প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৬ জুলাইত প্ৰগতি ময়দানত দেশৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী তথা অধিৱেশন কেন্দ্ৰ (আই ই চি চি) উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰায় ২৭০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কমপ্লেক্সটো ১২৩ একৰৰো অধিক এলেকাত বিস্তৃত

এই নতুন কমপ্লেক্সে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বাণিজ্যৰ ক্ষেত্ৰত ভাৰতক প্ৰদৰ্শন কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব

प्रविष्टि तिथि: 24 JUL 2023 6:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ জুলাইত প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী তথা অধিৱেশন কেন্দ্ৰ (আই ই চি চি) দেশবাসীৰ নামত উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱ ৰূপ দিবলৈ এই কমপ্লেক্সত বিভিন্ন সভা, সন্মিলন আৰু প্ৰদৰ্শনীৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আন্তঃগাঁথনি সজ্জিত কৰা হৈছে। প্রগতি ময়দানত থকা বৰ্তমানৰ কমপ্লেক্সটোৰ ঠাইত প্ৰায় ২৭০০ কোটি টকা ব্যয় সাপেক্ষে এই নতুন কমপ্লেক্সটো নিৰ্মাণ কৰা হৈছে। ১২৩ একৰ এলেকাত বিস্তৃত এই কমপ্লেক্সটো দেশৰ ভিতৰতে সভা, সন্মিলন আৰু প্ৰদৰ্শনীৰ আটাইতকৈ ডাঙৰ গন্তব্যস্থান হিচাপে পৰিগণিত হ’ব। আকাৰৰ ক্ষেত্ৰত ই বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।

নতুনকৈ নিৰ্মাণ কৰা আই ই চি চি কমপ্লেক্সত কনভেনচন চেণ্টাৰ, প্ৰদৰ্শনী হল, এম্ফিথিয়েটাৰকে ধৰি বিভিন্ন অত্যাধুনিক সুবিধা আছে।

প্ৰগতি ময়দানৰ একেবাৰে মাজমজিয়াত নিৰ্মাণ কৰা হৈছে এই কনভেনচন চেণ্টাৰ। ইয়াত বৃহৎ পৰিসৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী, বাণিজ্য মেলা, অধিৱেশন, সন্মিলন আৰু অন্যান্য সন্মানীয় অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰি। তদুপৰি, ইয়াত বিভিন্ন সভাকক্ষ, লাউঞ্জ, প্ৰেক্ষাগৃহ, এম্ফিথিয়েটাৰ আৰু ব্যৱসায়িক কেন্দ্ৰ আছে। ইয়াৰ দুটা থিয়েটাৰত মুঠ ৭ হাজাৰ লোকৰ বহাৰ ক্ষমতা আছে, যিটো অষ্ট্ৰেলিয়াৰ ছিডনী অপেৰা হাউছতকৈ অধিক। ইয়াৰ অনন্য আৰু সুন্দৰ এম্ফিথিয়েটাৰত ৩ হাজাৰ লোকৰ বহাৰ ক্ষমতা আছে।

শঙ্কু আকৃতিৰ কনভেনচন চেণ্টাৰৰ স্থাপত্যত ভাৰতীয় পৰম্পৰাৰ সৈতে আধুনিকতাৰ সংমিশ্ৰণ ঘটিছে। ইয়াৰ দেৱালত পৰম্পৰাগত ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ ছবিৰে সজাই তোলা হৈছে। বিভিন্ন প্ৰকাৰৰ চিত্ৰকলা আৰু জনজাতীয় শিল্পকৰ্ম।

ইয়াত ৫জি ৱাই-ফাইৰ সুবিধা, বৃহৎ পৰিসৰৰ ভিডিঅ’ ৱাল, শক্তি-দক্ষ ব্যৱস্থা, অত্যাধুনিক চোৱাচিতা প্ৰযুক্তিকে ধৰি সকলো আধুনিক যোগাযোগ আন্তঃগাঁথনি আছে।

আই ই চি চি কমপ্লেক্সত ৭টা প্ৰদৰ্শনী হল আছে, য’ত প্ৰদৰ্শনীৰ লগতে বাণিজ্য মেলা আৰু ব্যৱসায় সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত কৰিব পাৰি। তদুপৰি এই কমপ্লেক্সত হ্ৰদ আৰু সৰু সৰু জলভাগ আছে, যিবোৰ অতি আকৰ্ষণীয়।

দৰ্শনাৰ্থীৰ সুবিধাৰ্থে ইয়াত ৫৫০০ৰো অধিক গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। সংকেতমুক্ত পথৰ কাষেৰে দৰ্শনাৰ্থীয়ে কোনো বাধা নোহোৱাকৈ সহজেই গন্তব্যস্থানত উপস্থিত হ’ব পাৰে।

প্ৰগতি ময়দানৰ নতুন আই ই চি চি কমপ্লেক্সে ভাৰতক বিশ্ব বাণিজ্যৰ মানচিত্ৰত স্থান দিয়াত সহায় কৰিব। একে সময়তে বাণিজ্য আৰু বাণিজ্যৰ সম্প্ৰসাৰণেৰে ভাৰতৰ অৰ্থনৈতিক প্ৰগতি আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই সহায়ক হ’ব। স্বাৱলম্বী ভাৰত গঢ়াৰ দিশত এয়া এক ডাঙৰ পদক্ষেপ।

********

DS/ST


(रिलीज़ आईडी: 2191558) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam