iffi banner

ইফিয়েষ্টা(IFFIESTA)ৰ উদ্বোধনী অনুষ্ঠানত আইএফএফআই-ৰ উচ্চল সংগীত আৰু সাংস্কৃতিক কাৰ্যক্ৰমৰ পয়োভৰ

আমি সৌভাগ্যৱান যে দূৰদৰ্শনেই আমাক চিনেমাৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিছিল: অনুপম খেৰ

ৱেভ অটিটি(WAVES OTT)-য়ে পৰিয়ালৰ বাবে নিৰাপদ, সম্পূৰ্ণ মনোৰঞ্জন আগবঢ়ায়: সঞ্চালক প্ৰধান, দূৰদৰ্শন

বিগত বছৰসমূহত আইএফএফআই এক বিনয়ী চলচ্চিত্ৰ মহোৎসৱৰ পৰা এক বৃহৎ উদযাপনলৈ প্ৰস্ফূতিত হৈছে। এয়া এক নিমজ্জিত যাত্ৰা, যিয়ে চিনেমা, সংগীত আৰু জীৱনৰ যাদুক একত্ৰিত কৰিছে। যোৱা বছৰ ইফিয়েষ্টা-ই গৌৰৱেৰে এই সাংস্কৃতিক যাত্ৰাক পথ প্ৰদৰ্শন কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছিল, সংগীত আৰু শিল্পক আইএফএফআই-ৰে সমাহিত কৰাইছিল।

যোৱাটো সন্ধিয়া গোৱাৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ইনড’ৰ ষ্টেডিয়ামত দূৰদৰ্শন আৰু ৱেভছ অ’টিটি-ৰ উদ্যোগত আয়োজিত ইফিয়েষ্টা-ৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আইএফএফআই-ৰ ৫৬ সংখ্যক সংস্কৰণে মন আলোকিত কৰাৰ লগতে সংগীত, সংস্কৃতি আৰু লাইভ প্ৰদৰ্শনৰ চহকী গতিধাৰাক অন্বেষণ কৰাৰ কালজয়ী পৰম্পৰা অব্যাহত ৰাখিছে।

 

সন্ধিয়াটো তৰকা শিল্পীৰ উপস্থিতিৰে উজলি উঠিছিল। বিশিষ্ট শিল্পীসকলৰ সমাৱেশে মঞ্চৰ শোভা বঢ়াইছিল। তেওঁলোক প্ৰত্যেকেই নিজৰ নিজৰ কলাৰ আলোকস্তম্ভ আছিল। এইসকলৰ ভিতৰত প্ৰসিদ্ধ অভিনেতা শ্ৰী অনুপম খেৰ, অস্কাৰ বিজয়ী শিল্পী শ্ৰী এম এম কীৰাৱাণী, আৰু অসমৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী আইমী বৰুৱাৰ সৈতে ভাৰতৰ ফিল্ম ফেডাৰেশ্যন-ৰ সভাপতি ৰবি কোট্টাৰাকাৰাৰ আৰু দক্ষিণ কোৰিয়াৰ দৰদী শিল্পী এমপি জেৱন কিম অন্যতম আছিল। দূৰদৰ্শনৰ সঞ্চালক প্ৰধান শ্ৰী কে সতীশ নম্বুদিৰিপাদৰ সৈতে তেওঁলোক চিনেমাৰ যাদু উদযাপন কৰিবলৈ সমবেত হয়।

সঞ্চালক প্ৰধান শ্ৰী নম্বুদিৰিপাদে মুকলি ভাষণত উল্লেখ কৰে, "আমি সকলোৱে জানো যে কৃত্ৰিম উপগ্ৰহ বিপ্লৱৰ হাত ধৰি আৰম্ভ হোৱা চেনেলটোৱে লাহে লাহে ডিজিটেল বিপ্লৱ; হাতৰ মুঠিতে চলাব পৰা উপকৰণৰ দিশে আগবাঢ়িছে, য'ত মানুহে যিকোনো সময়তে কাৰ্যক্ৰমসমূহ চাব পাৰে। সময়ৰ চাহিদা অনুসৰি দূৰদৰ্শনো বিকশিত হোৱাটো প্ৰাসংগিক হ'ব। ৱেভ অটিটিৰ সৈতে নতুন ডিজিটেল পৰ্যায়ত প্ৰৱেশ কৰি ই ঠিক সেইটোৱেই কৰিছে। ৱেভ অটিটি-য়ে পৰিয়ালৰ বাবে নিৰাপদ, সম্পূৰ্ণ মনোৰঞ্জন আগবঢ়ায়।” তেওঁ আৰু আহ্বান জনাই কয়, “আমি ডিজিটেল উপকৰণত নিমজ্জিত হৈ ৰোৱা যুৱক-যুৱতীসকলক, জেনেৰেশ্যন জি-ক দূৰদৰ্শনে প্ৰতিনিধিত্ব কৰা বা প্ৰতিনিধিত্ব কৰি থকা এক উত্তৰাধিকাৰিত্বৰ সামৰ্থ্য চাবলৈ, দূৰদৰ্শনৰ অনুষ্ঠানসমূহ চাবলৈ আমন্ত্ৰণ জনাইছোঁ।

তেওঁৰ পৰা জেৰ টানি শ্ৰী খেৰে ইফিয়েষ্টা-ৰ মঞ্চত স্মৰণ কৰি কয়, "আমি সকলোৱে দূৰদৰ্শনৰ পৰাই আমাৰ জীৱন আৰম্ভ কৰিছোঁ। আমি সৌভাগ্যৱান যে দূৰদৰ্শনেই আমাক চিনেমাৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিছিল। দূৰদৰ্শনৰ বাবেই মোৰ জন্ম হৈছিল যিটো মই পাহৰিব নোৱাৰোঁ। দূৰদৰ্শন হৈছে আমাৰ জীৱনত ৰৈ যোৱা এক সুগন্ধি, এতিয়াও ই আমাক নিজৰ আৱেগেৰে মেৰিয়াই ৰাখিছে।"

নিশাটোৰ আৰম্ভণি হৈছিল জেৱন কিমৰ ‘বন্দে মাতৰম’ৰ আন্তৰিক পৰিৱেশনেৰে, তেওঁৰ কণ্ঠ যেন দুখন ৰাষ্ট্ৰ মাজৰ সেতুহে। "মই ইয়াত উপস্থিত হ’বলৈ পাই অতিকে সুখী হৈছোঁ। উষ্ম আদৰণিৰ বাবে ধন্যবাদ জনাইছোঁ। ভাৰত আৰু কোৰিয়াৰ মাজত চিনেমা আৰু কন্টেন্ট সহযোগিতাৰ বাবে মই আন্তৰিকতাৰে আগ্ৰহী", গীতটো গোৱাৰ পূৰ্বে মন্তব্য কৰে জেৱনে।

পৰৱৰ্তী সময়ত দুঘণ্টা ধৰি কণ্ঠশিল্পী ওশো জৈনে গীত পৰিৱেশন কৰে।

 

 

 

To know more about IFFIESTA: https://www.iffigoa.org/iffi-esta

Watch DG, DD addressing the audience:

 

 

For more information, click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56new/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Ritu Shukla/Nikita Joshi/Debayan Bhadury/Darshana Rane | IFFI 56 – 033


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2193358   |   Visitor Counter: 22