গৃহ মন্ত্ৰালয়
বিখ্যাত চলচ্চিত্ৰ অভিনেতা শ্ৰী ধৰ্মেন্দ্ৰ জীৰ মৃত্যুত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শোক প্ৰকাশ
নিজৰ অসাধাৰণ অভিনয়ৰ জৰিয়তে ছয় দশক ধৰি দেশৰ প্ৰতিগৰাকী নাগৰিকৰ হৃদয় স্পৰ্শ কৰা ধৰ্মেন্দ্ৰ জীৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বাবে এক অপূৰণীয় ক্ষতি
অভিনয় কৰা প্ৰতিটো চৰিত্ৰক জীৱন্ত কৰি তোলা কেইগৰাকীমান অভিনেতাৰ ভিতৰত ধৰ্মেন্দ্ৰ জী অন্যতম আছিল আৰু কলাৰ জৰিয়তে তেওঁ সকলো বয়সৰ লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰিছিল
সাধাৰণ পৰিয়ালৰ পৰা অহা তেওঁ চলচ্চিত্ৰ উদ্যোগত এক অপৰিসীম চিহ্ন এৰি থৈ যায় আৰু অভিনয়ৰ জৰিয়তে তেওঁ চিৰদিন আমাৰ মাজত থাকিব
ঈশ্বৰে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক এই দুখ সহ্য কৰাৰ শক্তি দিয়ক, ওম শান্তি শান্তি শান্তি
प्रविष्टि तिथि:
24 NOV 2025 3:57PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিখ্যাত চলচ্চিত্ৰ অভিনেতা শ্ৰী ধৰ্মেন্দ্ৰ জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক্সত দিয়া এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে উজ্জ্বল অভিনয়ৰ জৰিয়তে ছয় দশক ধৰি দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয় স্পৰ্শ কৰা ধৰ্মেন্দ্ৰ জীৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ কয় যে সাধাৰণ পৰিয়ালৰ পৰা অহা ধৰ্মেন্দ্ৰ জীয়ে চলচ্চিত্ৰ উদ্যোগত এক অপৰিসীম প্ৰভাৱ পেলাইছিল। তেওঁ কয় যে অভিনয় কৰা প্ৰতিটো চৰিত্ৰক জীৱন্ত কৰি তোলা কেইগৰাকীমান অভিনেতাৰ ভিতৰত ধৰ্মেন্দ্ৰ জী অন্যতম আছিল আৰু কলাৰ জৰিয়তে তেওঁ সকলো বয়সৰ লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰিছিল। ধৰ্মেন্দ্ৰ জী তেওঁৰ অভিনয়ৰ জৰিয়তে সদায় আমাৰ মাাজত থাকিব বুলি শ্ৰী শ্বাহে কয়। ঈশ্বৰে তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক এই দুখ সহ্য কৰাৰ শক্তি দিয়ক। ওঁম শান্তি শান্তি।
*****
RK / RR / PS / DD
(रिलीज़ आईडी: 2193599)
आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam