যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
                
                
                
                
                
                    
                    
                        ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে বুজাবুজিৰ চুক্তি স্বাক্ষৰ  কৰিলে এমপ্ল'য়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনৰ সৈতে 
                    
                    
                        
                    
                
                
                    Posted On:
                03 NOV 2025 4:32PM by PIB Guwahati
                
                
                
                
                
                
                যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগৰ অধীনত ভাৰত চৰকাৰৰ ১০০% মালিকানাধীন  প্ৰতিষ্ঠান ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে কৰ্মচাৰী পেঞ্চন আঁচনি, ১৯৯৫ৰ অধীনত ভাৰতীয় পেঞ্চনাৰসকলৰ বাবে এমপ্ল'য়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন (ইপিএফঅ’), শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে (ইপিএছ’৯৫)।

এই বুজাবুজি চুক্তি  ইপিএফঅ’ৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত  আইপিপিবিৰ এমডি আৰু চিইঅ’ আৰ বিশ্বেশ্বৰন তথা ইপিএফঅ’ৰ কেন্দ্ৰীয় প্ৰভিডেণ্ট ফাণ্ড আয়ুক্ত (চিপিএফচি) শ্ৰী ৰমেশ কৃষ্ণমূৰ্তিৰ মাজত আদান প্ৰদান কৰা হয়  । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা  যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়া। শ্ৰীমতী বন্দনা গুৰানী, সচিব (শ্ৰম আৰু নিয়োগ), কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য (চিবিটি), এমঅ’এলইৰ জ্যেষ্ঠ বিষয়া, ইপিএফঅ’ আৰু আইপিপিবিৰ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলো এই অনুষ্ঠানত উপস্থিত থাকে ।
এই সহযোগিতাৰ অধীনত আইপিপিবিয়ে ড'ৰষ্টেপ বেংকিং সঁজুলিৰে সজ্জিত ১.৬৫ লাখৰো অধিক ডাকঘৰ আৰু ৩ লাখ+ ডাক সেৱা প্ৰদানকাৰী (ডাককৰ্মী আৰু গ্ৰামীন ডাক সেৱক )ৰ বহল নেটৱৰ্কৰ লাভ অৰ্জন কৰিব পাৰিব, মুখায়ৱ চিনাক্তকৰণ প্ৰযুক্তি আৰু ফিংগাৰপ্ৰিণ্ট বায়'মেট্ৰিক প্ৰমাণীকৰণৰ পৰা আৰম্ভ কৰি ইপিএফঅ' পেঞ্চনাৰসকলক তেওঁলোকৰ ঘৰৰ পৰাই সুবিধাজনকভাৱে ডিজিটেল জীৱন প্ৰমাণপত্ৰ জমা দিয়াত সহায় কৰিবলৈ, তেওঁলোকে বেংকৰ শাখা বা ইপিএফঅ'ৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব আৰু  পৰম্পৰাগত কাগজভিত্তিক প্ৰমাণপত্ৰ দাখিলৰ পদ্ধতিও বিলোপ কৰিব পৰা যাব । ইপিএফঅ'ই ডিজিটেল জীৱন প্ৰমাণপত্ৰ প্ৰদানৰ খৰচ সম্পূৰ্ণৰূপে বহন কৰিব, যাৰ ফলত তেওঁলোকৰ পেঞ্চনাৰসকলৰ বাবে এই সেৱা বিনামূলীয়া হ'ব।
 
এই সহযোগিতাৰ বিষয়ে  বৰ্ণনা কৰি আইপিপিবিৰ এমডি আৰু চিইঅ’ শ্ৰী আৰ বিশ্বেশ্বৰনে কয়- 
 
“ইপিএফঅ’ৰ সৈতে এই অংশীদাৰিত্বই ভাৰতৰ প্ৰতিটো সংশ্লিষ্ট ঘৰৰ  দুৱাৰমুখলৈ অত্যাৱশ্যকীয় আৰ্থিক আৰু নাগৰিক সেৱাসমূহ অনাৰ আইপিপিবিৰ অভিযানক শক্তিশালী কৰিব। আমাৰ প্ৰযুক্তি-সক্ষম ডাক নেটৱৰ্ক আৰু বিশ্বাসযোগ্য শেষ মাইললৈকে সেৱাৰ  প্ৰসাৰতাৰ ফলত ইপিএফঅ’ পেঞ্চনাৰসকলে—বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত—এতিয়া তেওঁলোকৰ জীৱন প্ৰমাণপত্ৰ দাখিল কৰাটো নিৰৱচ্ছিন্নভাৱে, মৰ্যাদা আৰু সুবিধাৰে সম্পূৰ্ণ কৰিব পাৰিব। এই পদক্ষেপৰ ভাৰত চৰকাৰৰ ‘ডিজিটেল ইণ্ডিয়া’ আৰু ‘ইজ অৱ লিভিং’ দৃষ্টিভংগীৰ সৈতে মিল আছে, জ্যেষ্ঠ নাগৰিক আৰু পেঞ্চনাৰসকলৰ বাবে সৰ্বাংগীন সেৱা প্ৰদান নিশ্চিত কৰিবলৈ প্ৰযুক্তি আৰু ডাক আন্তঃগাঁথনিৰ ব্যৱহাৰ কৰা হৈছে ।”
 
জীৱনৰ প্ৰমানপত্ৰ  জাৰি কৰাৰ বাবে  সময় হ্ৰাস কৰিবলৈ আধাৰ সক্ষম বায়’মেট্ৰিক প্ৰমাণীকৰণ ব্যৱহাৰ কৰি পেঞ্চনাৰসকলৰ বাবে জীৱনৰ প্ৰমানপত্ৰ  সৃষ্টিৰ বাবে ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে ২০২০ চনত ডিজিটেল লাইফ চাৰ্টিফিকেটৰ ড’ৰষ্টেপ চাৰ্ভিচ প্ৰৱৰ্তন কৰিছিল।
 
পেঞ্চনাৰস কলে তেওঁলোকৰ ওচৰৰ ডাকঘৰলৈ যাব পাৰিব , আধাৰ নম্বৰ আৰু পেঞ্চনৰ বিৱৰণ দি আৰু আধাৰে মুখ প্ৰমাণীকৰণ বা ফিংগাৰপ্ৰিণ্ট বায়'মেট্ৰিক প্ৰমাণীকৰণ লিংক কৰি  প্ৰমাণীকৰণ কৰক। প্ৰমাণ পত্ৰ প্ৰস্তুত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নিশ্চিতকৰণৰ তথ্য  এছএমএছ পেঞ্চনাৰগৰাকীয়ে তেওঁৰ মোবাইল নম্বৰত লাভ কৰিব আৰু পৰৱৰ্তী 
দিনটোতhttps://jeevanpramaan.gov.in/v1.0/ত অনলাইনযোগে প্ৰমাণ পত্ৰ চাব পাৰিব।
 
ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ বিষয়ে
যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগৰ অধীনত ভাৰত চৰকাৰৰ ১০০% ইকুইটিৰে ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (IPPB) স্থাপন কৰা হৈছে। ২০১৮ চনৰ ১ ছেপ্টেম্বৰত আৰম্ভ হোৱা আই পি পি বি ভাৰতৰ সাধাৰণ মানুহৰ বাবে আটাইতকৈ সুলভ আৰু বিশ্বাসযোগ্য বেংক গঢ়ি তোলাৰ দৃষ্টিভংগীৰে এই বেংকটো স্থাপন কৰা হৈছে। ইণ্ডিয়া ডাক পেমেণ্ট বেংকৰ মৌলিক দায়িত্ব হৈছে বেংক সেৱাৰ বাহিৰত থকা  আৰু বেংক সেৱা সঠিকভাবে লাভ নকৰাসকলৰ বাবে বাধাসমূহ আঁতৰাই ~১,৬৫,০০০ ডাকঘৰ (গ্ৰাম্য অঞ্চলত ~১৪০,০০০) আৰু ~৩,০০,০০০ ডাক কৰ্মচাৰীৰে গঠিত ডাক নেটৱৰ্কৰ সহায় লৈ সেৱাৰ  শেষ মাইলত উপনীত হোৱা।
আইপিপিবিৰ প্ৰসাৰ আৰু ইয়াৰ অপাৰেটিং মডেল ইণ্ডিয়া ষ্টেকৰ মূল স্তম্ভসমূহৰ ওপৰত নিৰ্মিত - চিবিএছ-সংহত স্মাৰ্টফোন আৰু বায়’মেট্ৰিক ডিভাইচৰ জৰিয়তে গ্ৰাহকৰ দুৱাৰমুখত সহজ আৰু সুৰক্ষিতভাৱে কাগজবিহীন , নগদ ধন বিহীন আৰু  সোঁশৰীৰে উপস্থিত নথকাকৈ বেংকিং   ব্যৱস্থাক সক্ষম কৰা। মিতব্যয়ী উদ্ভাৱনৰ সহায় লৈ আৰু জনসাধাৰণৰ বাবে বেংকিং সহজতাৰ বিষয়ত  অধিক গুৰুত্ব  আৰোপ কৰি আইপিপিবিয়ে ভাৰতৰ ৫.৫৭ লাখ গাঁও আৰু চহৰৰ ১১ কোটি গ্ৰাহকক ১৩টা ভাষাত উপলব্ধ  আন্তঃপৃষ্ঠৰ জৰিয়তে সহজ আৰু সুলভ বেংকিং সমাধান প্ৰদান কৰি আহিছে।
 
আইপিপিবিয়ে কম নগদ ধনেৰে পৰিচালিত  অৰ্থনীতিক গতি  প্ৰদান কৰাৰ লগতে ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীত অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ভাৰত তেতিয়া  সমৃদ্ধিশালী হ’ব যেতিয়া প্ৰতিজন নাগৰিকে আৰ্থিকভাৱে সুৰক্ষিত আৰু ক্ষমতাশালী হোৱাৰ সমান সুযোগ পাব। আমাৰ মূলমন্ত্ৰ  - প্ৰতিজন গ্ৰাহক গুৰুত্বপূৰ্ণ, প্ৰতিটো লেনদেন উল্লেখযোগ্য আৰু প্ৰতিটো জমা ধন মূল্যৱান।
 
আমাৰ সৈতে যোগাযোগ কৰক:
Email: marketing@ippbonline.in
Website: www.ippbonline.bank.in
Social Media Handles:
Twitter -https://twitter.com/IPPBOnline
Instagram -https://www.instagram.com/ippbonline
LinkedIn -https://www.linkedin.com/company/india-post-paymentsbank
Facebook -https://www.facebook.com/ippbonline
YouTube-https://www.youtube.com/@IndiaPostPaymentsBank
 
******
Samrat/Allen/DM
                
                
                
                
                
                (Release ID: 2186074)
                Visitor Counter : 8