iffi banner

কাহিনীৰ ছুনামী: আই এফ এফ আইত লহৰ তুলিলে বিশেষভাবে আলোকপাত কৰা দেশ জাপানৰ ছবিয়ে

‘ছিছাইড চেৰেণ্ডিপিটি’ৰে অনুষ্ঠান মুকলি

লাইট। কেমেৰা। কননিচিৱা !

 

ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ৰ বহু প্ৰত্যাশিত কান্ট্ৰী ফ’কাছ: জাপান শ্ব’কেছৰ আৰম্ভণিতে আজি গোৱা সাগৰীয় বতাহ আৰু চিনেমাৰ নান্দনিক মিশ্ৰণৰে জীপাল হৈ উঠে।   কি যে মুকলি আছিল সেই পৰিবেশ ! পৰ্দাত প্ৰৱেশ কৰা প্ৰথমখন ছবি—‘ছাইড চেৰেণ্ডিপিটি’ (উমিবে ই ইকু মিচি)— এ প্ৰেক্ষাগৃহক ধুৱাই গৈছিল ।  নিমিষতে দৰ্শকে এৰি অহা  শৈশৱৰ আশ্চৰ্য্য, কলাত্মক ৰূপ আৰু সূৰ্য্যৰ পোহৰত গল্প কথনৰ  জগতখনলৈ ঘূৰি গৈছিল। ছবিখনৰ কাষ্ট এণ্ড ক্ৰুৱেও এই উপলক্ষে ৰেড কাৰ্পেটত খোজ পেলায়।

20325989-c1fc-486d-be3b-34f911a5c896.jpg

 

 

আই এফ এফ আই ২০২৫ত  বিশেষ গুৰুত্ব প্ৰদান কৰি ফ'কাচ কৰিবলগীয়া দেশখন  হৈছে জাপানে । জাপানৰ পৰা আহিছে এক অতীৱ সুন্দৰ আৰু দক্ষ চিনেমাৰ দলৰ । ইযাৰ লগতে আছে —শক্তি, আৱেগ আৰু অসাধাৰণ কলাত্মক ৰূপৰ সৈতে হৃদয়ত স্পন্দন তুলিব পৰা  ছখন ছবি। হৃদয় আলোড়িত কৰা ছবিৰ  পৰা আৰম্ভ কৰি সীমাবদ্ধতাক ঠেলি দিয়া সাহসী বিচিত্ৰ আখ্যানলৈকে; ক্ৰছ-কলচাৰেল সৃষ্টিৰ  পৰা আৰম্ভ কৰি যৌৱনৰ বিজ্ঞান-কল্পকাহিনীৰ জিলিকনি তথা সপোনময়, পৰীক্ষামূলক আৰ্ট-হাউচ টেপেষ্ট্ৰীলৈকে—এই সকলোবোৰেই লৈ আহিছে জাপানে। 

কিউৰেচন হৈছে এটা চেলুলয়ড কেলিডস্কোপ, এয়া জাপানৰ বিকশিত চলচ্চিত্ৰ বিশ্বব্ৰহ্মাণ্ডৰ এক পৰিচয়। ইয়াত উদাত্ত নতুন কণ্ঠ, দূৰদৰ্শীতা  আৰু ধাৰাসমূহে প্ৰাণ পাই উঠিছে।  অপ্ৰয়োজনীয় নিয়মসমূহ ভাঙিবলৈ  আৰু কু-সংস্কাৰৰ বিৰুদ্ধে  যুদ্ধ কৰিবলৈ সাহস কৰা প্ৰতিজন গল্পকাৰক ইয়াত  উদ্ভাসিত কৰা হৈছে। যিখন দেশৰ চিনেমাই পৃথিৱীখনক মোহিত কৰি ৰাখিছে, সেইখন দেশৰ নেতৃত্বত আৱেগ, নান্দনিকতা  আৰু অবিস্মৰণীয়  ছবিৰ সোৱাদৰ  বাবে সাজু হওক।

 

দেশৰ কেন্দ্ৰবিন্দু: জাপান শ্ব'কেচ — চলচ্চিত্ৰ আৰু সংক্ষিপ্ত বিৱৰণ

 

১. এ পেল ভিউ অব হিলছ  (টই য়ামানামি নো হিকাৰ) 

জাপান, ইউ কে, পোলেণ্ড | ২০২৫ চনৰ | ইংৰাজী, জাপানী | ১২৩’| ৰঙীন

১৯৮২ চনৰ নোবেল বঁটা বিজয়ী লেখক কাজুও ইছিগুৰোৱে একে নামেৰে লিখা তেওঁৰ গ্ৰন্থৰ  আধাৰত ছবি খন  নিৰ্মিত হৈছে। ডাঙৰ ছোৱালীজনীৰ আত্মহত্যাৰ ফলত দুখে খেদি ফুৰা এটছুকোৱে ১৯৫২ চনৰ এগৰাকী মাতৃ হিচাপে নিজৰ স্মৃতিবোৰ ক’বলৈ আৰম্ভ কৰে। তেওঁৰ  কাহিনীৰ আৰম্ভণি হয় ছাচিকোৰ সৈতে হোৱা মুখামুখিৰ পৰা, এগৰাকী যুৱতীয়ে নিজৰ কণমানি কন্যা মাৰিকোৰ সৈতে বিদেশত নতুন জীৱন আৰম্ভ কৰাৰ আশা কৰিছিল ,  যিয়ে এতিয়া বাৰে বাৰে এগৰাকী  মহিলাৰ  ভয়াৱহ স্মৃতিৰ কথা উল্লেখ কৰে। লেখিকাগৰাকীয়ে এটছুকোৱে ভাগ কৰা স্মৃতিবোৰৰ সৈতে মাকৰ নাগাছাকিৰ বছৰবোৰৰ স্মৃতিৰ টুকুৰা বোৰো সংযোগ কৰিছে।

২. কেটছিং দ্য ষ্টাৰছ অব ডিজ ছামাৰ (কোনো নাটছু নো হোছি ৱো মিৰু)

 

 

কেটছিং দ্য ষ্টাৰছ অব ডিজ ছামাৰ (কোনো নাটছু নো হোছি ৱো মিৰু)

জাপান | ২০২৫ চনৰ | জাপানী | ১২৬’ | ৰঙীন

মিজুকি চুজিমুৰাছৰ বেষ্ট চেলাৰ উপন্যাস কেটছিং দ্য ষ্টাৰছ অব ডিজ ছামাৰৰ আধাৰত নিৰ্মিত এই ছবিখনে জাপানত  ২০২০ ক'ভিড-১৯ লকডাউনৰ সময়ত হোৱা সঁচা পৰিঘটনাৰ পৰা অনুপ্ৰাণিত এক কাহিনীক অভিযোজিত কৰিছে। তিনিজন ছাত্ৰ, ইবাৰাকিৰ আছা, টকিঅ'ৰ পৰা মাহিৰো আৰু নাগাছাকিছ গ'টো দ্বীপপুঞ্জৰ মাডোকাই স্কুল বন্ধ হৈ পৰাত তেওঁলোকে অনলাইন সংযোগ স্থাপন কৰে। জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা একত্ৰিত হৈ তেওঁলোকে ঘৰতে বনোৱা টেলিস্কোপৰ সহায়ত তৰা চোৱাৰ  বাবে ভাৰ্চুৱেল তৰা চোৱা প্ৰতিযোগিতাৰ আয়োজন কৰে। আঞ্চলিক আৰু আৱেগিক দূৰত্বৰ মাজেৰে তেওঁলোকৰ বন্ধুত্ব গভীৰ হোৱাৰ লগে লগে তেওঁলোকৰ প্ৰতিযোগিতাখনৰ শিখৰত উপনীত হয় এক অপ্ৰত্যাশিত অলৌকিকতা যিটোৱে অতিক্ৰমণীয় সীমা আৰু মহামাৰীৰ সীমাবদ্ধতাক প্ৰতিফলিত কৰিছে  ।

 

৩/ ডিয়েৰ ষ্ট্ৰেঞ্জাৰ

 

জাপান, টাইৱান, আমেৰিকা | ২০২৫ চনৰ | ইংৰাজী, চীনা | ১৩৮’ |

 

ডিয়াৰ ষ্ট্ৰেঞ্জাৰত নিউয়ৰ্ক চহৰত বাস কৰা এজন জাপানী  লোক আৰু তেওঁৰ টাইৱানীজ- আমেৰিকান পত্নীৰ কাহিনী ফুটাই তোলা হৈছে । কাম, অভিভাৱকত্ব আৰু যত্ন লোৱাৰ সৈতে যুঁজি থকা তেওঁলোকৰ জীৱনটো  হঠাতে সংকটৰ মাজত পৰে। যেতিয়া তেওঁলোকৰ পুত্ৰক অপহৰণ কৰা হয় তেতিয়াই সেই সংকট আহি পৰে। এই আঘাতৰ পৰিঘটনাই বহুদিনৰ পৰা দমাই  থোৱা গোপনীয়তা আৰু আবেগিক ঘাঁবোৰক  পুনৰ দৃশ্যমান কৰি তোলে,তেওঁলোকে

প্ৰত্যেকেই দুখ আৰু সন্দেহৰ সৈতে যুঁজিবসৈ ধৰে , হেঁচাত পৰি দম্পতীহালৰ সম্পৰ্ক ভাঙি যায়, যাৰ ফলত বিশ্বাস, সাংস্কৃতিক পৰিচয় আৰু সুখী পৰিয়ালৰ আদৰ্শকলৈ  কঠিন প্ৰশ্ন উত্থাপন হয়। অভিবাসী জীৱনৰ জটিলতা, পাৰিবাৰিক গতিশীলতা, ট্ৰেজেডীৰ মাজতে  মিলনৰ ঘটনাই ছবি খনক অনন্য কৰি তুলিছে।

 

৪) ছিছাইড চেৰেণ্ডিপিটি (উমিবে এইকু মিচি)

 

জাপান | ২০২৫ চনৰ | জাপানী | ১৪০’ | ৰঙীন

দীৰ্ঘদিনীয়া বাসিন্দাসকলৰ সৈতে শিল্পীসকলক একত্ৰিত কৰা  এখন সজীৱ উপকূলীয় চহৰত অৱস্থিত ছিছাইড চেৰেণ্ডিপিটিয়ে সৃষ্টিশীলতা আৰু কৌতুহলেৰে ভৰা এক অবিস্মৰণীয় ছবি উপহাৰ দিছে।  গ্ৰীষ্মকালত মধ্যবিদ্যালয়ৰ ছ’ছুকে আৰু তেওঁৰ বন্ধুসকলক অনুসৰণ কৰে। তেওঁলোকে নিজৰ শক্তি শিল্প আৰু অন্বেষণত ঢালি দিয়াৰ লগে লগে তেওঁলোকৰ নিৰ্বিকাৰ দৃষ্টিভংগী , গোপনীয়তা, অনুশোচনা আৰু আত্ম-আৱিষ্কাৰৰ দ্বাৰা তেওঁলোক প্ৰাপ্তবয়স্কসকলৰ দৃষ্টিভংগীৰ সৈতে জড়িত হৈ পৰে, আনহাতে শিশুসকলে সীমাহীন কল্পনাৰে প্ৰত্যাহ্বানক আঁকোৱালি লয়। জিলিকি থকা ৰ’দৰ তলত নিত্য পৰিৱৰ্তিত হৈ থকা চহৰখনেই হৈ পৰে এক জীৱন্ত চৰিত্ৰ। চঞ্চল মুখামুখি আৰু সৰু চহৰৰ ৰহস্যৰ জৰিয়তে ছিছাইড চেৰেণ্ডিপিটি হাস্যৰস, কোমলতা আৰু নিস্তব্ধ আত্মনিৰীক্ষণেৰে ভৰা এখন ছবি হৈ পৰিছে।

 

৫/ টাইগাৰ

 

