি যিয়ে সঁচাকৈয়ে শুনি থাকে আৰু কাৰ্লাক তাইৰ কথাবোৰ কোৱাত সহায় কৰে। কাহিনীটোৰ প্ৰামাণ্যতা পাৰিবাৰিক ইতিহাসত প্ৰোথিত হৈ আছে আৰু কাহিনীটোৰ সৈতে ডাঙৰ হোৱা কাৰ্লাৰ এজন আত্মীয়ই ইয়াক জীৱনজোৰা প্ৰকল্পলৈ ৰূপান্তৰিত কৰাৰ লগতে  অৱশেষত ইয়াক পৰ্দালৈ আনিছিল।

ক্ৰীষ্টিনাই ছবিখনৰ সাৰ্বজনীন প্ৰাসংগিকতাক আলোকপাত কৰে। শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতন এক ব্যাপক বিশ্বজোৰা প্ৰসংগ, আৰু কাৰ্লাই শিশুৰ মৰ্যাদা সযতনে ৰক্ষা কৰাৰ লগতে জীৱিতজনৰ কাহিনীত গুৰুত্ব আৰোপ কৰে।

মিউনিখত ছবিখনৰ প্ৰিমিয়াৰৰ বিষয়েও তেওঁ চিন্তা কৰিছিল, ইয়াক “হোম ৰাণ” বুলি অভিহিত কৰিছিল আৰু আই এফ এফ আই-ত প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থাপন কৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতাও সহভাগ কৰিছিল। ১২ বছৰীয়া নায়িকাগৰাকীৰ সৈতে কাম কৰি ক্ৰীষ্টিনাই এক নিৰাপদ আৰু প্ৰতিপালিত পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিছিল, যাৰ ফলত শিশু অভিনেত্ৰীগৰাকীৰ অভিনয় প্ৰবৃত্তিগত, প্ৰকৃত আৰু অন্তৰ্স্পৰ্শী হৈ উঠিব পাৰে।

ৰেনয়াৰ: চিয়িং দ্য ৱৰ্ল্ড থ্ৰু এ চাইল্ডছ মেজিকেল ইমেজিনেশ্যন

সহ-প্ৰযোজক ক্রিষ্টোফ ব্ৰাঞ্চাৰে ১১ বছৰীয়া ফুকীৰ দৃষ্টিৰে শৈশৱৰ মনোমোহা জগতখনক ধৰি ৰখা ছবি ৰেন’ইৰ-ৰ নেপৰ্থ্যত এক আকৰ্ষণীয় উঁকি মাৰিছিল।

 

শিৰোনামটোক লৈ বিখ্যাত ফৰাচী চিত্ৰশিল্পী এগৰাকীয়ে মূৰ দুপিয়াই থকা দেখি ব্ৰুঞ্চাৰে বুজাই দিছিল, “এইখন বায়’পিক নহয়। ইম্প্ৰেছনিষ্ট পেইন্টিঙৰ দৰে কাহিনীটোও সৰু সৰু, খণ্ডিত মুহূৰ্তৰ দ্বাৰা গঠিত, যিবোৰক একেলগে চালে এক চহকী আৱেগিক ছবিৰ সৃষ্টি হয়। সেইটোৱেই এই ছবিখনক সজীৱ আৰু কাব্যিক অনুভৱ প্ৰদান কৰিছে।”

১৯৮৭ চনৰ জাপানৰ অৰ্থনৈতিক উত্থানৰ সময়ত টকিঅ’ত পৰিৱেশিত এই ছবিখনে ফুকিক অনুসৰণ কৰে, যি এগৰাকী সংবেদনশীল আৰু কৌতুহলী ছোৱালীয়ে পিতৃৰ মৃত্যুমুখী ৰোগ আৰু মাকৰ ক্ৰমাৎ বৃদ্ধি পোৱা মানসিক চাপৰ সৈতে মোকাবিলা কৰি আছে। নিজৰ নিসংগতা আৰু ডাঙৰ হোৱাৰ হেঁচাত সঠিক পথৰ সন্ধান কৰিবলৈ তাই কল্পনা, টেলিপেথী আৰু চঞ্চল পৰীক্ষা-নিৰীক্ষা — আনকি ডেটিং হটলাইনলৈও ফোন কৰাৰ দৰে এক মনোহৰণীয় জগতলৈ উভতি যায়!

ব্ৰাঞ্চাৰে ফুকিৰ যাত্ৰাৰ সাৰ্বজনীনতাl আলোকপাত কৰে। তেওঁ লগতে কয়, ‘আমি যিটো ধৰিব বিচাৰিছিলোঁ সেয়া হ’ল শিশুৱে কেনেকৈ ডাঙৰ, প্ৰাপ্তবয়স্ক সমস্যাবোৰ নিজৰ আভ্যন্তৰীণ যুক্তিৰে সংসাধিত কৰে। ফুকিৰ কল্পনাই হৈছে তাইৰ পৃথিৱীখনৰ অৰ্থ উলিওৱাৰ ধৰণ।

ব্ৰাঞ্চাৰে কয় যে ছবিখনে শৈশৱ, পৰিয়াল আৰু সমাজ পৰিৱৰ্তনৰ তিতা-মিঠা বাস্তৱতাক সুক্ষ্মভাৱে অন্বেষণ কৰিছে। তেওঁ কয়, “ফুকিৰ অভিনয় আগবঢ়োৱা কিশোৰী অভিনেত্ৰীগৰাকী হৈছে কাৰিকৰীভাৱে শক্তিশালী, প্ৰবৃত্তিগত আৰু আৱেগিকভাৱে আকৰ্ষণীয় এক প্ৰকাশ। যদিও তেওঁ কানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা অলপৰ বাবে হেৰুৱাইছিল, এছিয়া পেচিফিক স্ক্ৰীণ বঁটাত তেওঁক শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মানেৰে সন্মানিত কৰা হৈছিল, যিয়ে এক উল্লেখযোগ্য প্ৰতিভা হিচাপে তেওঁৰ মৰ্যাদাক দৃঢ় কৰি তুলিছিল।”

ৰেন’ইৰ হৈছে শৈশৱৰ আচৰিত, কৌতুহল আৰু সাহসৰ উদযাপন, যিয়ে দৰ্শকক খেলা-ধূলা আৰু জীৱনৰ কঠোৰ বাস্তৱতাৰ মাজৰ সুক্ষ্ম ভাৰসাম্যতা অন্বেষণ কৰা শিশুৰ চকুৰে পৃথিৱীখন চাবলৈ আমন্ত্ৰণ জনায়।

ছবি সন্দৰ্ভত

জাৰ্মানী | ২০২৫ চনৰ | জাৰ্মান | ১০৪' | ৰঙীণ

 

১. কাৰ্লা

জাৰ্মান চলচ্চিত্ৰ নিৰ্মাতা ক্ৰীষ্টিনা টুৰ্নাটজেছৰ প্ৰথম ছবি ‘কাৰ্লা’- ‘মিউনিখ চলচ্চিত্ৰ মহোৎসৱ’-ত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল, য’ত ছবিখনে— শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ দুটা বঁটা লাভ কৰিছিল।

১৯৬২ চনৰ মিউনিখৰ পটভূমিত নিৰ্মিত এই ছবিখনত ১২ বছৰীয়া কাৰ্লাৰ সঁচা কাহিনী বৰ্ণনা কৰা হৈছে, যিয়ে বছৰ বছৰ ধৰি চলি থকা নিৰ্যাতনৰ পৰা সুৰক্ষা বিচাৰি পিতৃৰ বিৰুদ্ধে অভিযোগৰ জোৱাৰ তুলিছিল।

অতি সংবেদনশীলতা আৰু দায়বদ্ধতাৰে ৰচনা কৰা চিনেমাট’গ্ৰাফীৰ সৈতে ছবিখন হৈছে জীৱিত শিশুটিৰ নিজৰ ভাষাত কোৱা এক শক্তিশালী বৰ্ণনা। কাৰ্লাৰ জৰিয়তে অকথনীয় বক্তব্যৰ কাষ চাপিব পৰাকৈ কোমলতা, স্পষ্টতা আৰু তীব্ৰ সুৰক্ষাৰ দ্বাৰা সমৃদ্ধ এক চলচ্চিত্ৰীয় ভাষা গঢ়ি তুলিছে টৰ্নাটজেছে।

 

২. ৰেনইৰ

জাপান, ফ্ৰান্স, ছিংগাপুৰ, ফিলিপাইনছ, ইণ্ডোনেছিয়া, কাটাৰ | ২০২৫ চনৰ | জাপানী | ১১৬’ | ৰঙীণ

 

১৯৮৭ চনত জাপানৰ অৰ্থনৈতিক উত্থানৰ সময়ত টকিঅ’ত নিৰ্মিত এই ছবিখনত ১১ বছৰীয়া ফুকি নামৰ এগৰাকী কৌতুহলী আৰু সংবেদনশীল ছোৱালীয়ে নিজৰ মৃত্যুমুখী পিতৃ আৰু মানসিক চাপত ভুগি থকা মাতৃ উটাকো অকিটাৰ সৈতে মোকাবিলা কৰা কাহিনী ছবিখনত দেখুওৱা হৈছে। পিতৃ-মাতৃয়ে আৱেগিক আৰু আৰ্থিক চাপৰ সন্মুখীন হোৱাৰ সময়ত ফুকিয়ে নিজৰ পৃথিৱীত আশ্ৰয় বিচাৰে, যাদু, টেলিপেথী অন্বেষণ কৰে, আনকি ডেটিং হটলাইনলৈকো ফোন কৰে। বন্ধুত্ব গঢ়ি তোলাৰ সময়ত আৰু প্ৰাপ্তবয়স্কৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত তাই নিসংগতা আৰু বৃদ্ধি পোৱা যন্ত্ৰণা অনুভৱ কৰে। শৈশৱ আৰু পাৰিবাৰিক সংগ্ৰাম আৰু সমাজ পৰিৱৰ্তনৰ তিতা-মিঠা জটিলতাক বন্দী কৰি হেৰুৱা আৰু ডাঙৰ হোৱাৰ মাজেৰে তেওঁৰ শান্ত অথচ সাহসী যাত্ৰাক ছবিখনে চিত্ৰিত কৰিছে।

 

আই এফ এফ আই-ৰ বিষয়ে

১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল  ইয়াৰ সৈতে অনুষ্ঠিত কৰা  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

Watch the full Press Conference here:

 

For more information, Click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Nikita Joshi/Swadhin Shaktiprasad/Darshana Rane | IFFI 56 – 049/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2193901   |   Visitor Counter: 5