iffi banner

আইএফএফআই-য়ে অন্তৰ্দৃষ্টিসম্পন্ন ‘মাষ্টাৰক্লাছ’ অনুষ্ঠিত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ‘গালা প্ৰিমিয়াৰ’-ৰ দিহা কৰিছে

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি এলানি অন্তৰ্দৃষ্টিসম্পন্ন ‘মাষ্টাৰক্লাছ’ অনুষ্ঠিত হয়, য’ত বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, পৰিবেশক, আৰু বিশ্ব উৎসৱৰ নেতৃবৃন্দই দৰ্শকসকলক সৃষ্টিশীলতা, অভিনয়, আৰু চলচ্চিত্ৰৰ বিৱৰ্তনশীল ভৱিষ্যত সন্দৰ্ভত গভীৰ আলোচনাত জড়িত কৰে। এই অধিৱেশনত চলচ্চিত্ৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰাৰ সৈতে সাহিত্যিক অভিজাত যোশী, বাৰ্লিনেল-ৰ মহোৎসৱ সঞ্চালক শ্ৰীমতী ট্ৰিচিয়া টাটলে আইএফএফআই-ৰ মহোৎসৱ সঞ্চালক শ্ৰী শেখৰ কাপুৰ, আদিশক্তি-ৰ নাট্য গুৰু বিনয়কুমাৰৰ সৈতে বাৰ্তালাপ কৰে। এই কাৰ্যক্ৰমে অংশগ্ৰহণকাৰীসকলক চলচ্চিত্ৰ নিৰ্মাণৰ কলা, আৱেগিক অভিনয়, আৰু গল্প কথন আৰু উৎসৱসমূহত এআই-ৰ দৰে উদীয়মান প্ৰযুক্তিৰ প্ৰভাৱ সন্দৰ্ভত এক সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰে।

 

আই এফ এফ আই-য়ে আন্তঃৰাষ্ট্ৰীয় ‘গালা প্ৰিমিয়াৰ’ৰ দিহা কৰি, বিশ্বজুৰি প্ৰশংসিত এলানি চিনেমা মহোৎসৱৰ দৰ্শকসকলৰ আগত প্ৰদৰ্শন কৰি এক বিশিষ্ট চৰ্চাৰো উপস্থাপন কৰে। এইলানি ছবিত ইটালীয়–চুইজাৰলেণ্ডৰ ছবি ‘মস্কুইট’ছ’, পুনৰুদ্ধাৰ কৰা ইংৰাজী ক্লাছিক ‘মুৰিয়েল’ছ ৱেডিং’ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা ফৰাচী শিৰোনাম ‘ৰেন’য়া’ৰ আদিয়ে দৰ্শকক সমকালীন আখ্যান আৰু বিখ্যাত চিনেমাৰ শিল্পকলাৰ এক অনন্য মিশ্ৰণ প্ৰদান কৰিছিল।

 

আই এফ এফ আইৰ বিষয়ে

১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল  ইয়াৰ সৈতে অনুষ্ঠিত কৰা  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Jaydevi Pujari Swami/Edgar Coelho/Darshana Rane | IFFI 56 – 039/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2193370   |   Visitor Counter: 3