প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
प्रविष्टि तिथि:
03 NOV 2025 10:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ অধীনত প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়;
‘তেলেংগানাৰ ৰংগাৰেড্ডী জিলাত সংঘটিত দুৰ্ঘটনাৰ ফলত একাংশ লোকে প্ৰাণ হেৰুওৱা ঘটনা অতি মৰ্মান্তিক।এই জটিল সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।আহতসকলৰ আশু আৰোগ্যৰ কামনা কৰিলোঁ।
পিএমএনআৰএফৰ অধীনত প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকাকৈ দিয়া হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2185784)
आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam