গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ‘বন্দে মাতৰম’ হৈছে স্বাধীনতাৰ গীত, অদম্য সংকল্পৰ মনোভাৱ আৰু ভাৰতৰ জাগৰণৰ প্ৰথম মন্ত্ৰ

ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া স্মৃতিত তেওঁৰ ব্লগত শ্ৰী অমিত শ্বাহে কয় যে সেয়া কেৱল ভাৰতৰ ৰাষ্ট্ৰীয় গীত আৰু স্বাধীনতা সংগ্ৰামৰ আত্মা নাছিল বৰঞ্চ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ প্ৰথম ঘোষণা আছিল

মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছিল যে ‘বন্দে মাতৰম’ৰ “নিস্তেজ তেজকো আলোড়িত কৰাৰ যাদুকৰী শক্তি” আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে দেশখনক বন্দে মাতৰমৰ গৌৰৱময় উত্তৰাধিকাৰৰ কথা সোঁৱৰাই দিয়ে

আজিও বন্দে মাতৰমে এক আত্মনিৰ্ভৰশীল, আৰু পুনৰ উত্থানশীল ভাৰতৰ বিকশিত ভাৰত ২০৪৭ৰ আমাৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰিছে

এই পৱিত্ৰ গীতটোৱে অনন্তকালৰ মাজেৰে প্ৰতিধ্বনিত হৈ থাকিব, আমাৰ ইতিহাস, আমাৰ সংস্কৃতি, আমাৰ মূল্যবোধ আৰু আমাৰ পৰম্পৰাক সোঁৱৰাই দিব

Posted On: 07 NOV 2025 6:16PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বন্দে মাতৰমহৈছে স্বাধীনতাৰ গীত, অদম্য সংকল্পৰ মনোভাৱ আৰু ভাৰতৰ জাগৰণৰ প্ৰথম মন্ত্ৰ। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত তেওঁৰ ব্লগত শ্ৰী অমিত শ্বাহে কয় যে এয়া কেৱল ভাৰতৰ ৰাষ্ট্ৰীয়  গীত আৰু স্বাধীনতা সংগ্ৰামৰ আত্মা নহয়, বৰঞ্চ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ  প্ৰথম ঘোষণা

তেওঁৰ ব্লগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ ইতিহাসত বহুতো সংজ্ঞায়িত মুহূৰ্ত আছেযেতিয়া গীত আৰু শিল্প সামাজিক আৰু ৰাজনৈতিক আন্দোলনৰ আত্মা হৈ পৰিছিল। ছত্ৰপতি শিৱাজী মহাৰাজৰ সেনাৰ যুদ্ধগীত, স্বাধীনতা সংগ্ৰামৰ সময়ত গোৱা দেশপ্ৰেমমূলক গীত, বা জৰুৰীকালীন অৱস্থাত যুৱক-যুৱতীসকলে গোৱা প্ৰত্যাহ্বানপূৰ্ণ  গীত আদি। গীতে ভাৰতীয় সমাজত সদায় সামূহিক চেতনা আৰু ঐক্যক জাগ্ৰত কৰি আহিছে।এনে উদ্দীপনা জগাই তোলা গীতসমূহৰ ভিতৰত আছে ভাৰতৰ ৰাষ্ট্ৰীয়  গীত ‘বন্দেমাতৰম’, যিটো গীতৰ কাহিনীৰ   আৰম্ভণি যুদ্ধক্ষেত্ৰত নহয়,  বৰঞ্চ এগৰাকী  পণ্ডিত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ শান্ত অথচ দৃঢ় মনৰ পৰাই হৈছিল। ১৮৭৫ চনত জগধাত্ৰী পূজাৰ (কাৰ্তিক শুক্লা নৱমী বা অক্ষয় নৱমী) শুভ দিনটোতে  তেওঁ এটি গীত ৰচনা কৰিছিল,  যিটো গীতেই পিছলৈ স্বাধীনতাৰ চিৰন্তন গীত হৈ পৰিব। সেই গীতৰ  পৱিত্ৰ শাৰীবোৰ লিখোতে  তেওঁ ভাৰতৰ গভীৰ সভ্যতাৰ  শিপাৰ সন্ধান কৰাৰ পৰা আৰম্ভ কৰি   অথৰ্ববেদৰ বাণী “মাতা ভূমি পুত্ৰ অহম পৃথিব্য” (“পৃথিৱী মোৰ মা, আৰু মই তেওঁৰ  পুত্ৰ”)ৰ লগতে   দেৱী মাহাত্ম্যই  আমন্ত্ৰণ জনোৱা ঐশ্বৰিক মাতৃৰ পৰা প্ৰেৰণা লাভ কৰিছিল।

বংকিম বাবুৰ কথাবোৰ আছিল প্ৰাৰ্থনা আৰু ভৱিষ্যদ্বাণী দুয়োটাই । ‘বন্দে মাতৰম’ কেৱল  ৰাষ্ট্ৰীয়   গীত বা স্বাধীনতা আন্দোলনৰ প্ৰাণশক্তি  নাছিল। ই আছিল বংকিম চন্দ্ৰৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ প্ৰথম ঘোষণা। ই আমাক সোঁৱৰাই দিয়ে  যে ভাৰত কেৱল ভৌগোলিক ভূখণ্ডই  নহয়, বৰঞ্চ এখন ভূ-সাংস্কৃতিক সভ্যতাৰ ভূমি , যি   মানচিত্ৰত অংকিত  ৰেখাৰে নহয়, ভাগ-বতৰা কৰা সংস্কৃতি, স্মৃতি, ত্যাগ, শৌৰ্য্য আৰু মাতৃত্ব বোধৰ দ্বাৰা একত্ৰিত হৈছে। এয়া কেৱল মাটি নহয়; ই তীৰ্থ, ভক্তি আৰু কৰ্তব্যৰ দ্বাৰা পৱিত্ৰ হৈ পৰা  ভূমি ।

মহৰ্ষি অৰবিন্দই বৰ্ণনা কৰা মতে বংকিমচন্দ্ৰ  আছিল আধুনিক ভাৰতৰ এগৰাকী  ঋষি , যিয়ে তেওঁৰ বাক্যৰ জৰিয়তে দেশৰ আত্মাক পুনৰ জাগ্ৰত কৰিছিল। তেওঁৰ আনন্দমঠ কেৱল এখন উপন্যাসেই  নাছিল; ই আছিল গদ্যৰ এক মন্ত্ৰ,  যিয়ে এখন শুই থকা দেশক  নিজৰ ঐশ্বৰিক শক্তিক পুনৰ আৱিষ্কাৰ কৰিবলৈ প্ৰেৰণা যোগাইছিল। বংকিম বাবুৱে তেওঁৰ এখন চিঠিত লিখিছিল-“মোৰ সকলো ৰচনা গংগাত বিলীন হৈ  গ’লেও মোৰ কোনো আপত্তি নাথাকিব;এই এটা গীতেই অনন্তকাল জীয়াই থাকিব।এয়া এক মহান গীত হ’ব আৰু জনসাধাৰণৰ হৃদয় জয় কৰিব।” তেওঁৰ এই কথাবোৰ ভৱিষ্যদ্বাণীমূলক আছিল। ঔপনিৱেশিক শাসনৰ অন্ধকাৰ সময়ছোৱাত  লিখা ‘বন্দে মাতৰম’ হৈ পৰিছিল জাগৰণৰ উষা গীত , যিটো গীতে সাংস্কৃতিক গৌৰৱক সভ্যতাবাদী ৰাষ্ট্ৰবাদৰ সৈতে সংপৃক্ত কৰিছিল। যিগৰাকী ব্যক্তিৰ  দেহৰ প্ৰতিটো কোষত মাতৃভূমিৰ প্ৰতি ভক্তিৰ অনুৰণন ঘটিছিল তেনে এগৰাকী ব্যক্তিয়েহে এনে অপূৰ্ব শাৰী লিখিব পাৰে।

১৮৯৬ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ‘বন্দে মাতৰম’ৰ সুৰ

কৰি কলিকতাত অনুষ্ঠিত  কংগ্ৰেছৰ অধিৱেশনত গীত গাইছিল আৰু তেনেদৰেই  গীতটোক কণ্ঠৰ ৰূপত অমৰত্ব প্ৰদান কৰিছিল। গীতটোৱে  ভাষা আৰু অঞ্চলৰ বাধা অতিক্ৰম কৰি সমগ্ৰ ভাৰততে প্ৰতিধ্বনিত হৈছিল। তামিলনাডুত সুব্ৰমণিয়া ভাৰতীয়ে গীতটো তামিল ভাষালৈ অনুবাদ কৰিছিল আৰু পঞ্জাৱত বিপ্লৱীসকলে ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাবলৈ গীতটো গাইছিল।

১৯০৫ চনত বংগ বিভাজনৰ সময়ত যেতিয়া সমগ্ৰ প্ৰদেশখনতে বিদ্ৰোহ বিয়পি পৰিছিল, তেতিয়া ব্ৰিটিছে ‘বন্দে মাতৰম’   ৰাজহুৱা স্থানত আবৃত্তি কৰা নিষিদ্ধ কৰিছিল। ইমানৰ পিছতো  ১৯০৬ চনৰ ১৪ এপ্ৰিলত বৰিশালত হাজাৰ হাজাৰ লোকে ব্ৰিটিছৰ  আদেশ অৱজ্ঞা কৰিছিল। যেতিয়া আৰক্ষীয়ে সমবেত শান্তিপূৰ্ণ জনতাৰ ওপৰত আক্ৰমণ চলাইছিল, তেতিয়া পুৰুষ-মহিলা সকলোৱে  ৰাজপথত থিয় হৈ ৰক্তাক্ত দেহাৰেই একেলগে ‘বন্দেমাতৰম’ বুলি চিঞৰিছিল।

ইয়াৰ পিছত এই পবিত্ৰ গীতটো  গাদাৰ পাৰ্টিৰ বিপ্লৱীসকলে   কেলিফৰ্ণিয়ালৈ নিছিল । নেতাজীৰ সৈন্যই ছিংগাপুৰৰ পৰা যাত্ৰা কৰাৰ সময়ত আজাদ হিন্দ ফৌজত  গীতটোৰ প্ৰতিধ্বনি হৈছিল। ১৯৪৬ চনৰ ৰয়েল ইণ্ডিয়ান নেভিৰ বিদ্ৰোহৰ সময়তো গীতটো  বাজিছিল। ভাৰতীয় নাৱিকসকলে ব্ৰিটিছ যুদ্ধজাহাজত ত্ৰিৰংগা  উত্তোলন কৰাৰ সময়তো গীতটো গাইছিল  । খুদিৰাম বসুৰ পৰা আছফাকুল্লা খান, চন্দ্ৰশেখৰ আজাদৰ পৰা তিৰুপ্পুৰ কুমাৰণলৈকে সকলোৰে মুখে মুখে গীতটো শ্লোগানৰ ৰূপত উচ্চাৰিত হৈছিল। এয়া কেৱল গীত হৈ থকা  নাছিল; ই ভাৰতৰ আত্মাৰ সামূহিক কণ্ঠ হৈ পৰিছিল। মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছিল যে ‘বন্দে মাতৰম’ৰ “আটাইতকৈ নিস্তেজ জনকো আলোড়িত কৰাৰ যাদুকৰী শক্তি আছে।” ই উদাৰবাদী আৰু বিপ্লৱী, পণ্ডিত তথা সৈনিক সকলোকে  একেদৰেই একত্ৰিত কৰিছিল। মহৰ্ষি অৰবিন্দই ঘোষণা কৰা মতে এয়া  আছিল “ভাৰতৰ পুনৰ্জন্মৰ মন্ত্ৰ।”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক  বন্দে মাতৰমৰ গৌৰৱময় উত্তৰাধিকাৰৰ কথা সোঁৱৰাই দিছে। এই অমৰ গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে  ভাৰত চৰকাৰে ৭ নৱেম্বৰৰ পৰা এবছৰৰ বাবে দেশজোৰা কাৰ্যসূচীৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছে।এই উদযাপনৰ  সময়তে ‘বন্দে মাতৰম’ সম্পূৰ্ণ ৰূপত  পুনৰবাৰ সমগ্ৰ দেশতে প্ৰতিধ্বনিত হ’ব, ‘সাংস্কৃতিক জাতীয়তাবাদ’ৰ ধাৰণাটোক হৃদয়াগংম কৰিবলৈ যুৱ প্ৰজন্মক   অনুপ্ৰাণিত কৰিব।

আমি ভাৰত পৰ্ব উদযাপন কৰি চৰ্দাৰ বল্লভভাই পেটেলক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে  এই কথাও স্মৰণ কৰিছো যে  চৰ্দাৰ বল্লভভাই পেটেল   ভাৰতক একত্ৰীকৰণ কৰাৰ সময়ত  ‘বন্দেমাতৰম’-এ কেনেদৰে  প্ৰেৰণা যোগাইছিল। এই গীতটো কেৱল অতীতৰ স্মৃতি নহয়,  বৰঞ্চ ভৱিষ্যতৰ আহ্বানো। আজিও বন্দে মাতৰমে এক আত্মনিৰ্ভৰশীল, স্বাৱলম্বী আৰু পুনৰ উত্থানশীল ভাৰতৰ  বিকশিত ভাৰত ২০৪৭ৰ আমাৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰিছে। ই আমাৰ সভ্যতাৰ  আত্মবিশ্বাসৰ গীত আৰু  ইয়াৰ  আহ্বানক  কৰ্মলৈ ৰূপান্তৰিত কৰাটো এতিয়া আমাৰ দায়িত্ব।

‘বন্দেমাতৰম’ স্বাধীনতাৰ গীত, অদম্য সংকল্পৰ আত্মা আৰু ভাৰতৰ জাগৰণৰ প্ৰথম মন্ত্ৰ। এটা জাতিৰ আত্মাৰ পৰা জন্ম হোৱা বাক্যৰ  কেতিয়াও মৃত্যু নহয়; এয়া  জীয়াই থাকে, যুগ আৰু প্ৰজন্মৰ মাজেৰে অনুৰণিত হৈ থাকে। এই পবিত্ৰ গীতটো  অনন্তকাললৈ প্ৰতিধ্বনিত হৈ থাকিব। আমাৰ ইতিহাস, আমাৰ সংস্কৃতি, আমাৰ মূল্যবোধ আৰু আমাৰ পৰম্পৰাক ভাৰতীয়ত্বৰ দৃষ্টিভংগীৰে  চাবলৈ বাৰে বাৰে আমাক সোঁৱৰাই  থাকিব।

বন্দে মাতৰম !

ব্লগ -

https://amitshah.co.in/myview/blog/Vande-Mataram-%E2%80%93-The-First-Proclamation-of-Cultural-Nationalism-11-7-2025

 RK/RR/PR/PS/DM


(Release ID: 2187701) Visitor Counter : 4