প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লক্ষ্ণৌৱে ইউনেস্ক’ৰ ক্ৰিয়েটিভ চিটি অৱ গেষ্ট্ৰ’নমি হিচাপে চিহ্নিত হোৱাৰ বিষয়কলৈ সুখ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 NOV 2025 2:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্ণৌক ইউনেস্ক’ৰ ক্ৰিয়েটিভ চিটি অৱ গেষ্ট্ৰ’নমি হিচাপে চিহ্নিত কৰাত সুখ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে লক্ষ্ণৌ হৈছে এক সজীৱ সংস্কৃতিৰ সমাৰ্থক, যাৰ মূলতে আছে ইয়াৰ চহকী ৰন্ধন পৰম্পৰা। তেওঁ উল্লেখ কৰে যে ইউনেস্ক’ৰ স্বীকৃতিয়ে চহৰখনৰ এই স্বকীয় দিশটোক উজ্জ্বল কৰি তুলিছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলক লক্ষ্ণৌ ভ্ৰমণ কৰি ইয়াৰ স্বকীয়তা অনুভৱ কৰিবলৈ আহ্বান জনাইছে।
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে এই সন্দৰ্ভত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে এক্সত লিখিছে;
“লক্ষ্ণৌ হৈছে এক সজীৱ সংস্কৃতিৰ সমাৰ্থক, যাৰ মূলতে আছে এক মহান ৰন্ধন সংস্কৃতি।মই আনন্দিত যে ইউনেস্ক’ই লক্ষ্ণৌৰ এই দিশটোক স্বীকৃতি দিছে আৰু মই বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলক লক্ষ্ণৌ ভ্ৰমণ কৰি ইয়াৰ স্বকীয়তা আৱিষ্কাৰ কৰিবলৈ আহ্বান জনাইছো।”
***
MJPS/ST/DM
(ৰিলিজ আই ডি : 2185242)
অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam