কেবিনেট
azadi ka amrit mahotsav

ৰপ্তানিকাৰকৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চিজিএছই)ত অনুমোদন কেবিনেটৰ

২০,০০০ কোটি টকা পৰ্যন্ত বন্ধকীমুক্ত ঋণ সহায়ৰ পৰিকল্পনা

এনচিজিটিচিৰ জৰিয়তে ১০০ শতাংশ ঋণৰ নিশ্চয়তা

এই আঁচনিৰ ফলত এম এছ এম ই আৰু অনা এম এছ এম ই ৰপ্তানিকাৰক উভয়ে লাভান্বিত হ’ব

চিজিএছইয়ে তাৰল্যতা, বজাৰৰ বৈচিত্ৰ্যতা, নিয়োগ বৃদ্ধি কৰাৰ লগতে বিশ্বজুৰি ভাৰতীয় ৰপ্তানিকাৰকসকলৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব

Posted On: 12 NOV 2025 8:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰপ্তানিকাৰকসকলৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চিজিএছই) আৰম্ভ কৰাত অনুমোদন জনায়। ইয়াৰ ফলত নেচনেল ক্ৰেডিট গেৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেডে (এনচিজিটিচি) সদস্য ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান (এমএলআই)ক ১০০% ঋণ নিশ্চয়তা কভাৰেজ প্ৰদান কৰি এমএছএমইকে ধৰি যোগ্য ৰপ্তানিকাৰকক ২০,০০০ কোটি টকা পৰ্যন্ত অতিৰিক্ত ঋণৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যসমূহ:

বিত্তীয় সেৱা বিভাগে নেচনেল ক্ৰেডিট গেৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেড (এনচিজিটিচি)ৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰিব যাতে এমএলআইসমূহে এমএছএমইকে ধৰি যোগ্য ৰপ্তানিকাৰকসকলক অতিৰিক্ত ঋণ সহায় আগবঢ়াব পাৰে। ডিএফএছ সচিবৰ অধ্যক্ষতাত এখন পৰিচালনা সমিতিয়ে আঁচনিখনৰ অগ্ৰগতি আৰু ৰূপায়ণৰ তদাৰক কৰিব।

মূল প্ৰভাৱ:

এই আঁচনিখনে বিশ্বজুৰি ভাৰতীয় ৰপ্তানিকাৰকসকলক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাৰ লগতে নতুন আৰু উদীয়মান বজাৰসমূহত বৈচিত্ৰ্যৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। চিজিএছইৰ অধীনত বন্ধকীমুক্ত ঋণৰ সুবিধা প্ৰদান কৰি এই আঁচনিখনে তাৰল্যতা শক্তিশালী কৰিব, মসৃণ ব্যৱসায়িক কাৰ্য্যকলাপ নিশ্চিত কৰিব আৰু ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ভাৰতৰ অগ্ৰগতিত ইন্ধন যোগাব। ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰতৰ দিশত দেশৰ যাত্ৰা আৰু অধিক শক্তিশালী হ’ব।

*****

MJPS/BM/DB


(Release ID: 2189494) Visitor Counter : 6