গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে

লোক নায়ক জয় প্ৰকাশ হাস্পতাল পৰিদৰ্শন কৰি আহত লোকক সাক্ষাৎ কৰে গৃহমন্ত্ৰীয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, প্ৰতিটো দিশৰ পৰা এই ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰা হৈছে

ঘটনাৰ তথ্য পোৱাৰ লগে লগে দিল্লী আৰক্ষীৰ বিশেষ কোষ, অপৰাধ শাখা, এন আই এ, এন এছ জি আৰু এফ এছ এলৰ দলসমূহ সেই স্থানত উপস্থিত হোৱাৰ লগতে আমাৰ সংস্থাসমূহে বিস্ফোৰণৰ কাৰণ জানিবলৈ তদন্ত কৰি আছে
বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰি ঘটনাৰ বুজ লয়

আমি বিষয়টো প্ৰতিটো দিশৰ পৰা তদন্ত কৰি আছো আৰু যেতিয়ালৈকে সেই স্থানৰ পৰা সংগ্ৰহ কৰা প্ৰমাণ সম্পূৰ্ণৰূপে বিশ্লেষণ কৰা নহয় তেতিয়ালৈকে আমি কোনো সম্ভাৱনা নুই কৰা নাই

Posted On: 10 NOV 2025 11:37PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সেই স্থানত উপস্থিত থকা দিল্লী আৰক্ষী আয়ুক্ত আৰু অন্যান্য উচ্চপদস্থ বিষয়াৰ পৰা পৰিস্থিতিৰ সবিশেষ লাভ কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে  লোক নায়ক জয় প্ৰকাশ হাস্পতাললৈ গৈ  বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰে। তেওঁ  লগতে চিকিৎসকৰ সৈতে কথা পাতি আহতসকলৰ স্বাস্থ্যৰ বিষয়েও বুজ লয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো দিশৰ পৰা এই গোচৰৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষীৰ বিশেষ কোষ, অপৰাধ শাখা, এন আই এ, এন এছ জি আৰু এফ এছ এলৰ দলসমূহ সেই স্থানত উপস্থিত হয় আৰু আমাৰ সংস্থাসমূহে বিস্ফোৰণৰ কাৰণ জানিবলৈ কাম কৰি আছে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিস্ফোৰণৰ খবৰ পোৱাৰ  লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰি ঘটনাৰ বুজ লয়। তেওঁ লগতে কয় যে তদন্ত সকলো  দিশৰ পৰা চলি আছে  আৰু যেতিয়ালৈকে সেই স্থানৰ পৰা সংগ্ৰহ কৰা প্ৰমাণ বিশ্লেষণ কৰা নহয়, তেতিয়ালৈকে কোনো সম্ভাৱনা নুই কৰিব নোৱাৰি।

***

RK/RR/PS/DM


(Release ID: 2188616) Visitor Counter : 8