প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কিউএছ এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংখ্যা অভিলেখ মাত্ৰাত বৃদ্ধি পোৱাক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে
Posted On:
04 NOV 2025 9:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত কিউএছ এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংখ্যা অভিলেখ মাত্ৰাত বৃদ্ধি পোৱাক আদৰণি জনাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে আমাৰ যুৱক-যুৱতীসকলৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে কয় যে আমি সমগ্ৰ ভাৰততে অধিক শিক্ষানুষ্ঠানক সক্ষম কৰি তুলি এই খণ্ডত প্ৰতিষ্ঠানিক সামৰ্থ্য গঢ়ি তুলিছো।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"যোৱা দশকত কিউএছ এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংখ্যা অভিলেখ মাত্ৰাত বৃদ্ধি হোৱা দেখি আনন্দিত হৈছো। আমাৰ চৰকাৰে আমাৰ যুৱক-যুৱতীসকলৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । আমি সমগ্ৰ ভাৰততে অধিক শিক্ষানুষ্ঠানক সক্ষম কৰি তুলি এই খণ্ডত প্ৰতিষ্ঠানিক সামৰ্থ্যও গঢ়ি তুলিছো।"
যোৱা দশকত কিউএছ এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংখ্যা অভিলেখ মাত্ৰাত বৃদ্ধি হোৱা দেখি আনন্দিত হৈছো। আমাৰ চৰকাৰে আমাৰ যুৱক-যুৱতীসকলৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । আমি সমগ্ৰ ভাৰততে অধিক শিক্ষানুষ্ঠানক সক্ষম কৰি তুলি এই খণ্ডত প্ৰতিষ্ঠানিক...'
— নৰেন্দ্ৰ মোদী (@narendramodi) ৪ নৱেম্বৰ, ২০২৫
***
MJPS/VJ/DM
(Release ID: 2186616)
Visitor Counter : 2