মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫ চনৰ সন্মানীয় ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা ঘোষণা; ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপনৰ সময়ত প্ৰদান কৰা হ'ব এই বঁটা

শ্ৰেষ্ঠ দুগ্ধ পালক আৰু দুগ্ধ সমবায়/এফপিচি/এমপিচি শিতানৰ অধীনত প্ৰথম পুৰস্কাৰ বিজয়ীসকলে লাভ কৰিব ৫ লাখ টকা

प्रविष्टि तिथि: 17 NOV 2025 1:17PM by PIB Guwahati

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অধীনস্থ পশুপালন আৰু দুগ্ধ বিভাগে ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা (এন জি আৰ এ) ২০২৫ৰ বিজয়ীসকলৰ নাম  ঘোষণা কৰিছে। পশুধন আৰু দুগ্ধ খণ্ডত এন জি আৰ এ হৈছে অন্যতম ৰাষ্ট্ৰীয় সন্মান। এই বঁটাসমূহ পশুপালন আৰু দুগ্ধ মন্ত্ৰালয় (MoFAHD) আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ  কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে  (লালন সিং) প্ৰদান কৰিব। পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেল আৰু শ্ৰী জৰ্জ কুৰিয়ানেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ৰাষ্ট্ৰীয় দুগ্ধ  দিৱস উদযাপনৰ অংশ হিচাপে ২০২৫ চনৰ ২৬ নৱেম্বৰত এই বঁটাসমূহ  প্ৰদান কৰা হ'ব। এইবাৰ মুঠ ২০৮১খন আবেদন লাভ কৰা হৈছিল আৰু সেইবোৰৰ  মাজৰ পৰা  বঁটাপ্ৰাপকসকলক নিৰ্বাচিত কৰা হৈছে।

প্ৰতিটো শিতানত বিজয়ীসকলৰ সবিশেষ তলত দিয়া ধৰণৰ:

 

 

ক্ৰমিক নং.

শ্ৰেণী

এনজিআৰএ ২০২৫ৰ  বিজয়ীসকলৰ নাম ৰেংকৰ সৈতে

 

 

 

১. থলুৱা গৰু/ম'হৰ জাত পালন কৰা শ্ৰেষ্ঠ দুগ্ধ পালক

নন-এনইআৰ:

প্ৰথম  শ্ৰী অৰবিন্দ যশৱন্ত পাটিল, কলহাপুৰ, মহাৰাষ্ট্ৰ।

দ্বিতীয় কনালা কৃষ্ণ ৰেড্ডী, হায়দৰাবাদ, তেলেংগানা।

তৃতীয়  হৰ্ষিত ব্ৰাদাৰ্ছ, হাণ্টাৰ, ৰাজস্থান।

তৃতীয় কুমাৰী শ্ৰদ্ধা সত্যৱান ধাৱান, আহমেদনগৰ, মহাৰাষ্ট্ৰ।

এন ই আৰ/হিমালয়:

• শ্ৰীমতী ড. বিজয় লতা, হামিৰপুৰ, হিমাচল প্ৰদেশ।

  • • শ্ৰী প্ৰদীপ পাংগাৰিয়া, চম্পাৱত, উত্তৰাখণ্ড।

শ্ৰেষ্ঠ দুগ্ধ সমবায় সমিতি/ গাখীৰ উৎপাদক কোম্পানী/ দুগ্ধ কৃষক উৎপাদক সংস্থা  :

নন-এনইআৰ:

প্ৰথম সহকৰনা সংঘম লিমিটেড, ৱায়ানাড, কেৰেলা।

দ্বিতীয়  কুন্নমকট্টুপথী ক্ষীৰোলপাদক সহকৰণ সংঘম, পলাক্কাড, কেৰেলা।

দ্বিতীয় ঘিনয় গাখীৰ উৎপাদক সমবায় সমিতি, জয়পুৰ, ৰাজস্থান।

তৃতীয়  টি ৱাই এছ পি এল ৩৭ চেণ্ডুৰাই গাখীৰ উৎপাদক সমবায় সমিতি লিমিটেড, আৰিয়ালুৰ, তামিলনাডু।

এন ই আৰ/হিমালয়:

  • • কুলহা গাখীৰ উৎপাদক সমবায় সমিতি, উধম সিং নগৰ, উত্তৰাখণ্ড।

 

 

শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন কাৰিকৰী (এ আই টি)

নন-এনইআৰ:

 

প্ৰথম শ্ৰী দিলীপ কুমাৰ প্ৰধান, অনুগল, ওড়িশা।

দ্বিতীয়  শ্ৰী বিকাশ কুমাৰ, হনুমানগড়, ৰাজস্থান।

তৃতীয় শ্ৰীমতী অনুৰাধা চাকালী, নন্দিয়াল, অন্ধ্ৰ প্ৰদেশ।

এন ই আৰ/ হিমালয়:

• দেলোৱাৰ হাছান , বৰপেটা, অসম।

 

এন জি আৰ এ ২০২৫ত প্ৰথম দুটা শাখাত যোগ্যতাৰ প্ৰমাণপত্ৰ, স্মাৰক আৰু আৰ্থিক পুৰস্কাৰ থাকিব অৰ্থাৎ শ্ৰেষ্ঠ দুগ্ধ পালক আৰু শ্ৰেষ্ঠ ডি চি এছ/এফ পি অ’/এম পি চি তলত দিয়া ধৰণে পুৰস্কাৰ  লাভ কৰিব :

 

 ৫,০০,০০০/-(পাঁচ লাখ টকা মাত্ৰ) -প্ৰথম ৰেংক

৩,০০,০০০/- (মাত্ৰ তিনি লাখ টকা) -দ্বিতীয় ৰেংক

 ২,০০,০০০/- (দুই লাখ টকা মাত্ৰ) -তৃতীয়  ৰেংক

২,০০,০০০/- ( দুই লাখ টকা) -উত্তৰ পূৰ্বাঞ্চল (এন ই আৰ)/হিমালয় ৰাজ্যৰ বাবে বিশেষ বঁটা।

শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন কাৰিকৰী (এ আই টি) শিতানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা-২০২৫ত  যোগ্যতাৰ প্ৰমাণ পত্ৰ আৰু কেৱল স্মাৰক থাকিব।  কৃত্ৰিম প্ৰজনন কাৰিকৰী (এ আই টি) শিতানত কোনো ধৰণৰ নগদ পুৰস্কাৰ প্ৰদান কৰা নহ’ব।

পৃষ্ঠভূমি

২০১৪ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় গোকুল মিছনে থলুৱা জাতৰ  গৰুৰ বৈজ্ঞানিক সংৰক্ষণ আৰু বিকাশৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে। ২০২১ চনৰ পৰা বিভাগটোৱে গাখীৰ উৎপাদনকাৰী কৃষক, দুগ্ধ সমবায় সমিতি/এমপিচি/এফপিঅ’, আৰু কৃত্ৰিম প্ৰজনন কাৰিকৰী (এআইটি)ক উৎসাহিত কৰাৰ বাবে বছৰি ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা (এনজিআৰএ) প্ৰদান কৰি আহিছে।

***

AA/DM


(रिलीज़ आईडी: 2191081) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Tamil , Telugu , Malayalam