প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
পোষ্ট কৰা হৈছে:
30 JUN 2023 3:13PM by PIB Guwahati
দেশৰ শিক্ষা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী যোগেশ সিং জী, দিল্লী বিশ্ববিদ্যালয়ৰ এই সোণালী অনুষ্ঠানত উপস্থিত থকা সকলো অধ্যাপক, শিক্ষক আৰু মোৰ সকলো যুৱ বন্ধু। যেতিয়া আপোনালোকে মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল, মই ইতিমধ্যে সিদ্ধান্ত লৈছিলোৱেই যে মই ইয়ালৈ আহিব লাগিব আৰু এতিয়া ইয়ালৈ আহি মোৰ প্ৰিয়জনৰ মাজলৈ অহাৰ দৰে অনুভৱ হৈছে।
আমি দিল্লী বিশ্ববিদ্যালয়ৰ বিষয়ে সকলো বুজিবলৈ এই এশ বছৰ পুৰণি তথ্যচিত্ৰখন চাই আছিলো। কেৱল এই নিষ্ঠাবানসকলক দেখিহে দিল্লী বিশ্ববিদ্যালয়ে আগবঢ়োৱা অৱদানৰ বিষয়ে বুজিব পাৰি। মোৰ সন্মুখত বহি থকা কিছুসংখ্যক লোক আছে যিসকলক মই মোৰ শিক্ষা গ্ৰহণ কৰি থকা দিনৰ পৰাই জানো, কিন্তু এতিয়া তেওঁলোক অতি গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হৈ পৰিছে। মোৰ অনুভৱ হৈছে যে যদি মই আজি আহিছোঁ, মই নিশ্চিতভাৱে এই পুৰণি বন্ধুসকলক লগ পোৱাৰ সুযোগ পাম আৰু মই তেওঁলোকক লগ পাইছো।
বন্ধুসকল,
দিল্লী বিশ্ববিদ্যালয়ৰ যিকোনো ছাত্ৰ-ছাত্ৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যিকোনো ধৰণে সেই উৎসৱৰ অংশ হোৱাটো। মোৰ বাবেও এয়া এনে এক সুযোগ। মই আনন্দিত যে দিল্লী বিশ্ববিদ্যালয়ে আজি ইয়াৰ ১০০ বছৰ উদযাপন কৰাৰ এই উৎসৱৰ পৰিৱেশত আপোনালোক সকলোৰে মাজত থকাৰ সুযোগ পাইছো। মোৰ বন্ধুসকল, যেতিয়া আপোনালোকে আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে আহে তেতিয়া ইয়ালৈ অহাৰ আনন্দ সঁচাকৈয়ে অনুভৱ হয়। যেতিয়া দুজন বন্ধু একেলগে আহে, তেওঁলোকে খোজ কাঢ়ে আৰু কথা পাতে, একো এৰি নোযোৱাকৈ ইজৰাইলৰ পৰা চন্দ্ৰলৈকে সমগ্ৰ বিশ্বৰ বিষয়বোৰ আলোচনা কৰে। আপুনি কোনখন চলচ্চিত্ৰ চাইছিল .......... অ'টিটি-ত সেই ধাৰাবাহিকখন ভাল .......... আপুনি সেই নিৰ্দিষ্ট ৰীলটো চাইছিল নে নাই .......... কথোপকথনৰ এক অন্তহীন সাগৰ আছে! সেয়েহে, আপোনালোকৰ দৰে মইও দিল্লী মেট্ৰ’ৰে ইয়ালৈ আহি মোৰ যুৱ বন্ধুসকলৰ সৈতে কথা পাতিছিলো। সেই কথোপকথনত, মই কিছুমান কাহিনী আৱিষ্কাৰ কৰিছিলো আৰু লগতে বহুটো আকৰ্ষণীয় তথ্যও পাইছিলোঁ।
বন্ধুসকল,
আজিৰ অনুষ্ঠানটো আন এটা কাৰণৰ বাবেও বিশেষ। দেশখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত, অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত দিল্লী বিশ্ববিদ্যালয় ইয়াৰ ১০০ বছৰ সম্পূৰ্ণ কৰিছে। যিকোনো দেশৰেই বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানসমূহ ইয়াৰ সাফল্যৰ প্ৰকৃত প্ৰতিফলন। এই ১০০ বছৰত দিল্লী বিশ্ববিদ্যালয়ৰ যাত্ৰাত বহুতো ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। ইয়াত বহুতো অধ্যাপক, ছাত্ৰ-ছাত্ৰী আৰু আন বহুতো লোকৰ জীৱন জড়িত হৈ আছে। এক প্ৰকাৰে দিল্লী বিশ্ববিদ্যালয় কেৱল এখন বিশ্ববিদ্যালয় নহয়, এক আন্দোলন হৈ আহিছে। এই বিশ্ববিদ্যালয়ে প্ৰতিটো মুহূৰ্ত জীয়াই ৰাখিছে। এই ঐতিহাসিক অনুষ্ঠান উপলক্ষে মই বিশ্ববিদ্যালয়খনৰ সকলো অধ্যাপক আৰু কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক অভিনন্দন জনাইছো।
বন্ধুসকল,
আজি এই অনুষ্ঠানৰ জৰিয়তে নতুন আৰু পুৰণি শিক্ষাৰ্থীসকল একত্ৰিত হৈছে। স্বাভাৱিকভাৱেই, কিছু চিৰসেউজ আলোচনাও হ’ব। নৰ্থ কেম্পাছৰ লোকসকলৰ বাবে কমলা নগৰ, হাডছন লেন আৰু মুখাৰ্জী নগৰৰ সৈতে জড়িত স্মৃতি থাকিব। চাউথ কেম্পাছৰ লোকসকলৰ বাবে সত্য নিকেতনৰ কাহিনী থাকিব। আপুনি যিটো বছৰতে স্নাতক ডিগ্ৰী লাভ কৰিলে, দিল্লী বিশ্ববিদ্যালয়ৰ দুজন প্ৰাক্তন শিক্ষাৰ্থীয়ে এই স্থানসমূহৰ বিষয়ে বাৰ্তালাপ কৰি কেইবা ঘণ্টাও কটাব পাৰে! এই সকলোবোৰৰ মাজত, মই বিশ্বাস কৰোঁ যে যদি দিল্লী বিশ্ববিদ্যালয়ে এই ১০০ বছৰত ইয়াৰ আবেগক জীয়াই ৰাখিছে, ই ইয়াৰ মূল্যবোধকো জীয়াই ৰাখিছে। বিশ্ববিদ্যালয়খনৰ মূলমন্ত্র ‘নিষ্ঠা ধৃতি সত্যম’ প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনত পথ প্ৰদৰ্শক প্ৰদীপৰ দৰে।
বন্ধুসকল,
আমাৰ দেশত প্ৰায়ে কোৱা হয়ঃ
ज्ञान-वानेन सुखवान्, ज्ञान-वानेव जीवति।
ज्ञान-वानेव बलवान्, तस्मात् ज्ञान-मयो भव॥
ইয়াৰ অৰ্থ হৈছে যিজনৰ জ্ঞান আছে তেওঁ সুখী, সেইজন শক্তিশালী। যিজনৰ জ্ঞান আছে তেওঁৱেই প্ৰকৃততে বিজয়ী হয়। ভাৰতত যেতিয়া নালন্দাৰ দৰে বিশ্ববিদ্যালয় আছিল তেতিয়া ভাৰত সুখ আৰু সমৃদ্ধিৰ শিখৰত আছিল। যেতিয়া ভাৰতত তক্ষশিলাৰ দৰে প্ৰতিষ্ঠান আছিল, তেতিয়া ভাৰতে বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বক পথ প্ৰদৰ্শন কৰিছিল। ভাৰতৰ সমৃদ্ধিশালী শিক্ষা ব্যৱস্থা ভাৰতৰ সমৃদ্ধিৰ বাহক আছিল।
এইটো সেই সময় আছিল যেতিয়া বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনত-ত ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। অৱশ্যে শ শ বছৰৰ দাসত্বৰ সময়ছোৱাই আমাৰ শিক্ষা কেন্দ্ৰবোৰ ধ্বংস কৰিছিল যিবোৰ আছিল শিক্ষাৰ মন্দিৰ। যেতিয়া ভাৰতৰ বৌদ্ধিক প্ৰৱাহ বন্ধ হৈছিল, তেতিয়া ভাৰতৰ বিকাশো স্থবিৰ হৈ পৰিছিল।
দীৰ্ঘদিনীয়া দাসত্বৰ পাছত দেশখনে স্বাধীনতা লাভ কৰিছিল। এই সময়ছোৱাত ভাৰতীয় বিশ্ববিদ্যালয়সমূহে স্বাধীনতাৰ আৱেগিক জোৱাৰক এক দৃঢ় আকৃতি প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ফলস্বৰূপে, সেই সময়ৰ সমসাময়িক বিশ্বক প্ৰত্যাহ্বান জনাব পৰা এক যুৱ প্ৰজন্মৰ উদ্ভৱ হৈছিল। দিল্লী বিশ্ববিদ্যালয়ো এই আন্দোলনৰ এক প্ৰধান কেন্দ্ৰ আছিল। দিল্লী বিশ্ববিদ্যালৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পাঠ্যক্ৰম যিয়েই নহওঁক, তেওঁলোকৰ প্ৰতিষ্ঠানৰ মূলৰ সৈতে পৰিচিত হ'ব। অতীতক বুজি পোৱাটোৱে আমাৰ অস্তিত্বক আকৃতি দিয়ে, আদৰ্শৰ ওপৰত ভিত্তি কৰে আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বহল কৰে।
বন্ধুসকল,
ব্যক্তি হওক বা প্ৰতিষ্ঠান, যেতিয়া তেওঁলোকৰ আকাংক্ষা ৰাষ্ট্ৰৰ সংকল্পৰ সৈতে সংলগ্ন হয় তেতিয়া তেওঁলোকৰ সফলতা ৰাষ্ট্ৰৰ সাফল্যৰ সৈতে জড়িত হৈ পৰে। এসময়ত দিল্লী বিশ্ববিদ্যালয়ত মাত্ৰ তিনিখন মহাবিদ্যালয় আছিল, বৰ্তমান ইয়াত ৯০ খনতকৈও অধিক মহাবিদ্যালয় আছে। এসময়ত ভাৰতৰ অৰ্থনীতি অস্থিৰ অৱস্থাত আছিল, বৰ্তমান ই বিশ্বৰ শীৰ্ষ পাঁচটা অৰ্থনীতিৰ ভিতৰত আছে। আজি দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা মহিলা শিক্ষাৰ্থীৰ সংখ্যা পুৰুষ শিক্ষাৰ্থীক অতিক্ৰম কৰিছে। একেদৰে, দেশত লিংগ সমতাৰ ক্ষেত্ৰতো উল্লেখযোগ্য উন্নতি ঘটিছে। ইয়াৰ অৰ্থ হৈছে যে এখন শিক্ষা প্ৰতিষ্ঠানৰ শিপা যিমানে গভীৰ হয়, সিমানে দেশৰ শাখাবোৰত উপনীত হয়। সেয়েহে, বিশ্ববিদ্যালয় আৰু ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰৰ আকাংক্ষাৰ মাজত সংহতি আৰু আন্তঃসংযোগ থাকিব লাগে।
যেতিয়া দেশখনে ২৫ বছৰৰ পাছত স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, দিল্লী বিশ্ববিদ্যালয়ে ইয়াৰ ১২৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰিব। সেই সময়ত ভাৰতৰ লক্ষ্য স্বাধীনতা আছিল যদিও এতিয়া আমাৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলা। আমি পূৰ্বৰ শতিকাৰ ইতিহাসলৈ ঘূৰি চালে দেখিম যে পূৰ্বৰ শতিকাৰ তৃতীয় দশকে স্বাধীনতা সংগ্ৰামক নতুন গতি প্ৰদান কৰিছিল। এতিয়া চলিত শতিকাৰ এই তৃতীয় দশকে ভাৰতৰ উন্নয়নৰ যাত্রাক এক নতুন গতি প্ৰদান কৰিব। আজি সমগ্ৰ দেশতে বৃহৎ সংখ্যাত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় স্থাপন কৰা হৈছে। শেহতীয়া বছৰবোৰত আই আই টি, আই আই এম, এন আই টি আৰু এইমছৰ দৰে প্ৰতিষ্ঠানৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। এই সকলোবোৰ প্ৰতিষ্ঠান নতুন ভাৰতৰ নিৰ্মাণ খণ্ড হৈ পৰিছে।
বন্ধুসকল,
শিক্ষা কেৱল দিয়া প্ৰক্ৰিয়া নহয়, ই এক আহৰণ কৰা প্ৰক্ৰিয়াও। দীৰ্ঘদিন ধৰি শিক্ষাৰ কেন্দ্ৰবিন্দু আছিল শিক্ষাৰ্থীসকলক কি শিকোৱা উচিত তাৰ ওপৰত। কিন্তু আমি শিক্ষাৰ্থীসকলে কি শিকিব বিচাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আপোনালোক সকলোৰে সামূহিক প্ৰচেষ্টাত এখন নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুত কৰা হৈছে। শিক্ষাৰ্থীসকলে এতিয়া তেওঁলোকৰ আগ্ৰহৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পছন্দৰ বিষয় বাছনি কৰাৰ যথেষ্ট সুবিধা লাভ কৰিছে।
আমি শিক্ষা প্ৰতিষ্ঠানসমূহৰ মান উন্নত কৰাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছো। আমি এই প্ৰতিষ্ঠানসমূহক প্ৰতিযোগিতামূলক কৰি তুলিবলৈ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক প্ৰৱৰ্তন কৰিছো। ই সমগ্ৰ দেশৰ প্ৰতিষ্ঠানসমূহক অনুপ্ৰেৰণা প্ৰদান কৰিছে। আমি প্ৰতিষ্ঠানসমূহৰ স্বায়ত্ততাক শিক্ষাৰ মানৰ সৈতেও জড়িত কৰিছো। প্ৰতিষ্ঠানসমূহৰ প্ৰদৰ্শন যিমানে উন্নত হয়, তেওঁলোকক সিমানেই অধিক স্বকীয়তা প্ৰদান কৰা হয়।
বন্ধুসকল,
শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতৰ নীতি আৰু সিদ্ধান্তৰ ফলস্বৰূপে আজি ভাৰতীয় বিশ্ববিদ্যালয়সমূহে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। ২০১৪ চনত কিউ এছ ৱৰ্ল্ড ৰেংকিঙত মাত্ৰ ১২ খন ভাৰতীয় বিশ্ববিদ্যালয় তালিকাভুক্ত হৈছিল কিন্তু আজি এই সংখ্যা ৪৫ লৈ বৃদ্ধি পাইছে।
আমাৰ শিক্ষা প্ৰতিষ্ঠানসমূহে বিশ্বত নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিছে। আমাৰ প্ৰতিষ্ঠানসমূহে গুণগত শিক্ষা, শিক্ষাৰ্থী-শিক্ষক অনুপাত আৰু সুনামৰ ক্ষেত্ৰত দ্ৰুতগতিত উন্নতি সাধন কৰি আছে। মোৰ বন্ধুসকল, আপোনালোকে জানেনে এই সকলোবোৰৰ আঁৰৰ আটাইতকৈ ডাঙৰ পথ প্ৰদৰ্শক শক্তি কি? পথ প্ৰদৰ্শক শক্তি হৈছে ভাৰতৰ যুৱ শক্তি, এই প্ৰেক্ষাগৃহত বহি থকা মোৰ যুৱশক্তিৰ সামৰ্থ্য।
বন্ধুসকল,
এটা সময় আছিল যেতিয়া শিক্ষাৰ্থীসকলে যিকোনো প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ আগতে নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল। ইয়াৰ অৰ্থ আছিল যে নামভৰ্তি হৈছে ডিগ্ৰীৰ সমাৰ্থক আৰু ডিগ্ৰীৰ অৰ্থ হৈছে চাকৰি। শিক্ষা এই পৰ্য্যন্ত সীমিত আছিল। অৱশ্যে, আজিৰ যুৱক-যুৱতীসকলে এই ধাৰণাত নিজৰ জীৱনক সীমাবদ্ধ কৰি ৰাখিব নিবিচাৰে। তেওঁলোকে কিবা নতুন কৰিব বিচাৰে; তেওঁলোকে নিজৰ পথ তৈয়াৰ কৰিব বিচাৰে।
২০১৪ চনৰ আগতে ভাৰতত মাত্ৰ কেইশমান ষ্টাৰ্ট-আপ আছিল। আজি ভাৰতত ষ্টাৰ্ট-আপৰ সংখ্যাই এক লাখ অতিক্ৰম কৰিছে। ২০১৪-১৫ ৰ তুলনাত এতিয়া ৪০ শতাংশতকৈও অধিক পেটেণ্ট দাখিল কৰা হৈছে। প্ৰদান কৰা পেটেণ্টৰ সংখ্যাও পাঁচগুণ বৃদ্ধি পাইছে। বিশ্ব উদ্ভাৱন সূচকত, য’ত ভাৰত ৮১ নম্বৰ স্থানত আছিল, আমি এতিয়া ৪৬ নম্বৰ স্থানলৈ উন্নীত হৈছো। আজি আমি এই স্থিতিত উপনীত হৈছো।
মাত্ৰ কেইদিনমান পূৰ্বে আমেৰিকা ভ্ৰমণৰ পৰা উভতি আহিছো। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আজি ভাৰতৰ সন্মান আৰু গৌৰৱ কিমান বৃদ্ধি পাইছে। আজি ভাৰতৰ গৌৰৱ বৃদ্ধি হোৱাৰ কাৰণ কি? উত্তৰটো একেই। ইয়াৰ কাৰণ হৈছে ভাৰতৰ সামৰ্থ্য বৃদ্ধি পাইছে, আৰু বিশ্বই ভাৰতৰ যুৱক-যুৱতীসকলৰ ওপৰত আস্থা স্থাপন কৰিছে। এই ভ্ৰমণৰ সময়ত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইনিচিয়েটিভ অন ক্ৰিটিকেল এণ্ড এমার্জিং টেকন'লজী (আইচিইটি) নামৰ এখন চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে আমাৰ যুৱক-যুৱতীসকলৰ বাবে পৃথিৱীৰ পৰা মহাকাশলৈ, ছেমিকণ্ডাক্টৰৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈকে বিভিন্ন ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰা হৈছে।
এসময়ত ভাৰতৰ সাধ্যৰ বাহিৰত থকা প্ৰযুক্তিবোৰ এতিয়া আমাৰ যুৱক-যুৱতীসকলৰ বাবে উপলব্ধ। তেওঁলোকৰ দক্ষতা বিকাশ বৃদ্ধি
হ’ব। মাইক্ৰন, গুগল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এপ্লাইড মেটেৰিয়েলছৰ দৰে কোম্পানীসমূহে ভাৰতত গুৰুত্বপূৰ্ণ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। মোৰ বন্ধুসকল, এইটো স্পষ্ট যে ভৱিষ্যতত আপোনালোকৰ বাবে বৃহৎ সুযোগ আছে আৰু ই আপোনালোকৰ দুৱাৰত টোকৰ মাৰি আছে।
বন্ধুসকল,
উদ্যোগ ৪.০ৰ বিপ্লৱো আমাৰ দুৱাৰমুখলৈ আহিছে। আমি কৃত্ৰিম বুদ্ধিমতা আৰু এ আৰ/ভি আৰ সম্পৰ্কে বিজ্ঞান-কল্পকাহিনী চলচ্চিত্ৰসমূহত যি দেখিছিলোঁ সেয়া এতিয়া আমাৰ বাস্তৱ-জীৱনৰ অভিজ্ঞতাৰ অংশ হৈ পৰিছে। গাড়ী চলোৱাৰ পৰা অস্ত্ৰোপচাৰলৈকে ৰবটিক্স স্বাভাৱিক হৈ পৰিছে। এই সকলোবোৰ খণ্ডই ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে, আমাৰ শিক্ষাৰ্থীসকলৰ বাবে নতুন পথৰ সৃষ্টি কৰিছে। শেহতীয়া বছৰবোৰত, ভাৰতে ইয়াৰ মহাকাশ খণ্ড, ইয়াৰ প্ৰতিৰক্ষা খণ্ড মুকলি কৰিছে আৰু ড্ৰোন-সম্পৰ্কীয় নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে। এই সকলোবোৰ সিদ্ধান্তই দেশৰ বৃহৎ সংখ্যক যুৱক-যুৱতীক প্ৰগতি আৰু আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিছে।
বন্ধুসকল,
ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ আন এটা দিশ হ’ল কেনেকৈ হাজাৰ হাজাৰ যুৱক-যুৱতী আৰু আমাৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পৰা লাভান্বিত হৈছে। আজি সমগ্ৰ বিশ্বৰ মানুহে ভাৰত, ইয়াৰ পৰিচয় আৰু ইয়াৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ আগ্ৰহী। ক’ৰোনা মহামাৰীৰ সময়ত বিশ্বৰ প্ৰতিখন দেশে নিজৰ প্ৰয়োজনীয়তাৰ সৈতে সংগ্ৰাম কৰি আছিল। কিন্তু ভাৰতে কেৱল নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, আন দেশসমূহকো সহায় আগবঢ়াইছিল।
সেয়েহে, সংকটৰ সময়তো সেৱাক অনুপ্ৰাণিত কৰা ভাৰতৰ মূল্যবোধবোৰ কি সেই বিষয়ে বিশ্বত এক কৌতূহলৰ সৃষ্টি হৈছে। ভাৰতৰ বৰ্ধিত সামৰ্থ্য, ইয়াৰ জি-২০ ৰ অধ্যক্ষতা, এই সকলোবোৰে ভাৰতৰ বিষয়ে কৌতূহল বৃদ্ধি কৰাত অৰিহণা যোগায়। ইয়াৰ ফলত আমাৰ শিক্ষাৰ্থীসকলৰ বাবে অসংখ্য নতুন সুযোগৰ সৃষ্টি হৈছে। আমাৰ যোগ, সংস্কৃতি, উৎসৱ, সাহিত্য, ইতিহাস, ঐতিহ্য, পৰম্পৰা আৰু ৰন্ধন প্ৰণালীৰ বিষয়ে এতিয়া সকলোৱে আলোচনা কৰি আছে। সেইবোৰ সকলো ক্ষেত্ৰৰ মানুহৰ বাবে আকৰ্ষণ হৈ পৰিছে। সেয়েহে, ভাৰতীয় যুৱক-যুৱতীসকলৰ চাহিদা বৃদ্ধি পাইছে যিয়ে বিশ্বক ভাৰতৰ সৈতে পৰিচয় কৰাব পাৰে, আমাৰ সৃষ্টিসমূহ বিশ্বব্যাপী প্ৰচাৰ কৰিব পাৰে। আজি ভাৰতীয় মূল্যবোধ যেনে গণতন্ত্ৰ, সমতা আৰু পাৰস্পৰিক সন্মান সাৰ্বজনীনভাৱে প্ৰাসংগিক হৈ পৰিছে। চৰকাৰী মঞ্চৰ পৰা কূটনীতি পৰ্যন্ত, বহু ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে নিৰন্তৰ নতুন সুযোগ সৃষ্টি কৰা হৈছে। দেশৰ ভিতৰত ইতিহাস, ঐতিহ্য আৰু সংস্কৃতিৰ সৈতে জড়িত ক্ষেত্ৰসমূহেও যুৱক-যুৱতীসকলৰ বাবে অপৰিসীম সম্ভাৱনা মুকলি কৰিছে।
আজি দেশৰ বিভিন্ন ৰাজ্যত জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হৈছে। পিএম-মিউজিয়ামৰ জৰিয়তে স্বাধীন ভাৰতৰ উন্নয়নৰ যাত্ৰা দৃশ্যমান হৈছে। আপোনালোকে জানি আনন্দিত হ "ব যে দিল্লীত" যুগে যুগে ভাৰত "নামৰ বিশ্বৰ সৰ্ববৃহৎ ঐতিহ্য সংগ্ৰহালয় হ’বলৈ গৈ আছে। কলা, সংস্কৃতি আৰু ইতিহাসৰ সৈতে জড়িত যুৱক-যুৱতীসকলৰ বাবে এতিয়া তেওঁলোকৰ আৱেগক এটা বৃত্তিলৈ ৰূপান্তৰিত কৰাৰ বহুতো সুযোগ আছে। একেদৰে, ভাৰতীয় শিক্ষকসকলে আজি বিশ্বত নিজৰ বাবে এক পৃথক পৰিচয় গঢ়ি তুলিছে। যেতিয়াই মই বিশ্বৰ নেতাসকলক লগ পোৱাৰ সুযোগ পাওঁ, তেওঁলোকৰ বহুতে কাহিনী শ্বেয়াৰ কৰে আৰু এজন ভাৰতীয় শিক্ষকৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে অতি গৌৰৱেৰে কয়।
ভাৰতৰ নমনীয় শক্তিয়ে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে সফলতাৰ কাহিনী সৃষ্টি কৰিব পাৰে। এই সকলোবোৰৰ বাবে আমাৰ বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহ প্ৰস্তুত হ’ব লাগিব আৰু আমি আমি মানসিকভাবে প্ৰস্তুত হ’ব লাগিব। প্ৰতিখন বিশ্ববিদ্যালয়ে নিজৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰিব লাগিব আৰু ইয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব।
যেতিয়া আপোনালোকে এই প্ৰতিষ্ঠানৰ ১২৫ বছৰ উদযাপন কৰিব, আপোনালোকৰ গণনা বিশ্বৰ শীৰ্ষ স্থানপ্ৰাপ্ত বিশ্ববিদ্যালয়সমূহৰ ভিতৰত হওঁক। সেয়েহে, ইয়াক প্ৰাপ্ত কৰাৰ বাবে আপোনালেকৰ প্ৰচেষ্টা বৃদ্ধি কৰক। আপোনালোকে ধাৰাবাহিকভাৱে কাম কৰিব লাগিব যাতে ভৱিষ্যতৰ উদ্ভাৱন ইয়াতেই হ’ব পাৰে আৰু বিশ্বৰ শ্ৰেষ্ঠ ধাৰণা তথা নেতাসকল ইয়াৰ পৰাই উদ্ভৱ হ’ব পাৰে।
কিন্তু এই সকলো পৰিৱৰ্তনৰ মাজত, মোৰ বন্ধুসকল, সম্পূৰ্ণৰূপে সলনি নকৰিব। কিছুমান বস্তু যেনেদৰে আছে তেনেদৰেই এৰি দিয়ক। নৰ্থ কেম্পাছৰ পেটেল চেষ্টৰ চাহ .......... নুডলছ .......... চাউথ কেম্পাছৰ চাণক্যৰ মোমো। আপোনালোকে নিশ্চিত কৰিব লাগিব যে সেইবোৰৰ সোৱাদ যাতে সলনি নহয়।
বন্ধুসকল,
যেতিয়া আমি আমাৰ জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰোঁ, আমি প্ৰথমে ইয়াৰ বাবে আমাৰ মন আৰু হৃদয়ক প্ৰস্তুত কৰিব লাগিব। এখন ৰাষ্ট্ৰৰ মন আৰু হৃদয় প্ৰস্তুত কৰাৰ দায়িত্ব ইয়াৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ ওপৰত থাকে। কেৱল শিক্ষা প্ৰতিষ্ঠানসমূহৰ দৃষ্টিভংগী আৰু লক্ষ্যৰ জৰিয়তেহে আমাৰ নতুন প্ৰজন্মই ভৱিষ্যতৰ বাবে সাজু হ’ব পাৰে, প্ৰত্যাহ্বান গ্ৰহণ আৰু সন্মুখীন হোৱাৰ মনোভাৱ ৰাখিব পাৰে।
মই বিশ্বাস কৰোঁ যে দিল্লী বিশ্ববিদ্যালয়ে নিজৰ যাত্ৰাত আগবাঢ়ি যোৱাৰ লগে লগে এই সংকল্পবোৰ নিশ্চিতভাৱে পূৰণ কৰিব। আপোনালোকে শতাব্দী বৰ্ষৰ এই যাত্ৰাক যি ধৰণে আগুৱাই লৈ গৈছে, আপোনালোকে আৰু অধিক সামৰ্থ্যৰে, অধিক সুন্দৰভাৱে, অধিক সপোন আৰু সংকল্প লৈ সফলতা অৰ্জন কৰি আগবাঢ়ি যোৱাটো অব্যাহত ৰাখক। সাফল্যই আপোনাৰ পদচিহ্ন স্পৰ্শ কৰাটো অব্যাহত ৰাখক আৰু আপোনাৰ সামৰ্থ্যৰ সৈতে ৰাষ্ট্ৰই উন্নতি কৰক। এই শুভেচ্ছাৰে মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো।
ধন্যবাদ!
DISCLAIMER: এয়া হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণৰ আনুমানিক অনুবাদ। মূল ভাষণ হিন্দী ভাষাত দিয়া হৈছিল।.
***
DS/LP/VK/AK/MK
(ৰিলিজ আই ডি : 2189929)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam