প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত আয়োজিত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 19 NOV 2025 4:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত আয়োজিত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে।


এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

 
“পুট্টপৰ্থীত আয়োজিত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। এই কাৰ্য্যসূচীৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছোঁ।”


“শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁলৈ উৎসৰ্গিত স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিবলৈ পাই পৰম সন্তোষ লভিছোঁ।”


“শ্ৰী সত্য সাই বাবাৰ বাৰ্তাই সময় আৰু স্থানৰ সীমা অতিক্ৰম কৰে। তেওঁৰ মমতা, সেৱা আৰু সৰ্বজনীন প্ৰেমৰ শিক্ষাই সমগ্ৰ বিশ্বৰ লোককে পথ প্ৰদৰ্শন কৰি আহিছে।”

“বিগত ১১ বছৰত আমাৰ দেশৰ সামাজিক সুৰক্ষাৰ কাঠামো যথেষ্ট সুদৃঢ় হৈছে। মই পৰম সন্তোষেৰে ক’ব পাৰোঁ যে আজি এই কাঠামোয়ে প্ৰায় ১০০ কোটি জনতাক আৱৰি আছে।”

 

***************

MJPS/ST/SB


(रिलीज़ आईडी: 2191965) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam