সংবাদ মাধ্যমৰ বাবে অন্তিম আহ্বান: ১৭ নৱেম্বৰৰ মাজনিশালৈকে পুনৰ মুকলি কৰা হৈছে ৫৬ সংখ্যক ‘আই এফ এফ আই মিডিয়া স্বীকৃতি পৰ্টেল’
সংবাদ মাধ্যমৰ উচ্চ চাহিদাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ‘৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বাবে মিডিয়া স্বীকৃতি পৰ্টেল আজি সন্ধিয়া ৭ বজাৰ পৰা আৰু তিনিদিনৰ বাবে মুকলি কৰা হৈছে।
ইয়াৰ ফলত মহোৎসৱৰ বাতৰি পৰিৱেশন কৰিব বিচৰা আগ্ৰহী সাংবাদিকসকলে এছিয়াৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোত্সৱৰ বাবে সংবাদ মাধ্যমৰ প্ৰতিনিধি হিচাপে পঞ্জীয়ন কৰিব পাৰিব।
এতিয়াই অফিচিয়েল পৰ্টেল-ৰ জৰিয়তে পঞ্জীয়ন কৰক:
https://accreditation.pib.gov.in/eventregistration/login.aspx
২০২৫ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’ব আইএফএফআই-ৰ ৫৬ সংখ্যক সংস্কৰণ। স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ পেছাদাৰীসকলে চলচ্চিত্ৰ প্ৰদৰ্শন, পেনেল আলোচনা, মাষ্টাৰ ক্লাছ, ৰে’ড-কাৰ্পেট অনুষ্ঠান, আৰু বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলৰ সৈতে নেটৱৰ্কিংৰ একচেটিয়া প্ৰৱেশৰ সুযোগ লাভ কৰিব।
সংবাদ মাধ্যমক জনোৱা হৈছে যে এই পৰ্টেলটো ২০২৫ চনৰ ১৭ নৱেম্বৰৰ মাজনিশালৈকে খোলা থাকিব।
আবেদনকাৰীয়ে পৰ্টেলত দিয়া নিৰ্দেশনা সযতনে পালন কৰিব লাগিব আৰু বৈধ পৰিচয় প্ৰমাণ আৰু পেছাদাৰী প্ৰমাণপত্ৰকে ধৰি সকলো প্ৰয়োজনীয় নথি আপলোড কৰিব লাগিব। বিশদ যোগ্যতাৰ চৰ্ত আৰু নথিপত্ৰৰ নিৰ্দেশনা স্বীকৃতি ৱেবছাইটত উপলব্ধ কৰা হৈছে।
আই এফ এফ আই-ৰ মিডিয়া স্বীকৃতি নীতিৰ বাবে accessed here কৰিব পাৰিব।
যিকোনো সহায্য বা তথ্য জনাৰ বাবে, সাংবাদিকসকলে PIB IFFI মিডিয়া ছাপৰ্ট ডেস্ক-ৰ সৈতে যোগাযোগ কৰিব পাৰিব:
iffi.mediadesk@pib.gov.in
এছিয়াৰ চলচ্চিত্ৰৰ বিশিষ্ট মঞ্চৰ অংশ হ’বলৈ চূড়ান্ত সুযোগটো এৰি নিদিব—আজিয়েই আবেদন কৰক আৰু আই এফ এফ আই ২০২৫ৰ বাবে আপোনাৰ স্বীকৃতি নিশ্চিত কৰক৷
****

PIB IFFI CAST AND CREW| Sriyanka Chatterjee/Parshuram Kor/KB
Release ID:
2190460
| Visitor Counter:
4