iffi banner

‘আই এফ এফ আই ২০২৫’-ত আৰম্ভ হৈছে ‘এছ আৰ এফ টি আই কলকাতা’, ‘এফ টি আই আই পুনে’ আৰু ‘এফ টি আই আই ইটানগৰ’ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘মাষ্টাৰক্লাছ’ শৃংখলা

প্ৰখ্যাত কাষ্টিং ডাইৰেক্ট-ৰ মুকেশ ছাব্ৰাই প্ৰদান কৰা এক বক্তৃতাৰ জৰিয়তে আই এফ এফ আই ২০২৫ত মুকলি কৰা হয় এক বিশেষ মাষ্টাৰক্লাছ শৃংখলা। সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এছ আৰ এফ টি আই), কলকাতা, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া (এফ টি আই আই), পুনে, আৰু এফ টি আই আই ইটানগৰ-ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰ্হি কৰা এই শৃংখলাটোৰ লক্ষ্য হৈছে তিনিওটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ অভিলাষী চলচ্চিত্ৰ পেছাদাৰসকলক একত্ৰিত কৰি সহযোগিতামূলক শিক্ষণৰ অভিজ্ঞতা প্ৰদান কৰা।

শৃংখলাটোৰ আৰম্ভণিতে গোৱাৰ কলা একাডেমী-ৰ ব্লেক বক্স থিয়েটাৰ-ত “দ্য প্ৰচেছ অব কাষ্টিং,” শীৰ্ষক এক বিস্তৃত পাঠদান কাৰ্যক্ৰম অনুষ্ঠিত হয়। ডংগল, ছিছোৰে, গেংছ অব ৱাছীপুৰ, আৰু বজৰংগী ভাইজান-কে ধৰি বহুকেইখন ছবিত কৰা কামৰ বাবে বিশেষ প্ৰসিদ্ধি লাভ কৰা মুকেশ ছাব্ৰাই কাষ্টিং বা শিল্পী-নিৰ্বাচনৰ কলা আৰু শিল্পৰ বিশদ আভাস দান কৰে। এই প্ৰক্ৰিয়াটো অভিনেতা নিৰ্বাচনতে ক্ষান্ত নাথাকি ইয়াৰ উৰ্ধ্বলৈ গৈ কেনেকৈ চৰিত্ৰসমূহক গভীৰভাৱে বুজি পোৱা, প্ৰামাণিক প্ৰতিভা চিনাক্ত কৰা, আৰু ছবি এখনৰ আৱেগিক মূলক শক্তিশালী কৰা অভিনয়ক গঢ় দিয়াৰ দৰে কাৰ্যত জড়িত হৈ থাকে সেই বিষয়ে তেওঁ বিস্তৃত বাখ্যা দাঙি ধৰে।

 

তেওঁ পৰিচালকৰ দৃষ্টিভংগী আৰু অভিনেতাৰ নিৰ্বাচনৰ মাজত সেতুবন্ধন কৰাত কাষ্টিঙৰ ভূমিকাত গুৰুত্ব আৰোপ কৰাৰ লগতে অভিনেতা আৱিষ্কাৰ কৰাত অন্তৰ্দৃষ্টি, পৰ্যবেক্ষণ আৰু সংবেদনশীলতাৰ গুৰুত্বতো আলোকপাত কৰে।

 

ছাত্ৰ-ছাত্ৰীসকল কাৰ্যক্ৰমটোত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল, উদ্যোগৰ পদ্ধতি, চৰিত্ৰ বিভাজন আৰু অডিচন প্ৰক্ৰিয়া সন্দৰ্ভত মাৰ্গদৰ্শন বিচাৰিছিল। ছবি এখনৰ বৃহত্তৰ আখ্যানত ডাঙৰেই হওক বা সৰুৱেই হওক প্ৰতিটো ভূমিকাই অৰিহণা যোগায় বুলি সোঁৱৰাই দি ছাব্ৰাই তেওঁলোকক চিনেমাৰ প্ৰতি সততা, অনুশাসন আৰু কৌতুহলৰ সৈতে সংপৃক্ত হ’বলৈ উৎসাহিত কৰে। তেওঁ কেৰিয়াৰ গাইডেন্স আৰু উচ্চাকাংক্ষী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ব্যৱহাৰিক কিটিপকে ধৰি কাষ্টিং অনুশীনৰ সন্দৰ্ভত তেওঁৰ অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে।

 

এই অধিৱেশনে ২০২৫ চনৰ ২৭ নৱেম্বৰ পৰ্যন্ত চলিব লগা মাষ্টাৰক্লাছ শংখলাৰ বাবে এক গঠনমূলক আৰু প্ৰেৰণাদায়ক পৰিৱেশ এটা গঢ়ি তোলে। অহা কেইদিনমানৰ ভিতৰত বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ উদ্যোগ পেছাদাৰীসকলে—পৰিচালনা, চিত্ৰনাট্য লিখন, চিনেমাট’গ্ৰাফী, ছাউণ্ড ডিজাইনিং আৰু প্ৰডাকশ্যনকে ধৰি—ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পেছাদাৰী দক্ষতা আৰু সৃষ্টিশীল আত্মবিশ্বাস শক্তিশালী কৰাৰ লক্ষ্যৰে মত-বিনিময়মূলক অধিৱেশন অনুষ্ঠিত কৰিব। এই পদক্ষেপে উদীয়মান প্ৰতিভাসকলক প্ৰতিপালন কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে সহযোগিতামূলক শিক্ষণ মঞ্চ সৃষ্টিৰ বাবে আই এফ এফ আই-ৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

 

 

For more information, Click on:

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2191742

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2190381

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56new/

PIB IFFIWood Broadcast Channel:

https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Sangeeta Godbole/Robin Singh/Darshana Rane | IFFI 56 – 040/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2193366   |   Visitor Counter: 4