জাপান | ২০২৫ চনৰ | জাপানী | ১২৭’ | ৰঙীন

টকিঅ’ৰ আণ্ডাৰগ্ৰাউণ্ড কুইয়াৰ দৃশ্যৰ বিৰুদ্ধে নিৰ্মিত ছবি টাইগাৰত ৩৫ বছৰীয়া সমকামী মালিচকাৰী টাইগা কাটাগিৰীয়ে নিজৰ বিচ্ছিন্ন ভগ্নীৰ সৈতে ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ সৈতে যুঁজি থকাৰ দৃশ্য ফুটাই তোলা হৈছে। ছবি খনে সঠিক আৰু ভুলৰ মাজৰ ৰেখাডাল ম্লান কৰি পেলায়, কঠোৰ পাৰিবাৰিক গতিশীলতা আৰু সমাজৰ হেঁচা উন্মোচন কৰে। টাইগাৰ ছবি খনে  কেৱল পুৰুষৰ বাবে মালিচ পাৰ্লাৰ আৰু গে পৰ্ণ অডিচনত প্ৰত্যাহ্বানমূলক কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰা নাই, ই গ্ৰহণযোগ্যতা আৰু পৰিচয়ৰ এক ভৰপূৰ পৃথিৱীতো বিচৰণ কৰিছে।  ছবিখনে গভীৰভাৱে বিভক্ত সমাজত এলজিবিটিকিউ+ জীৱনৰ জটিলতাসমূহ অন্বেষণ কৰিছে,

ব্যক্তিগত আৰু পাৰিবাৰিক সংগ্ৰামৰ এক মাৰ্মান্তিক, প্ৰামাণিক প্ৰতিচ্ছবি আগবঢ়াইছে।

 

৬/ টু ছিজনছ , টু ষ্ট্ৰেঞ্জাৰছ ( টাবি টু হিবি ) ৷

 

জাপান | ২০২৫ চনৰ | জাপানী | ৮৯’ | ৰঙীন

 

গ্ৰীষ্ম আৰু শীতকালৰ বিপৰীতমুখী ঋতুৰ বিপৰীতে নিৰ্মিত টু ছিজনছ, টু ষ্ট্ৰেঞ্জাৰছে দুটা মাৰ্মান্তিক কাহিনীক আন্তঃসংলগ্ন কৰিছে। সাগৰৰ পাৰত গ্ৰীষ্মকালত চহৰৰ এগৰাকী মহিলা নাগিছা আৰু নাটছুও নামৰ এগৰাকী যুৱতী দৰ্শনাৰ্থীয়ে একেলগে সাগৰত ডুব যায়। । বৰফেৰে আবৃত শীতকালত সৃষ্টিশীলভাৱে ৰচনা কৰা চিত্ৰনাট্যকাৰ লিয়ে বেনজোৱে পৰিচালনা কৰা এটা দূৰৱৰ্তী অতিথিশালাত উপস্থিত হয়। তেওঁলোকৰ বিৰল কথা-বতৰাবোৰে এটা ক্ৰমবৰ্ধমান সংযোগক ঢাকি ৰাখে, যিয়ে তেওঁলোকক অভাৱনীয় যাত্ৰাক এক নতুন গতি দিয়ে।  কল্পিত আৰু জীৱিত বাস্তৱৰ মাজৰ সূক্ষ্ম আন্তঃক্ৰিয়াক ছবিখনে সুক্ষ্মভাৱে অন্বেষণ কৰিছে।

 

 

আই এফ এফ আইৰ বিষয়ে

 

১৯৫২ চনত আৰম্ভ হোৱা  ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমাৰ উদযাপন হিচাপে থিয় দিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱা (ই এছ জি), গোৱা চৰকাৰৰ যৌথভাৱে আয়োজন কৰা এই উৎসৱটো এক বিশ্বব্যাপী চিনেমাৰ শক্তিশালী স্থানলৈ পৰিণত হৈছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী ব্যক্তিত্ব, পটভূমিৰ সৈতে সংযোগ হোৱাৰ সুযোগ পায়।  আইএফএফআইক সঁচাকৈয়ে জিলিকাই  তোলা কথাটো হ’ল ইয়াৰ বৈদ্যুতিক মিশ্ৰণ—আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিৰ ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই উৰণ লয়। ২০–২৮ নৱেম্বৰৰ পৰা গোৱাৰ সুন্দৰ উপকূলীয় পটভূমিত মঞ্চস্থ কৰা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চকু থৰ লগাব  পৰা বৰ্ণালীৰ প্ৰতিশ্ৰুতি দিছে— এয়া হৈছে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন।

 

For more information, Click on:

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2187436#:~:text=Japan%20is%20the%20Country%20of,the%20nation's%20evolving%20film%20language.

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2190314

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56new/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/Nikita Joshi/Swadhin Shaktiprasad/Darshana Rane | IFFI 56 - 044


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2193364   |   Visitor Counter: 5