প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী ইমকং এল ইমচেনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 12 NOV 2025 7:04PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জ্যেষ্ঠ নেতা শ্ৰী ইমকং এল ইমচেনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে নাগালেণ্ডৰ উন্নয়নত অসাধাৰণ অৱদানৰ বাবে শ্ৰী ইমচেনক স্মৰণ কৰা হ’ব। তেওঁ কেইবাবছৰ ধৰি ৰাজহুৱা জীৱনত সক্ৰিয় হৈ থকাৰ লগতে জনজাতীয় লোকসকলৰ কল্যাণৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ হৈ আছিল। তেওঁৰ বিধানসভা আৰু মন্ত্ৰীত্বৰ কাৰ্যকালৰ প্ৰভাৱ আৰু নিষ্ঠাৰ বাবে সদায়েই স্মৰণীয় হৈ ৰ’ব।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়।

"নাগালেণ্ডৰ উন্নয়নত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে শ্ৰী ইমকং এল ইমচেনজী স্মৰণীয় হৈ থাকিব। কেইবাবছৰ ধৰি ৰাজহুৱা জীৱনত সক্ৰিয় হৈ থকাৰ লগতে জনজাতীয় লোকসকলৰ কল্যাণৰ প্ৰতি তেওঁ বিশেষভাৱে দায়বদ্ধ আছিল। তেওঁৰ বিধানসভা আৰু মন্ত্ৰীত্বৰ কাৰ্যকালৰ প্ৰভাৱ আৰু নিষ্ঠাৰ বাবে সদায়ে স্মৰণীয় হৈ ৰ'ব। তেওঁ নাগালেণ্ডত বিজেপিক শক্তিশালী কৰাৰ দিশতো অৰিহণা যোগাইছিল।এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।"

 

***

MJPS/SR/DB


(रिलीज़ आईडी: 2189495) आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam