গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ড্ৰাগছৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীল পন্থাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে এনচিবি আৰু ৰাজস্থান আৰক্ষীয়ে ৰাজস্থানৰ ছিৰোহী জিলাৰ এখন দুৰ্গম গাঁৱত এটা গোপন লেব উৎখাত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত ভাৰত চৰকাৰে ড্ৰাগছ মুক্ত ভাৰতৰ অৰ্থে ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে নিৰ্দয় ব্যৱস্থা গ্ৰহণ কৰিছে

৪০ কোটি টকা মূল্যৰ শ-শ কেজি ৰাসায়নিক পদাৰ্থ জব্দ, মাষ্টাৰমাইণ্ড আৰু আন চাৰিটাক গ্ৰেপ্তাৰ

জিলা আৰক্ষীক সজাগ কৰিবলৈ এনচিবিয়ে মাহেকীয়া জিলা পৰ্য্যায়ৰ এনচিঅ’আৰডি বৈঠক ব্যৱস্থাৰ সহায় লৈছিল

এনচিবিয়ে গোপন লেবৰ অৱস্থিতি সম্পৰ্কে ৰেড ফ্লেগ ইণ্ডিকেটৰো সমগ্ৰ দেশৰ জিলা আৰক্ষীক প্ৰদান কৰিছিল

ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনত ৰাজস্থান আৰক্ষী আৰু এনচিবিৰ সহযোগিতাৰ এয়া এক উল্লেখযোগ্য উদাহৰণ

Posted On: 15 NOV 2025 4:05PM by PIB Guwahati

ড্ৰাগছৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীল পন্থাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে ৰাজস্থানৰ ছিৰোহী জিলাৰ এখন দুৰ্গম গাঁৱত নাৰ্কটিক্স কন্ট্ৰল ব্যুৰ’ (NCB) আৰু ৰাজস্থান আৰক্ষীয়ে এটা গোপন লেব উৎখাত কৰিছে। অভিযান কালত শ-শ কেজি ৰাসায়নিক পদাৰ্থ জব্দ কৰা হৈছে। এইসমূহৰ পৰা প্ৰায় ১০০ কিগ্ৰা মেফেড্ৰন প্ৰস্তুত হ’লহেঁতেন। যাৰ আনুমানিক মূল্য ৪০ কোটি টকা। অভিযানকাৰী দলে ইয়াৰ মাষ্টাৰমাইণ্ড আৰু ৪ লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত মেফেড্ৰন চাইক’ট্ৰপিক ড্ৰাগছ হিচাপে ক্ৰমান্বয়ে ব্যৱহৃত হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তত্বাৱধানত ভাৰত চৰকাৰে ড্ৰাগছ মুক্ত ভাৰতৰ অৰ্থে ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে নিৰ্দয় ব্যৱস্থা গ্ৰহণ কৰিছে।

জিলা আৰক্ষীক সজাগ কৰিবলৈ এনচিবিয়ে মাহেকীয়া জিলা পৰ্য্যায়ৰ এনচিঅ’আৰডি বৈঠক ব্যৱস্থাৰ সহায় লৈছিল। ৰাজস্থানৰ আৰক্ষীক এই সম্পৰ্কে সতৰ্ক কৰি তোলা হৈছিল আৰু কোনো অস্বাভাৱিক স্থানত ৰাসায়নিক পদাৰ্থ তথা লেবৰ সঁজুলি প্ৰত্যক্ষ কৰা মাত্ৰেকে এনচিবিৰ স্থানীয় কাৰ্য্যালয়ক অৱগত কৰিবলৈ কোৱা হৈছিল। কিয়নো এনে আয়োজন মেফেড্ৰনৰ দৰে ছিন্থেটিক ড্ৰাগছ প্ৰস্তুতৰ চক্ৰান্ত হ’ব পাৰে। এনচিবিয়ে গোপন লেবৰ অৱস্থিতি সম্পৰ্কে ৰেড ফ্লেগ ইণ্ডিকেটৰো সমগ্ৰ দেশৰ জিলা আৰক্ষীক প্ৰদান কৰিছিল। ইয়াৰ ভিতৰত আছিল ঢাকি থোৱা বা ব্লেক আউট কৰা খিৰিকী; অত্যধিক ভেন্টিলেচন/ডাক্টিং; দেৱাল/মজিয়া, অট্টালিকা বা চেডত ধাতুৰ জাৰণ বা ৰাসায়নিক দাগ পৰাৰ চিন, পূৰ্বতে আৱাসিক কিন্তু সম্প্ৰতি লেব হিচাপে ব্যৱহাৰ কৰা; অস্বাভাৱিক স্থানত ৰাসায়নিক বা সঁজুলিৰ মজুত আদি।

 

তেনে এটা ঘটনা স্বৰূপে ৰাজস্থানৰ ছিৰোহী আৰক্ষীয়ে ০৬-১১-২০২৫ ত ৰাজস্থানৰ ছিৰোহীৰ দন্তৰাই গাঁৱৰ এটা দূৰৱৰ্তী ফাৰ্ম হাউচত লেবৰ সঁজুলিৰ সৈতে ৰাসায়নিক পদাৰ্থ থকা ড্ৰাম আৰু পেকেট উদ্ধাৰ কৰিছিল। আৰক্ষীয়ে লগে-লগে এই তথ্য এনচিবি, যোধপুৰক অৱগত কৰিছিল আৰু বিষয়াসকল লগে-লগে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু এটা গোপন লেবটো চিনাক্ত কৰিছিল। অভিযান কালত শ-শ কেজি ৰাসায়নিক পদাৰ্থ জব্দ কৰা হৈছে। এইসমূহৰ পৰা প্ৰায় ১০০ কিগ্ৰা মেফেড্ৰন প্ৰস্তুত হ’লহেঁতেন। যাৰ আনুমানিক মূল্য ৪০ কোটি টকা। ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (NFSU), গান্ধীনগৰৰ দল এটাক উক্ত ঘটনাস্থলী পৰিদৰ্শনৰ বাবে মতা হৈছিল আৰু তেওঁলোকে স্থানৰ পৰা উদ্ধাৰ হোৱা উক্ত লেবৰ সঁজুলিসমূহ নিশ্চিত কৰে।

 

ঘটনাটোৰ তদন্তকালত লেবটো স্থাপনৰ আঁৰৰ মূল ব্যক্তিক চিনাক্ত কৰা হয় আৰু ইয়াৰে পাঁচজনক ৰাজস্থান আৰক্ষীৰ সহযোগত এনচিবি, যোধপুৰে ৰাজস্থান আৰু গুজৰাটৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ মাষ্টাৰমাইণ্ড ৰাজস্থানৰ জালৌৰৰ ভালা ৰামক গ্ৰেপ্তাৰ কৰা হয় আৰু জেৰাত বহু কথা পোহৰলৈ আহিছে। তেওঁ বালতোৰা জিলাৰ ধনত্ৰাই গাঁৱৰ সহযোগী ভূৰা ৰামৰ নামত ফাৰ্ম হাউচটো ভাড়াত লৈছিল। তেওঁ ভাৰ্চুৱেল চিম ব্যৱহাৰেৰে ছিণ্ডিকেটৰ আন সদস্যসকলৰ সৈতে যোগাযোগ কৰিছিল আৰু প্ৰস্তুত প্ৰক্ৰিয়া সম্পৰ্কে শিকিছিল। তেওঁ গুজৰাটৰ অংকলেশ্বৰৰ পৰা ৰাসায়নিক পদাৰ্থ আৰু লেবৰ সঁজুলিসমূহ সংগ্ৰহ কৰিছিল। চিবিএনৰ এটা মেফেড্ৰন সৰবৰাহৰ গোচৰতো তেওঁক বিচাৰি থকা হৈছিল। তদন্তকাৰীয়ে ৰাসায়নিক সামগ্ৰী আৰু সা-সৰঞ্জাম সৰবৰাহত ব্যৱহৃত বাহনখনো জব্দ কৰিছে। তদন্তত তেওঁলোকে ৮ কিগ্ৰা মেফেড্ৰন প্ৰস্তুত কৰা বুলিও প্ৰকাশ পাইছে। ইয়াৰে ২ কিগ্ৰা চিবিএনে ২৮-১০-২০২৫ ত তেওঁলোকৰ এজন সহযোগীৰ পৰা জব্দ কৰিছিল। ঘটনাটোৰ পৰৱৰ্তী তদন্ত অব্যাহত আছে।

ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনত ৰাজস্থান আৰক্ষী আৰু এনচিবিৰ সহযোগিতাৰ এয়া এক উল্লেখযোগ্য উদাহৰণ। তেওঁলোকে যৌথভাৱে তালাচী আৰু তদন্ত চলাই ছিৰোহী জিলাৰ এখন দুৰ্গম গাঁৱৰ গোপন লেব আৰু ইয়াৰ আঁৰৰ ছিণ্ডিকেট ৫ দিনৰো কম সময়ৰ ভিতৰতে উৎখাত কৰিবলৈ সক্ষম হয়।

এনচিবিয়ে নাগৰিকসকলক ৰাসায়নিক পদাৰ্থ আৰু লেবৰ সঁজুলি ব্যৱহাৰৰ যিকোনো সন্দেহজনক কাৰ্য্যকলাপ সম্পৰ্কে গোপনে স্থানীয় আৰক্ষী বা এনচিবিক ‘মানস’ হেল্পলাইন নম্বৰ ১৯৩৩-ৰ জৰিয়তে জনাবলৈ আহ্বান জনাইছে।

 

*****

RK/RR/KSS/PKS/PS/SB
 


(Release ID: 2190654) Visitor Counter : 5