প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুগলৰ চিইঅ' সুন্দৰ পিচাইৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
প্ৰধানমন্ত্ৰী মোদী আৰু সুন্দৰ পিচাইয়ে ভাৰতত ইলেক্ট্ৰনিক্স নিৰ্মাণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে
ইউপিআইৰ জৰিয়তে ভাৰতত বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰাৰ বাবে গুগলৰ পৰিকল্পনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে সুন্দৰ পিচাইয়ে
Posted On:
16 OCT 2023 10:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুগল আৰু এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সুন্দৰ পিচাইৰ সৈতে ভাৰ্চুৱেল মাধ্যমত বাৰ্তালাপ কৰে।
মত-বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰী আৰু শ্ৰী পিচাইয়ে ভাৰতত ইলেক্ট্ৰ'নিক্স নিৰ্মাণ ব্যৱস্থাৰ সম্প্ৰসাৰণত অংশগ্ৰহণ কৰাৰ বাবে গুগলৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতত ক্ৰ'মবুক নিৰ্মাণৰ বাবে গুগলৰ সৈতে এইচপিৰ অংশীদাৰিত্বৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে গুগলৰ ১০০টা ভাষাৰ প্ৰয়াসক প্ৰশংসা কৰে আৰু ভাৰতীয় ভাষাত কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলি উপলব্ধ কৰোৱাৰ প্ৰয়াসক উৎসাহিত কৰে। তেওঁ গুগলক ভাল প্ৰশাসনৰ বাবে এআই টুলছ নিৰ্মাণৰ বাবেও উৎসাহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে গুগলৰ গান্ধীনগৰৰ গুজৰাট ইণ্টাৰনেচনেল ফাইনেন্স টেক-চিটি (জিআইএফটি) ত ইয়াৰ গ্ল'ৱেল ফিনটেক অপাৰেচন চেণ্টাৰ মুকলি কৰাৰ পৰিকল্পনাক আদৰণি জনায়।
শ্ৰী পিচাইয়ে প্ৰধানমন্ত্ৰীক জিপে আৰু ইউপিআইৰ শক্তি আৰু প্ৰসাৰৰ জৰিয়তে ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিৰ উন্নতিৰ বাবে গুগলৰ পৰিকল্পনা সন্দৰ্ভত অৱগত কৰে। ভাৰতৰ বিকাশৰ পথত অৱদান আগবঢ়াবলৈ গুগলৰ প্ৰতিশ্ৰুতিৰ কথাও তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীত ভাৰতে আয়োজন কৰিবলগীয়া এআই সন্মিলনত অংশগ্ৰহণৰ বাবে গুগলক আমন্ত্ৰণ জনায়।
(Release ID: 2187300)
Visitor Counter : 5
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam