প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপৰ 'নুত্ৰী গাৰ্ডেন প্ৰকল্প'ৰ প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 10 JUN 2023 8:15PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপৰ 'নুত্ৰী গাৰ্ডেন প্ৰকল্প'ৰ প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে কয় যে এই কাৰ্যসূচীয়ে লক্ষদ্বীপৰ জনসাধাৰণে নতুন কথা শিকিবলৈ আৰু গ্ৰহণ কৰিবলৈ কিমান উৎসাহী সেয়া প্ৰদৰ্শন কৰিছে।

আত্মনিৰ্ভৰশীল ভাৰতৰ বিকাশৰ লক্ষ্যৰ ফলস্বৰূপে এই প্ৰকল্প আৰম্ভ কৰা হৈছিল য'ত ১০০০ কৃষকক শাক-পাচলিৰ বীজ প্ৰদান কৰা হৈছে।

তদুপৰি, বেকয়াৰ্ড পোল্ট্ৰী আঁচনিৰ অধীনত ৬০০ টকাতকৈ কম আয়ৰ লক্ষদ্বীপী পৰিয়ালৰ মহিলাসকলক ৭০০০ টা থলুৱা জাতৰ হাঁহ বিতৰণ কৰা হয়।

লক্ষদ্বীপৰ ৰাজ্যপালৰ টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"প্ৰশংসনীয় প্ৰচেষ্টা, উৎকৃষ্ট ফলাফল! এই পদক্ষেপে দেখুৱাইছে যে লক্ষদ্বীপৰ জনসাধাৰণ নতুন নতুন কথা শিকিবলৈ আৰু গ্ৰহণ কৰিবলৈ কিমান উৎসাহী।"


(ৰিলিজ আই ডি : 2190666) অতিথি কক্ষ : 16