তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
হায়দৰাবাদত ৱেভছ এনিমেশ্বন বজাৰ আৰু ইণ্ডিয়াজয় ২০২৫ৰ অষ্টম সংস্কৰণ উদ্বোধন
হায়দৰাবাদে শীঘ্ৰেই পাব ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইচিটি): তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু
ভাৰতীয় চিনেমালৈ পাইৰেচিৰ ক্ৰমবৰ্ধমান ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অক্লান্তভাৱে কাম কৰি আছে: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু
प्रविष्टि तिथि:
01 NOV 2025 6:43PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে শনিবাৰে ঘোষণা কৰে যে হায়দৰাবাদে অতি সোনকালে গেমিং, এনিমেচন, আৰু ডিজিটেল মনোৰঞ্জন উদ্যোগৰ বৃদ্ধি আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ লাভ কৰিব।

এইচআইচিচি, হাইটেক্সত ৱেভছ এনিমেশ্বন বজাৰ আৰু ইণ্ডিয়াজয় ২০২৫ৰ অষ্টম সংস্কৰণত ভাষণ দি শ্ৰী সঞ্জয় জাজুৱে কয়, “দেশৰ ভিতৰতে এনেধৰণৰ প্ৰথম ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান সমগ্ৰ ভাৰততে স্থাপন হ’ব, আৰু ইয়াৰ এটা কেম্পাছ অতি সোনকালে হায়দৰাবাদলৈ আহিব।”

তেলেগু চলচ্চিত্ৰ উদ্যোগৰ অৱদান আৰু এভিজিচি খণ্ডক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত তেলেংগানা চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি শ্ৰী সঞ্জয় জাজুৱে কয় যে হায়দৰাবাদে ভাৰতৰ এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, এণ্ড কমিক্স (এভিজিচি) পৰিৱেশ তন্ত্ৰৰ কেন্দ্ৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰি ৰাখিছে, যাৰ ফলত দেশৰ সৃষ্টিশীল অৰ্থনীতিৰ বৃদ্ধিৰ সূচনা হৈছে। তেওঁ লগতে কয়, ‘ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ড দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, যিয়ে ৰাষ্ট্ৰৰ কোমল শক্তিৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ হিচাপে কাম কৰিছে'।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ধাৰণা কৰা ৱেভছ পদক্ষেপৰ বিষয়ে কোৱাৰ সময়ত শ্ৰী সঞ্জয় জাজুৱে কয় যে ই ভাৰতক সৃষ্টিশীলতা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ হিচাপে কল্পনা কৰে। তেওঁ কয়, ‘দক্ষিণ ভাৰত বিশেষকৈ হায়দৰাবাদে ভাৰতীয় চিনেমা আৰু সৃষ্টিশীল প্ৰযুক্তিক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশ্বমানৰ ষ্টুডিঅ’ আৰু উদ্ভাৱন আৰু কলাত্মক উৎকৰ্ষতাক উৎসাহিত কৰা নীতিগত কাঠামোৰ সহায়ত হায়দৰাবাদৰ পৰা বহু প্যান-ইণ্ডিয়া ছবি নিৰ্মাণ কৰা হৈছে।’ তেওঁ আৰু কয় যে আইপিএলে ভাৰতীয় ক্ৰিকেটক যেনেদৰে ৰূপান্তৰিত কৰিলে, ঠিক তেনেদৰেই ৱেভছ পদক্ষেপেও সৃষ্টিশীলতাক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰি আৰু সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এক বিশ্বব্যাপী মঞ্চ গঢ়ি তুলি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে।

সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত ষ্টাৰ্টআপ ইনকিউবেচন আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইচিটি) আৰু টি-হাবৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
ইণ্ডিয়া জয়ত অনুষ্ঠিত হোৱা এই এক্সপ’ত ৱেভেক্স পদক্ষেপৰ অধীনত ইনকিউবেট কৰা ষ্টাৰ্টআপসমূহ আৰু ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ ছিজন ১ৰ বিজয়ীসকলে সৃষ্টি কৰা আইপিসমূহো প্ৰদৰ্শন কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে ষ্টাৰ্টআপ আৰু যুৱ সৃষ্টিকৰ্তাসকলক এক মঞ্চ প্ৰদান কৰা আৰু বিশিষ্ট সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ অনুষ্ঠানসমূহত যুৱ সৃষ্টিকৰ্তাসকলৰ বজাৰত প্ৰৱেশ আৰু পৰিচয় নিশ্চিত কৰা।
এই অনুষ্ঠানৰ অংশ হিচাপে শ্ৰী সঞ্জয় জাজুৱে কন্টেন্ট সৃষ্টিকৰ্তাসকলক ক্ৰেতা আৰু অ’টিটি প্লেটফৰ্মৰ সৈতে সংযোগ কৰা এনিমেচন কন্টেন্টৰ বাবে ভৌতিক কন্টেন্ট মাৰ্কেটপ্লেছ ৱেভছ এনিমেশ্বন বজাৰ মুকলি কৰে। ৱেভছ বজাৰ মঞ্চৰ লক্ষ্য হৈছে সৃষ্টিকৰ্তাসকলক তেওঁলোকৰ কামক মুদ্ৰাকৰণ কৰিবলৈ সৱল কৰা আৰু উদ্যোগৰ বৃদ্ধি ত্বৰান্বিত কৰি, এই শিল্পকলাক বাণিজ্যলৈ ৰূপান্তৰিত কৰা।
পিছত শ্ৰী সঞ্জয় জাজুৱে তেলেগু আৰু মালয়ালম চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে আইএফএফআইৰ ঘূৰণীয়া মেজমেলৰ অধ্যক্ষতা কৰি জাপানক আইএফএফআই ২০২৫ৰ অংশীদাৰ দেশ হিচাপে ঘোষণা কৰে। তেওঁ কয় যে আগন্তুক ৱেভছ পদক্ষেপে সৃষ্টিশীলতা আৰু প্ৰযুক্তিৰ সংহতিৰে ভাৰতীয় চিনেমাক ৰূপান্তৰিত কৰিব। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ভাৰতীয় চিনেমাৰ বাবে পাইৰেচিৰ ক্ৰমবৰ্ধমান ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অক্লান্তভাৱে কাম কৰি আছে। ইয়াৰ উপৰিও মন্ত্ৰালয়ে বহুভাষিক চলচ্চিত্ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰাৰ বাবে এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰি প্ৰক্ৰিয়াটোক অধিক সুশৃংখলিত আৰু সৰল কৰি তুলিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত ৱেভছ এনিমেশ্বন বজাৰ আৰু ইণ্ডিয়াজয় ২০২৫ৰ আয়োজন কৰা হৈছে। দুদিনীয়া এই অনুষ্ঠানত ছবি, ই-স্প’ৰ্টছ, ভিএফএক্স, এনিমেচন, অ’টিটি, কমিকছ, আৰু অন্যান্য উদীয়মান ডিজিটেল মনোৰঞ্জন খণ্ডত ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি প্ৰদৰ্শন কৰা হৈছে।
অনুষ্ঠানত তেলেংগানাৰ তথ্য-প্ৰযুক্তি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত দুদ্দিল্লা শ্ৰীধৰ বাবু, তেলেংগানা চলচ্চিত্ৰ উন্নয়ন নিগমৰ প্ৰযোজক আৰু অধ্যক্ষ শ্ৰী দিল ৰাজু; শ্ৰী তেজা ছাজ্জা, অভিনেতা; আৰু টিভিএজিএ আৰু তেলেগু চলচ্চিত্ৰ উদ্যোগৰ কেইবাজনো বিশিষ্ট উদ্যোগৰ নেতা উপস্থিত থাকে।
******
/AA
(रिलीज़ आईडी: 2185357)
आगंतुक पटल : 21