ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

আলুৰ মূল্য শৃংখলক সুদৃঢ়কৰণৰ অৰ্থে বনাছ ডেইৰী আৰু বিবিএছএছএল-ৰ মাজত বুজাবুজিৰ চুক্তি (MoU) সম্পন্ন

प्रविष्टि तिथि: 13 NOV 2025 1:29PM by PIB Guwahati
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “সহকাৰ সে সমৃদ্ধি” দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে মন্ত্ৰালয়ৰ ‘সমবায়ৰ মাজত সহযোগিতা’ৰ পদক্ষেপক আগুৱাই নিছে।
  • বুজাবুজিৰ চুক্তিখনৰ লক্ষ্য হৈছে আলুৰ বীজৰ পৰা বজাৰলৈকে এক ব্যাপক মূল্য শৃংখল গঢ়ি তোলা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “সহকাৰ সে সমৃদ্ধি” দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ অৰ্থে গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত ‘সমবায়ৰ মাজত সহযোগিতা’ৰ বহু পদক্ষেপক প্ৰসাৰিতকৰণেৰে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশস্বৰূপে বনাছ ডেইৰী (আমূল আৰু এছিয়াৰ সৰ্ববৃহৎ সমবায় ডেইৰীৰ অংশ) আৰু ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেডে (BBSSL) উচ্চ-মানৰ আলুৰ বীজ উৎপাদন আৰু বিতৰণৰ বাবে এখনি বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰে। ২০২৫-ৰ ১০ নৱেম্বৰত নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত ভাৰত চৰকাৰৰ সচিব (সমবায়) ডঃ আশীষ কুমাৰ ভূটানী আৰু উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত বনাছ ডেইৰীৰ এমডি শ্ৰী সংগ্ৰাম চৌধুৰী আৰু বিবিএছএছএল-ৰ এমডি শ্ৰী চেতন যোশীয়ে চুক্তিখনত স্বাক্ষৰ কৰে।

এই কাৰ্য্যসূচীত সমবায় মন্ত্ৰালয়ৰ সচিব ডঃ আশীষ কুমাৰ ভূটানীয়ে কয় যে উক্ত অংশীদাৰিত্ব হৈছে মূল্য শৃংখলক সুদৃঢ়কৰণ আৰু উৎপাদনশীলতা বৃদ্ধিৰে কৃষকসকলক সবলীকৰণ আৰু তেওঁলোকৰ সমৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

 

এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে বৈজ্ঞানিক কৃষি পদ্ধতি, চুক্তি কৃষি ব্যৱস্থা আৰু ফলপ্ৰসূ বজাৰ সংযোগক প্ৰসাৰিতকৰণৰ লগতে প্ৰমাণিত, ৰোগ-মুক্ত আলুৰ বীজৰ উৎপাদন নিশ্চিত কৰা এক বিস্তৃত “বীজৰ পৰা বজাৰলৈ” আলুৰ মূল্য শৃংখল গঢ়ি তোলা। প্ৰযুক্তিগত উদ্ভাৱনক সমবায় শক্তিৰ সৈতে সংপৃক্তকৰণেৰে এই পদক্ষেপে সমগ্ৰ মূল্য শৃংখলত উৎপাদনশীলতা বৃদ্ধি, ইনপুটৰ লোকচান হ্ৰাস আৰু শেষত আলু খেতি কৰা কৃষকৰ আয় আৰু স্থিতিস্থাপকতা বৃদ্ধি কৰিব বিচাৰিছে। বুজাবুজিৰ চুক্তিখনৰ অধীনত বিবিএছএছএলে বনাছ ডেইৰীৰ টিছু কালচাৰ আৰু এৰ’পনিক সুবিধাৰ ব্যৱহাৰ কৰিব। একেদৰে বনাছ ডেইৰীয়ে কাৰিকৰী আৰু বজাৰ সমৰ্থন আগবঢ়াব। শ্ৰী সংগ্ৰাম চৌধুৰীয়ে বনাছ ডেইৰীৰ “বিয়ণ্ড ডেইৰী” সম্প্ৰসাৰণত আলোকপাত কৰে। একেদৰে শ্ৰী চেতন যোশীয়ে আলুৰ বীজত আত্ম-নিৰ্ভৰতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

***

AK/SB
 


(रिलीज़ आईडी: 2189930) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Tamil , Telugu