প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত - গ্ৰীচৰ যুটীয়া বিবৃতি
प्रविष्टि तिथि:
25 AUG 2023 11:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত হেলেনিক ৰিপাব্লিকলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে।
প্ৰধানমন্ত্ৰী মিৎছোটাকিছ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু গ্ৰীচৰ মাজত থকা ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁলোকে এই কথাত একমত প্ৰকাশ কৰে যে, বিশ্বৰ বৃহৎ পৰিৱৰ্তনৰ সময়ত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এক সতেজ আৰু গতিশীল পন্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে।
উষ্ণ আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশত দুয়োগৰাকী নেতাই উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয়। তেওঁলোকে দুয়োখন দেশৰ মাজত চলি থকা সহযোগিতা পৰ্যালোচনা কৰে আৰু উমৈহতীয়া স্বাৰ্থৰ দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰে।
চহকী সামুদ্ৰিক ঐতিহ্য থকা দুটা প্ৰাচীন নাৱিক ৰাষ্ট্ৰৰ নেতা হিচাপে তেওঁলোকে ভূমধ্য সাগৰ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে মুক্ত, মুকলি আৰু নিয়মভিত্তিক এক উমৈহতীয়া দৃষ্টিভংগীৰ অংশীদাৰ আছিল। এই দৃষ্টিভংগী আন্তঃৰাষ্ট্ৰীয় আইন বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সন্ধি (UNCLOS)ৰ প্ৰতি সন্মানত শিপাই আছে আৰু ই সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু জাহাজ চলোৱাৰ স্বাধীনতাৰ নীতিসমূহ ৰক্ষা কৰে, এই সকলোবোৰৰ লক্ষ্য হৈছে বিশ্ব শান্তি, স্থিতিশীলতা আৰু নিৰাপত্তাক প্ৰসাৰ কৰা।
দুয়োজন নেতাই পৰ্যবেক্ষণ কৰে যে ইউৰোপীয় ইউনিয়ন আৰু ভাৰতে একেলগে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক আৰু মুক্ত বজাৰ স্থানক প্ৰতিনিধিত্ব কৰে, আৰু দুয়োৰে মাজত সম্পৰ্ক শক্তিশালী কৰিলে পাৰস্পৰিক লাভ হ’ব আৰু আঞ্চলিক আৰু বিশ্বৰ স্থিতিশীলতাত ইতিবাচক অৰিহণা যোগাব বুলি একমত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰে যে গ্ৰীচ আৰু ভাৰত দুয়োখন দেশে উল্লেখযোগ্য অৰ্থনৈতিক স্থিতিস্থাপকতা প্ৰদৰ্শন কৰি আঞ্চলিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি ঘৰুৱা বিকাশৰ সফলতাৰে পুনৰুদ্ধাৰ কৰিছে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আৰু বিনিয়োগৰ আলোচনাত চলি থকা প্ৰবল সমৰ্থনৰ লগতে ভাৰত-ইউৰোপীয় ইউনিয়নৰ সংযোগ অংশীদাৰিত্বৰ আগতীয়া ৰূপায়ণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
নিজৰ দেশ আৰু জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া উষ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ওপৰত নিৰ্মাণ কৰি দুয়োগৰাকী নেতাই ভাৰত-গ্ৰীচৰ সম্পৰ্কক “কৌশলগত অংশীদাৰিত্ব”লৈ উন্নীত কৰিবলৈ সন্মত হয়। ৰাজনৈতিক, নিৰাপত্তা, আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰধানমন্ত্ৰীসকলে দুয়োখন ৰাষ্ট্ৰৰ মাজত জনসাধাৰণৰ সংযোগ বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও সন্মতি প্ৰকাশ কৰে। যোৱা বছৰবোৰত দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সংযোগৰ অবিৰত বৃদ্ধিক স্বীকাৰ কৰি দুয়োজন নেতাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ প্ৰচেষ্টা চলোৱাৰ নিৰ্দেশ দিয়ে।
দুয়োজন নেতাই প্ৰতিৰক্ষা, জাহাজ, বিজ্ঞান আৰু প্ৰযুক্তি, চাইবাৰ স্পেচ, শিক্ষা, সংস্কৃতি, পৰ্যটন, আৰু কৃষিৰ দৰে ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণ আৰু গভীৰ কৰাৰ গুৰুত্ব পুনৰ দৃঢ়তাৰে কয়। তেওঁলোকে কৃষি সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰাত আদৰণি জনায়, য’ত পাৰস্পৰিক লাভালাভৰ বাবে খণ্ডগত সহযোগিতাৰ প্ৰসাৰৰ বাবে কৃষি সম্পৰ্কীয় হেলেনিক-ভাৰতীয় যুটীয়া উপ-সমিতি গঠন কৰাটোও অন্তৰ্ভুক্ত। নেতাসকলে তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলক ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, ৰাজহুৱা কূটনীতিকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নিয়মীয়াকৈ আলোচনা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। সংযোগ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে গ্ৰীচ আৰু ভাৰতৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিবলৈও সন্মতি প্ৰকাশ কৰে।
ভাৰত আৰু গ্ৰীচৰ মাজত দীৰ্ঘদিনীয়া সাংস্কৃতিক সম্পৰ্কক স্বীকৃতি দি দুয়োজন নেতাই বিভিন্ন ধৰণৰ শিল্পৰ আদান-প্ৰদানক প্ৰসাৰিত কৰাৰ পদক্ষেপক আদৰণি জনায়। ইয়াৰ উপৰিও তেওঁলোকে প্ৰাচীন ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত যৌথ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ আৰু ইউনেস্ক’ৰ ভিতৰত সহযোগিতা বৃদ্ধি কৰি ভাগ-বতৰা কৰা সাংস্কৃতিক মূল্যবোধসমূহ সুৰক্ষিত কৰিবলৈ সন্মত হয়।
দুয়োজন নেতাই এই কথাত একমত হয় যে গতিশীলতা আৰু প্ৰব্ৰজন অংশীদাৰিত্ব চুক্তি (এমএমপিএ) আগতীয়াকৈ চূড়ান্ত কৰাটো পাৰস্পৰিকভাৱে লাভজনক হ’ব, কিয়নো ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত কৰ্মশক্তিৰ মসৃণ আৰু আইনী গতিবিধিৰ সুবিধা হোৱাত সহায়ক হ’ব।
দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ তীব্ৰ নিন্দা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীচৰ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (আই এছ এ)ত প্ৰৱেশক আদৰণি জনায় আৰু আশা প্ৰকাশ কৰে যে গ্ৰীচেও অতি সোনকালে ক’লিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চি ডি আৰ আই)ত যোগদান কৰিব।
জি-২০ মঞ্চৰ ভাৰতৰ সভাপতিত্বক আদৰণি জনাই প্ৰধানমন্ত্ৰী মিৎছোটাকিছে ভাৰতৰ নেতৃত্বত জি-২০য়ে নিজৰ লক্ষ্যসমূহ ফলপ্ৰসূভাৱে আগুৱাই নিব আৰু অৰ্থপূৰ্ণ ফলাফল প্ৰদান কৰিব বুলি আস্থা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী মিটছোটাকিছক তেওঁৰ ভ্ৰমণৰ সময়ত গ্ৰীচ চৰকাৰ আৰু জনসাধাৰণে আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী মিৎসোটাকিছক পাৰস্পৰিক সুবিধাজনক সময়ত ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।
***
DS
(रिलीज़ आईडी: 2188252)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam